অসম লাইভ২৪ঃ বক্স অফিচত সফল ‘গদৰ-২’। সাফল্যৰ মাজতেই মূৰত যেন সৰগ ভাঙি পৰিছে অভিনেতা ছানি দেওলৰ। অভিনেতা ছানিৰ জুহুত থকা বাংলো ‘ছানি ভিলা’ নিলামত উঠিছে। ৫৫ কোটি টকা ঋণ পৰিশোধ কৰিব পৰা নাই বলীউড অভিনেতাজনে। যাৰবাবে তেওঁৰ বাসগৃহও নিলামত দিব লগা হৈছে। ঋণৰ টকা উলিয়াবলৈকে বেংকে ৫৬ কোটি টকাত ‘ছানি ভিলা’ নিলামত দিয়াৰ বাবে নোটিছ জাৰি কৰাক লৈ অৱশেষত মুখ খুলিছে অভিনেতা ছানি দেওলে। অৱশ্যে বেংকেও এই সংশ্লিষ্ট নটিছ প্ৰত্যাহাৰো কৰিছে। ছানি ভিলা নিলামৰ নটিছ প্ৰত্যাহাৰৰ বিবৃতিও দিছে বেংকৰ তৰফৰ পৰা।
এইসমূহৰ মাজতেই ভাইৰেল হৈছিল আন এক কথাও। অভিনেতা অক্ষয় কুমাৰে ছানি দেওলক সহায় কৰাৰ মানসেৰে আৰ্থিক সাহায্য দিবলৈ আগবাঢ়িও আহিছিল। এই বিষয়সমূহক লৈ অৱশেষত মুখ খুলিছে অভিনেতা ছানী দেওলে। ছানী দেওলে এই সন্দৰ্ভত কয়, ‘মই এতিয়াই এই সন্দৰ্ভত একো ক’ব নোখোজো। এই বিষয়টো মোৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়।’ উল্লেখ্য যে বিগত কিছু বছৰ পূৰ্বে ছানী দেওলে তেওঁৰ এই বিশেষ বাংলোটো বন্ধকত থৈ কিছু ধন ধাৰে লৈছিল। প্ৰায় ৫৫ কোটি টকা ধাৰ লৈছিল সংশ্লিষ্ট বেংকৰ পৰা। সময় বাগৰিল কিন্তু তেওঁ সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে। সেয়ে বেংকে তেওঁৰ সেই বাংলোটো নিলামত দি দিয়াৰ বাবে নটিছ জাৰি কৰিছিল। এই খবৰ প্ৰকাশ হোৱাৰ পাছতেই ছানীৰ মেনেজাৰে দাবী কৰিছিল যে তেওঁলোকে বেংকৰ সৈতে এই সমস্যা সন্দৰ্ভত আলোচনা কৰিছে। শেহতীয়া খবৰ অনুসৰি বেংকে এই নটিছ উঠাই ল’লেও ছানী আৰু মাত্ৰ এমাহ সময়হে প্ৰদান কৰিছে। এই এমাহৰ ভিতৰত তেওঁ সেই ধন পৰিশোধ নকৰিলে বাসগৃহটো পুনৰ নিলামত দিয়া হ’ব পাৰে বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ