• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ…

জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ…

3 years ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

43 minutes ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

2 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

3 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

3 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

4 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

5 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

6 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

7 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

9 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

9 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ…

editor by editor
August 22, 2023
in প্ৰযুক্তি, বিজ্ঞান, ভাৰত
0
জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ…
0
SHARES
686
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অপেক্ষাৰ অৱসান ঘটিবলৈ আৰু বেছি সময় নাই৷ বুধবাৰে চন্দ্ৰপৃষ্ঠত নামিব ইছৰোই পঠিওৱা চন্দ্ৰযান-৩য়ে৷ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত চলাব অভিযান৷ ইছৰোৱে ঘোষণা কৰা অনুসৰি বুধবাৰে সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰৰ পৃষ্ঠত নামিব বিক্ৰম৷ মঙলবাৰে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ইছৰোই৷ টুইটত ইছৰোৰ তৰফৰ পৰা লিখা হৈছে, ‘সকলোবোৰ পৰিকল্পনা মতেই আগবাঢ়িছে৷ বিক্ৰমৰ গতি বিধিক প্ৰতি সময়তে নজৰ দি থকা হৈছে৷ সঠিক সময়তেই বিক্ৰমে লেণ্ডিং কৰিব বুলি আমি আশাবাদী৷ লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠৰ পৰা ২৫ কিঃমিঃ দূৰত্বত থাকোতেই মূল যানখনৰ পৰা বিচ্ছিন্ন হৈছে৷ বুধবাৰে ধাপে ধাপে লেণ্ডাৰৰ উচ্চতা কমাই অনা হ’ব৷ উচ্চতাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি বিক্ৰমৰ গতি কমি আহিব৷ বৰ্তমান অৱস্থানৰ পৰা চন্দ্ৰৰ পৃষ্ঠত নমালৈকে বিক্ৰমক সময় লাগিব ১৫ মিনিট সময়৷

প্ৰথম ধাপত বিক্ৰমক ৭.৮ কিঃমিঃ উচ্চতাত নমাই অনা হ’ব৷ সেই সময়ত লেণ্ডাৰৰ গতি থাকিব ছেকেণ্ডত ৩৫৮ মিটাৰ৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ বিক্ৰমক সময় লাগিব ১১ মিনিট৷ তাৰপাছতেই দ্বিতীয় ধাপ৷ এই ধাপত চন্দ্ৰৰ পৰা দূৰত্ব ৬.৮ কিঃমিঃ৷ এই ধাপত বিক্ৰমৰ গতি আৰু কমাই দিয়া হ’ব৷ তেতিয়া যানখনৰ গতি থাকিব ৩৩৬ মিটাৰ৷ ইয়াৰ পাছতেই চন্দ্ৰৰ পৰা বিক্ৰমৰ উচ্চতা কমি হ’বগৈ ৮০০ মিটাৰ৷ তেতিয়াই গতি আৰু কিছু কমাই দিয়া হ’ব৷ এই পৰ্যায়ত লেজাৰ ৰশ্মিৰ ব্যৱহাৰ কৰিব লেণ্ডাৰখনে৷
চন্দ্ৰৰ মাটিত লেজাৰ ৰশ্মি পেলাই চেঞ্চৰৰ মাধ্যমেৰে অৱতৰণৰ বাবে উপযুক্ত মাটি বিচাৰিব বিক্ৰমে৷ তাৰ পাছতেই লাহে লাহে চন্দ্ৰৰ পৃষ্ঠলৈ নামি আহিব লেণ্ডাৰ বিক্ৰম৷
৮০০ৰ পৰা ১৫০ মিটাৰ উচ্চতালৈ নমাৰ পথত বিক্ৰমৰ গতি থাকিব প্ৰতি ছেকেণ্ডত ৬০ মিটাৰ৷ তাৰপাছতেই ১৫০ ৰ পৰা ৬০ মিটাৰ নমাৰ সময়ত এই গতি হ’ব ৪০ মিটাৰ প্ৰতি ছেকেণ্ড৷

৬০ ৰ পৰা ১০ মিটাৰ নামোতে বিক্ৰমৰ গতি থাকিব ১০ মিটাৰ প্ৰতি ছেকেণ্ড৷ ইয়াৰ পাছতেই চন্দ্ৰৰ মাটিত ছফ্ট লেণ্ডিং কৰিব লেণ্ডাৰ বিক্ৰমে৷ বিক্ৰমে লেণ্ডিং কৰাৰ সময়ত তাৰ গতিবেগ হ’ব ছেকেণ্ডত ১.৬৮ মিটাৰ৷ অৱতৰণৰ শেষ পৰ্যায়টোৱেই সকলোতকৈ কঠিন বুলি জনাইছে চন্দ্ৰযান-৩ জন্মদাতাই৷ ৪ বছৰ পূৰ্বে ঠিক এই সময়তেই বিজ্ঞানীৰ আশা ভংগ হৈছিল৷ ব্যৰ্থ হৈছিল চন্দ্ৰযান-২৷ অৱশ্যে এইবাৰ সকলো দিশ চালি জাৰি চাই প্ৰস্তুতি হাতত লৈছে ইছৰোৰ দলটোৱে৷ বিশেষ চেঞ্চৰ লগাই থোৱা আছে বিক্ৰমত৷ আছে পূৰ্বতকৈ বেছি কেমেৰাও৷ ইছৰোৰ দাবী, চেঞ্চৰসমূহে কাম কৰা বন্ধ কৰিলেও বিক্ৰম চন্দ্ৰপৃষ্ঠত নামিবই৷ বিক্ৰম নামিলেই লগে লগে চন্দ্ৰপৃষ্ঠলৈ ওলাই আহিব প্ৰজ্ঞান৷ প্ৰজ্ঞানেই জোনবাইৰ দেশৰ সাধুকথাবোৰ বাস্তৱত প্ৰকৃততে কি সকলো খবৰ পঠিয়াব আমাৰ বাবে৷ অপেক্ষাৰ ক্ষণ টুটি আছে ক্ষণে ক্ষণে, জন্মদাতা দলটোৰ মাজতো এতিয়া উৎকণ্ঠা বহু পৰিমানে বৃদ্ধি পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰযুক্তি

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
ৰাখীৰ অভিযোগ গৰ্ভস্থ সন্তানক আদিলেই নষ্ট কৰিছিল, আদিলে কাৰাগাৰৰ পৰা মুকলি হৈ ক’লে ৰাখীৰ জৰায়ুৱেই নাই, কেনেকৈ ৰাখী গৰ্ভৱতী হ’ব? বলীউডত এতিয়া কেৱল ড্ৰামাকুইনৰ চৰ্চা

ৰাখীৰ অভিযোগ গৰ্ভস্থ সন্তানক আদিলেই নষ্ট কৰিছিল, আদিলে কাৰাগাৰৰ পৰা মুকলি হৈ ক’লে ৰাখীৰ জৰায়ুৱেই নাই, কেনেকৈ ৰাখী গৰ্ভৱতী হ’ব? বলীউডত এতিয়া কেৱল ড্ৰামাকুইনৰ চৰ্চা

চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত

চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.