অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ অনুসৰি কোনো গ্ৰহে যেতিয়া বিচৰণ কৰে তেতিয়া বক্ৰী, মাৰ্গী, যৌৱন ইত্যাদি বিভিন্ন দশাত প্ৰভাৱ পৰে। ইয়াৰোপৰি জ্যোতিষ শাস্ত্ৰত উল্লেখ থকা অনুসৰি কোনো গ্ৰহ জাগ্ৰত অৱস্থাত পৰিভ্ৰমণ কৰিলে ইয়াৰ সমস্ত প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে। শাস্ত্ৰত নিষ্ঠুৰ পাপী গ্ৰহ হিচাপে পৰিচিত গ্ৰহই হৈছে শনি। শনি ১৫ আগষ্টৰ পৰা জাগ্ৰত অৱস্থাত আছে। জ্যোতিষ শাস্ত্ৰই কোৱা অনুসৰি কোনো গ্ৰহ ১ ৰ পৰা ১০ ডিগ্ৰীত থাকিলে বা কোনো বিষম ৰাশিত উপস্থিত হ’লে সেই অৱস্থাত শনিয়ে কেইবাটাও ৰাশিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। শনিৰ প্ৰভাৱতেই ৪ ৰাশিৰ জাতকে আকস্মিক ধন লাভ কৰিব। ভাগ্যোদয় হ’ব ৪ৰাশিৰ। কোন কোন ৰাশিৰ বাবে শুভ যোগ তৈয়াৰ হ’ব?
মেষ ৰাশি
শনি জাগ্ৰত অৱস্থাত থকাটোৱে মেষ ৰাশিৰ জাতকৰ ওপৰত শুভ প্ৰভাৱ বিস্তাৰ কৰিব। শনিয়ে মেষ ৰাশিত বিৰাজ কৰাৰ সময়তে এই ৰাশিৰ জাতকৰ সমস্ত মনোকামনা পূৰ্ণ হ’ব। পদোন্নতিৰ সম্ভাৱনা। ইয়াৰোপৰি পছন্দৰ স্থানলৈ ট্ৰেন্সফাৰ হ’ব পাৰে। কাৰ্যসিদ্ধিৰ সম্ভাৱনা আছে। পুৰণা লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব। বেকাৰ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিব পাৰে।
বৃষ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি শনিৰ ভ্ৰমণ বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। এই ৰাশিৰ অধিপতিৰ শুক্ৰৰ ওপৰিও শনিৰ সৈতেও বন্ধুত্ব আছে। ইয়াৰোপৰি শনিয়ে এই ৰাশিৰ জাতকৰ বাবে ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিছে। এই সময়ত এই ৰাশিৰ জাতকৰ সকলো কাৰ্যসিদ্ধি হ’ব। শনিৰ কৃপাতেই আকস্মিক ধন লাভ কৰিব এই ৰাশিৰ জাতকে। ৰৈ যোৱা কোনো কামো সম্পন্ন হ’ব। চাকৰিয়ালসকলৰ বাবেও এই সময় শুভ। এই সময়তেই কোনো সুখবৰ লাভ কৰিব এই ৰাশিৰ জাতকে।
মিথুন ৰাশি
শনি জাগ্ৰত অৱস্থাত থকাটোৱে এই ৰাশিৰ জাতকক উপকৃত কৰিব। আপোনাৰ ভাগ্যৰ স্থানতেই শনিয়ে বিচৰণ কৰিব। মিথুন ৰাশিৰ জাতকৰ ভাগ্য এই সময়ত উজলি উঠিব। ইচ্ছাপুৰণৰ সম্ভাৱনা আছে। কোনো যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে। মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে বিদেশত গৈ পঢ়াশুনা কৰাৰ সুযোগো লাভ কৰিব পাৰে।
তুলা ৰাশি
তুলা ৰাশিৰ বাবেও এই সময় অতি শুভ। কাৰণ এই ৰাশিতো শনিয়ে ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিছে। শনিৰ কৃপাতেই সা সম্পত্তি আৰু গাড়ী ক্ৰয়ৰো যোগ। আকস্মিক ধন লাভৰ যোগ। চিকিৎসা বিজ্ঞান, গৱেষণা বা অন্য বৈজ্ঞানিক ক্ষেত্ৰত জড়িত থকাসকলেও ভাল খবৰ লাভ কৰিব। এই ৰাশিৰ জাতকৰ মান-সন্মান বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ