• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘পিটাৰক বিয়া কৰাই জীৱনত ডাঙৰ ভুল হ’ল!’ কাৰাগাৰৰ পৰা ওলাই কেনে আছে ইন্দ্ৰানী মুখাৰ্জী?

‘পিটাৰক বিয়া কৰাই জীৱনত ডাঙৰ ভুল হ’ল!’ কাৰাগাৰৰ পৰা ওলাই কেনে আছে ইন্দ্ৰানী মুখাৰ্জী?

3 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

9 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

10 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

11 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

11 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

12 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

12 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

12 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

13 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

14 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

15 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

15 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘পিটাৰক বিয়া কৰাই জীৱনত ডাঙৰ ভুল হ’ল!’ কাৰাগাৰৰ পৰা ওলাই কেনে আছে ইন্দ্ৰানী মুখাৰ্জী?

editor by editor
August 22, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
‘পিটাৰক বিয়া কৰাই জীৱনত ডাঙৰ ভুল হ’ল!’ কাৰাগাৰৰ পৰা ওলাই কেনে আছে ইন্দ্ৰানী মুখাৰ্জী?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০১৫ চনৰ আগষ্ট মাহতেই আৰম্ভ হৈছিল এই কাহিনী৷ ঘটনাৰ প্ৰায় ৮ বছৰ সম্পূৰ্ণ হৈছে৷ সেই সময়ত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল বিশেষ ঘটনাটোৱে৷ এগৰাকী মাতৃক সেইদিনা সমগ্ৰ দেশৰ জনতাই ঘৃণা কৰিছিল৷ তেওঁ আন কোনো নহয় তেওঁ হৈছে ইন্দ্ৰানী মুখাৰ্জী৷ কন্যাক হত্যা কৰাৰ অপৰাধত অপৰাধী চিনাক্ত হোৱা ইন্দ্ৰানীয়ে প্ৰায় ৮ বছৰৰ পাছত এই সমগ্ৰ ঘটনাক লৈ মুখ খুলিছে৷ এতিয়াও শ্বীনা বৰাৰ হত্যাকাণ্ডক লৈ অব্যাহত আছে তদন্ত৷ আজিও বহুতেই জানিবলৈ আগ্ৰহী কিয় এগৰাকী মাতৃয়েই নিজ কন্যাক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে? সমগ্ৰ ঘটনাটোক লৈ শেহতীয়াকৈ ইন্দ্ৰানী মুখাৰ্জীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰদান কৰিছে কেইটামান বিশেষ মন্তব্য৷

ইন্দ্ৰানী মুখাৰ্জী কেনে আছে?
কন্যা শ্বীনা বৰাৰ হত্যাৰ কথা মনলৈ আহিলেই প্ৰথমেই চকুত ভাঁহি আহে মাতৃ ইন্দ্ৰানীৰ মুখ৷ ইন্দ্ৰানীয়ে এই অপৰাধৰ গোচৰত ৬ বছৰৰো অধিক সময় কাৰাবাসো খাটি আহিছে৷ আড়ম্বৰপূৰ্ণ জীৱনৰ পৰা কাৰাগাৰৰ অন্ধকাৰ কোঠৰিত কেনেকৈ পাৰ কৰিছিল সময় এই সমূহ কথাই ইন্দ্ৰানীয়ে প্ৰকাশ কৰিছে৷ ২০১৫ চনত সংঘটিত এই ঘটনাৰ পাছতেই ইন্দ্ৰানী বিচ্ছিন্ন হৈ পৰিছিল পৰিয়ালৰ পৰা৷ পৰিয়াল, বন্ধুবৰ্গ, কামকাজ সকলোৰে পৰা আঁতৰি কাৰাগাৰত থকাৰ পাছতেই নিজৰ মতে জীৱনটোক আকৌ সজাবলৈ গৈ অনুশোচনাৰ ভূগিছে ইন্দ্ৰানী৷ স্বামী হিচাপে পিটাৰ মুখাৰ্জীক গ্ৰহণ কৰাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলিও শেহতীয়া সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছে ইন্দ্ৰানীয়ে৷

 

৮ বছৰ পূৰ্বে দেশৰ জনতাৰ দৃষ্টিত মষ্ট ৱানটেড নাৰী হিচাপে পৰিচিত হৈ পৰিছিল ইন্দ্ৰানী৷ ৮বছৰ পূৰ্বে পিটাৰ মুখাৰ্জীৰ দক্ষিণ মুম্বাইৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল ইন্দ্ৰানী মুখাৰ্জী৷ গুৱাহাটীৰ পৰী বৰাই তেতিয়াৰে পৰা দেশৰ পৰিচিত মষ্ট ৱানটেড মহিলা ইন্দ্ৰানী৷ পৃথিৱীৰ সকলোতকৈ প্ৰভাৱশালী নাৰীৰ তালিকাতো পৰীৰ পৰা ইন্দ্ৰানী হৈ উঠা এইগৰাকী মহিলা৷ কাৰাগাৰত থকা সময়তো তেওঁৰ চৰ্চা কমি যোৱা নাছিল৷ চৰ্চা হৈছিল ইন্দ্ৰানীৰ বিপক্ষেই৷ এইবাৰ ইন্দ্ৰানীয়ে নিজেই নিজৰ বিৰুদ্ধে কথা কৈ চৰ্চাত আহিছে৷ তেওঁ কোনো সংবাদমাধ্যমতেই সাক্ষাৎকাৰ দিবলৈ আগ্ৰহী নহয় বুলি কাৰাগাৰৰ পৰা ওলোৱাৰ পাছতো বহুদিন আঁতৰি আছিল৷ কিন্তু এইবাৰ নিজেই সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিছে ইন্দ্ৰানীয়ে৷ শেহতীয়াতকৈ তেওঁ নিজৰ জীৱনী লিখিছে৷ সেই বিশেষ জীৱনীখন প্ৰকাশো হৈছে৷

আত্মজীৱনী লিখিছে ইন্দ্ৰানী মুখাৰ্জীয়ে

মুম্বাইৰ নিজা বাসভৱনত বহি ইন্দ্ৰানীয়ে লিখি উলিয়াইছে, ‘আনব্ৰকেনঃদ্যা আনটোল্ড ষ্টৰী’৷ এই গ্ৰন্থখনতেই তেওঁ কন্যা শ্বীনা, পিটাৰ আৰু সংসাৰৰ সৰু সুৰা সকলোবোৰ কথাই উল্লেখ কৰিছে৷ উল্লেখ কৰা প্ৰয়োজন যে ইন্দ্ৰানী এগৰাকী উচ্চ শিক্ষিতাও৷ তেওঁৰ অসমীয়াৰ ওপৰিও, বাংলা, ইংৰাজী, হিন্দী, আৰু স্পেনিছ ভাষাৰো যথেষ্ট জ্ঞান আছে৷ কাৰাগাৰত থকাৰ সময়তেই তেওঁ এই আত্মজীৱনী লিখিবলৈ আৰম্ভ কৰিছিল৷ তেওঁৰ গ্ৰন্থখন সন্দৰ্ভত কয়, ‘আগতে মই লেখামেলা কৰা নাছিলো৷ কিন্তু কাৰাগাৰত সময় পাৰ নহৈছিল৷ সেয়ে ডায়েৰী লিখিবলৈ আৰম্ভ কৰিলো৷ লেখাৰ অভ্যাস এটা থেৰাপীৰ দৰে৷ কাৰাগাৰত অন্য ব্যস্ততা নাথাকে৷ পুৰণি কথাবোৰ খুবেই মনলৈ আহি আছিল৷ সেই সমূহ লিখিবলৈ ল’লো৷ কিবা অলপ লিখাৰ পাছত নিজৰেই ভাল লাগে৷ লিখাৰ ইচ্ছা তেনেকৈয়ে বাঢ়ি থাকিল৷ কেৱল স্মৃতিত ভাঁহি থাকিয়েই মোৰ ভাল লাগিবলৈ ধৰিলে৷ জীৱনত অনেক ভুল কৰিছো সেই কথাবোৰো মনলৈ আহি থাকে৷ ভাল কামো নকৰা নহয়৷ কিন্তু মোৰ ভুলৰ পৰিমান জীৱনত বেছি৷ মানুহ মাত্ৰেই ভুল হয়েই৷’

২০১৫ত ঘটনাটো পোহৰলৈ অহাৰ সময়ত তেওঁক মানুহ বুলি ক’বলৈকো সমাজৰ একাংশই বিচৰা নাছিল৷ আকৌ শূন্যৰ পৰা নিজৰ পৰিচয় গঢ়িবলৈ আৰম্ভ কৰিছে ইন্দ্ৰানীয়ে৷ তেওঁ বিশ্বাস কৰে, তেওঁৰ কন্যা শ্বীনা বৰা এতিয়াও জীয়াই আছে৷ এই কথাক তেওঁ দাবী দিও কয় যে তেওঁৰ চিন্তা অমূলক নহয়৷ প্ৰমাণো পাইছে তেওঁৰ পৰিচিত বহুলোকে৷ আদালততো এই বিষয়টোক লৈ একাংশই সাক্ষী দিছে৷

জীৱনত এইটোৱেই ডাঙৰ ভুল, কি ভুলৰ কথা ক’লে ইন্দ্ৰানীয়ে?
ইন্দ্ৰানীয়ে ভুলৰ প্ৰসংগ ওলিয়াওতে কয় যে, ‘পিটাৰক বিয়া পতাই জীৱনত ডাঙৰ ভুল হ’ল৷ মই মানুহ চিনি নাপালো৷’ ইন্দ্ৰানী গুৱাহাটীৰ জীয়াৰী৷ প্ৰথমে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল কলকাতাৰ ব্যৱসায়ী সঞ্জীৱ খান্নাৰ সৈতে৷ কিন্তু এই বিবাহ বেছি দিন টিকি নাথাকিল৷ মুম্বাইৰ পিটাৰ মুখাৰ্জীৰ সৈতে কথা পাতি সলনি হয় ইন্দ্ৰানীৰ জীৱন৷ তাৰপিছতেই ইন্দ্ৰানীয়ে সঞ্জীৱ খান্নাক এৰি পিটাৰৰ সৈতে সংসাৰ আৰম্ভ কৰে৷ তাৰপিছতেই পিটাৰ-ইন্দ্ৰানী দেশৰ মিডিয়া জগতত অতি পৰিচিত নাম হৈ পৰিল৷ কেনেকৈ ইন্দ্ৰানীয়ে পিটাৰক লগ পালে, কেনেকৈ দুয়োৰে মাজত প্ৰেম হয় সেই কথাও ইন্দ্ৰানীয়ে নিজেই প্ৰকাশ কৰিছে৷

ইন্দ্ৰানীয়ে পিটাৰ সন্দৰ্ভত কয়, ‘ভালপাইছিলো পিটাৰক৷ মস্তিষ্কতকৈ হৃদয়ৰ কথাবোৰ শুনিছিলো৷ মোৰ মস্তিষ্কতকৈ হৃদয়ক বেছি গুৰুত্ব দিয়াৰ বদভ্যাস বহুদিনীয়া৷ পিটাৰক আঁকোৱালী লোৱাটোৱেই মোৰ ডাঙৰ ভুল হ’ল৷ এনে ক্ষোভ, দুখ সামৰি জীৱনটো কেনেকৈ চলাই ৰাখো?’ ২০১৫ চনৰ আগত ইন্দ্ৰানী এনে বিধ্বস্তপ্ৰায় অৱস্থাত নাছিল৷ সেই ইন্দ্ৰানী আছিল চৌখিন ইন্দ্ৰানী৷ পাৰ্টী কৰি ভালপোৱা, ফুৰি ভালপোৱা ইন্দ্ৰানী৷ নিজৰ এইসমূহ চখৰ কথা তেওঁ নিজা গ্ৰন্থখনত উল্লেখ কৰিছে৷ ২০ বছৰ আগতে তেওঁ কোন নৈশভোজত কেনে পোছাক পিন্ধি গৈছিল, নিজকে কেনেকৈ সুন্দৰ কৰি ৰাখিছিল এই সকলোবোৰ কথা উল্লেখ কৰিছে৷

চৌখিন ইন্দ্ৰানী এতিয়া কেনে অৱস্থাত আছে?

কাৰাগাৰৰ পৰা ওলাই আহি ইন্দ্ৰানীয়ে নিজকে আকৌ সজাই পৰাই পুৰণি চৌখিন ইন্দ্ৰানী হিচাপে পৰিচয় দিয়াৰ চেষ্টা কৰিও বাৰে বাৰে বিফল হৈছে৷ সকলো হেৰুৱালেও ইন্দ্ৰানী কিন্তু জীৱন যুদ্ধত হাৰি যাব খোজা নাই৷ তেওঁ জীৱনক ভালপোৱাৰ কথা উল্লেখ কৰি কয়, ‘সকলোৱে বিচৰামতেই সকলোবোৰ নাপায়৷ কাৰোবাৰ হাতত যদি পৰিয়াল থাকে৷ কাৰোবাৰ হাতত থাকে কেৰিয়াৰ, কাৰোবাৰ হাতত আকৌ একোৱেই নাথাকে৷ পৰিয়াল বুলি মোৰ এতিয়া কোনো নাই৷ কেইবা বছৰ পূৰ্বে পিটাৰৰ সৈতেও বিবাহ বিচ্ছেদ হৈছে৷ পুত্ৰ মিখেলেও তেওঁৰ নামত নানান অভিযোগ আনিছে৷ কন্যা শ্বীনাও হেৰাই গ’ল৷ কেৱল নিজৰ বুলিবলৈ আছে এগৰাকী কন্যাহে৷ কন্যা ভিধি আছে যদিও মাতৃৰ পৰা দূৰত্ব বজাই ৰাখিছে ভিধিয়ে৷ মান-অভিমান আত্মীয়ৰ সৈতেই বেছি হয়৷ কাষত নিজৰ বুলি কোনো নাই৷ জীৱনটো ন’কৈ সজাম কাক লৈ? তথাপিও মোৰ কন্যা ভীধিৰ নামটো লওঁতেও মোৰ ভিতৰৰ পৰা মাতৃত্বৰ মমতা জাগি উঠে৷ তাইয়ো মোৰ বিৰুদ্ধেই কথাবোৰ কয়৷ পিটাৰে তাইক মোৰ বিৰুদ্ধে মনত বেয়া ভাৱ সোমোৱাই দিছে৷ এতিয়া মোৰ পৰিয়াল বুলিবলৈ কেৱল ভিধি আছে৷’

‘প্ৰথম স্বামীৰ পৰিয়ালৰ পৰাই সঁচা ভালপোৱা পাইছিলো’

পৰিয়ালৰ কথা কওঁতে ইন্দ্ৰানীয়ে কয়, ‘পৰিয়াল বুলিবলৈ মোৰ কাষত এটাই সঁচা পৰিয়াল আছিল৷ সেয়া আছিল মোৰ পূৰ্বৰ স্বামী সঞ্জীৱৰ পৰিয়াল৷ তেঁওলোকৰ সৈতে সম্পৰ্ক নিস্বাৰ্থ আছিল৷ সেই নিস্বাৰ্থ ভালপোৱা মই অইন ক’তো নাপালো৷ যিয়েই নহওক মই হাৰি যাব নোখোজো৷ নতুনকৈ কিছু পৰিকল্পনা হাতত লৈছো৷ সমাজসেৱাতেই মই জীৱনৰ বাকীছোৱা কাল খৰচ কৰিব খোজো’

কেৱল কামেই কৰিব খোজে ইন্দ্ৰানীয়ে তেনে নহয়৷ সামগ্ৰীকভাৱে সুন্দৰ জীৱন কটাব খোজে ইন্দ্ৰানীয়ে৷ তেওঁ বৰ্তমান যোগাসন, নাচ, পূজা অৰ্চনা আদি কৰিয়েই সময় কটায়৷ পৰিপূৰ্ণ জীৱনৰ প্ৰতি তেওঁৰ দুৰ্বলতা আজিও আছে বুলি সাক্ষাৎকাৰত নিজেই উল্লেখ কৰিছে ইন্দ্ৰানীয়ে৷ সম্প্ৰতি তেওঁ সামাজিক মাধ্যমত একাউণ্টো খুলিছে৷ সামাজিক মাধ্যমত প্ৰতি সময়তে এক্টিভ নহলেও তেওঁ মাজে মাজে এটা দুটা পোষ্ট শ্বেয়াৰ কৰি থাকে৷ পোষ্টৰ সংখ্যাতকৈ তেওঁৰ অনুৰাগীৰ সংখ্যা লক্ষ্যাধিক৷ ইয়াৰ পৰাই প্ৰমাণ হয় যে, ইন্দ্ৰানীক এতিয়াও নজৰ ৰাখিছে লাখ লাখ লোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ…

জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ...

ৰাখীৰ অভিযোগ গৰ্ভস্থ সন্তানক আদিলেই নষ্ট কৰিছিল, আদিলে কাৰাগাৰৰ পৰা মুকলি হৈ ক’লে ৰাখীৰ জৰায়ুৱেই নাই, কেনেকৈ ৰাখী গৰ্ভৱতী হ’ব? বলীউডত এতিয়া কেৱল ড্ৰামাকুইনৰ চৰ্চা

ৰাখীৰ অভিযোগ গৰ্ভস্থ সন্তানক আদিলেই নষ্ট কৰিছিল, আদিলে কাৰাগাৰৰ পৰা মুকলি হৈ ক’লে ৰাখীৰ জৰায়ুৱেই নাই, কেনেকৈ ৰাখী গৰ্ভৱতী হ’ব? বলীউডত এতিয়া কেৱল ড্ৰামাকুইনৰ চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.