অসম লাইভ২৪ঃ ২০১৮ চনত ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰণবীৰ কাপুৰ৷ বহুসময়ত দীপিকা পাডুকনৰ গৰ্ভধাৰণ সম্পৰ্কে সংবাদ মাধ্যমত উৰাবাতৰি ওলাইছিল, কিন্তু প্ৰতিবাৰেই অভিনেত্ৰীগৰাকীয়ে সেই বিষয়ত সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰিছিল৷ শেহতীয়াভাৱে ওপজা দিনতেই দীপিকাই নিজেই দিছে এটা ভাল খবৰ৷ পৰিয়াল বৃদ্ধিৰ পৰিকল্পনা কৰিছে ৰণবীৰ-দীপিকাই৷
সংবাদমাধ্যমত আগত দীপিকাই দিয়া মন্তব্যত কয়, ‘ৰণবীৰ আৰু মই পৰিয়াল পৰিকল্পনা কৰাৰ পূৰ্বে আমি দুয়ো সম্পূৰ্ণৰূপে ইয়াৰ বাবে প্ৰস্তুত হ’বই লাগিব৷ সৰুতে মই মা দেউতাৰ পৰা যি সংস্কাৰ, মৰম লাভ কৰিছিলো সেই অভিজ্ঞতাই মই শ্বেয়াৰ কৰিব বিচাৰো৷’ দীপিকাই দিয়া এই মন্তব্যৰ পাছতেই অনুৰাগী মহলে আৰম্ভ কৰিছে চৰ্চা৷ অচিৰেই দীপিকা ৰণবীৰৰ বাসগৃহতো শুনা যাব শিশুৰ কলৰৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ