প্ৰায় ৩৭ বছৰ ধৰি সাংসৰিক জীৱন অতিবাহিত কৰিছে গোবিন্দ আৰু সুনীতা আহুজাই৷ ৰূপালী পৰ্দালৈ অহাৰ পূৰ্বেই সুনীতাক বিবাহ কৰাইছিল গোবিন্দই যদিও বহু বছৰ পাছত সেই বিবাহৰ খবৰ প্ৰকাশিত হৈছিল৷ কিন্তু বিগত কেইবামাহ ধৰি শুনিবলৈ পোৱা গৈছে যে গোবিন্দ আৰু সুনীতা একেলগে নাই৷
শেহতীয়াকৈ ভাইৰেল হোৱা খবৰ অনুসৰি বিগত বৰ্ষত ২০২৪ চনৰ ৫ ডিচেম্বৰত সুনীতাই বান্দ্ৰা পাৰিবাৰিক আদালতত বিবাহবিচ্ছেদৰ আবেদন জনাইছিল৷ সেই সময়ত অভিনেতাক তলব কৰা হলেও তেওঁ উপস্থিত হোৱা নাছিল আদালতত৷ কেৱল সেয়াই নহয় গোবিন্দই আদালতৰ কাউন্সেলিং অধিবেশনতো উপস্থিত থকা নাছিল৷ ইয়াৰ পৰাই বুজা যায় যে তেওঁলোকৰ দাম্পত্য জীৱনত ফাঁট মেলিবলৈ আৰম্ভ কৰিছে৷
হাউটাৰ ফ্লাইৰ প্ৰতিবেদনৰ পৰা জনা গৈছে যে গোবিন্দৰ বিৰুদ্ধে সুনীতাই প্ৰতাৰণাৰ অভিযোগ আনিছিল৷ সুনীতাৰ অভিযোগ অনুসৰি বিবাহ বহিৰ্ভূত সম্পৰ্কত আৱদ্ধ গোবিন্দ, যাৰ ফলত স্বামীৰ সৈতে আৰু তেওঁ থাকিব নোখোজে৷ আদালতে তলব কৰিলেও গোবিন্দ উপস্থিত নাথাকিলেও প্ৰতিবাৰেই আদালতত উপস্থিত আছিল সুনীতা৷
সুনীতাই গোবিন্দৰ বিবাহৰ বহিৰ্ভূত সম্পৰ্কক লৈ ভীষণ চিন্তিত তাৰ আভাস পোৱা গৈছিল সুনীতাৰ ইউটিউব চেনেলৰ পৰা৷ ইউটিউব চেনেলৰ ভিডিঅ’ৰ পৰাই৷ ইউটিউব চেনেলত ভিডিঅ’ কৰি সুনীতাই কৈছিল, ‘মই ঈশ্বৰৰ ওচৰত বাৰে বাৰে প্ৰাৰ্থনা কৰিছো যাতে আমাৰ বিবাহ বিচ্ছেদ নহয়৷ আমি ভালকৈ জীৱন যাপন কৰিব পাৰো৷ মই মাক সম্পূৰ্ণৰূপে বিশ্বাস কৰো আৰু মই জানো যে আমাৰ সংসাৰ যিয়ে ভাঙিব মা কালীয়ে তেওঁৰ ডিঙি কাটি দিব৷’
কান্দি কান্দি সুনীতাই কয়, ‘যিয়ে আমাৰ ঘৰ ভঙাৰ চেষ্টা কৰিব যিয়ে মোৰ মনক আঘাত কৰাৰ চেষ্টা কৰিব তেওঁৰ কাহানিও ভাল নহয়৷ এজন ভাল মানুহক এইধৰণে আঘাত কৰা উচিত নহয়৷ মই এতিয়া আৰু কাকোৱে বিশ্বাস নকৰো৷’ গোবিন্দৰ সৈতে বিবাহবিচ্ছেদৰ কথা প্ৰকাশ নকৰিলেও সুনীতাই বাৰে বাৰে কৈছিল যে তেওঁ কেইবামাহ ধৰি সন্তানক লৈ পৃথকে আছে৷ চলিত বছৰ জন্মদিনো সম্পূৰ্ণভাৱে অকলেই থাকি নিজক সময় দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















