• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

5 months ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

10 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

10 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

11 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

12 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

13 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

14 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

14 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

15 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

15 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

16 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

17 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

editor by editor
March 11, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংবেদনশীল গোচৰত যুগান্তকাৰী ৰায় ছুপ্ৰিম কৰ্টৰ৷ বুধবাৰে পেছিভ ইউথানছিয়া অৰ্থাৎ নিষ্কৃতি মৃত্যুৰ আবেদনত মোহৰ মাৰিলে দেশৰ শীৰ্ষ আদালতে৷ গাজিয়াবাদৰ ৩২ বছৰ বয়সীয়া হৰিশ ৰানাই দীৰ্ঘ ১৩ বছৰ ধৰি ক’মাত আছে৷ পাৰ্মানেণ্ট ভেজিটেটিভ ষ্টেটত আছে৷ তেওঁৰ পৰিয়ালে তেওঁক এই অৱস্থাৰ পৰা মুক্তি দিবৰ বাবে শীৰ্ষ আদালতত ইচ্ছামৃত্যুৰ বাবে আবেদন কৰিছিল৷ এই সংবেদনশীল গোচৰত সকলো দিশ চালিজাৰি চাই ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশ জে বি পাৰদিৱালা আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ ডিভিজন বেঞ্চে বুধবাৰে হৰিশ ৰানাৰ পৰিয়ালৰ আবেদন মঞ্জুৰ কৰিছে৷ ইয়াৰ সৈতে কেন্দ্ৰই ইচ্ছামৃত্যুক লৈ এখন নিৰ্দিষ্ট আইন আনিবলৈ চিন্তাচৰ্চা কৰিব লাগে বুলিও উল্লেখ কৰিছে আদালতে৷

উল্লেখ্য যে অৰুনা ছানবাগ গোচৰত ২০১১ চনত Passive Euthanasia-ৰ আবেদনত অনুমোদন দিছিল আদালতে৷ তেতিয়া দেশত ইচ্ছামৃত্যু অবৈধ আছিল৷ ২০১৮ চনত ছুপ্ৰিম কৰ্টৰ পেছিভ ইউথানেছিয়াক আইনি বৈধতা দিয়াৰ পাছত তৈয়াৰ হয় গাইডলাইন৷ তাৰপিছতেই হৰিশ ৰানাৰ ক্ষেত্ৰত প্ৰথমবাৰ অনুমোদন পাইছে ইচ্ছা মৃত্যুৰ আবেদনে৷

৩২ বছৰীয়া যুৱক হৰিশ ৰানাৰ জীৱন হঠাতেই থমকি ৰয় ২০১৩ চনত৷ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল হৰিশ৷ চণ্ডীগড়ৰ এক হোষ্টেলত থাকি পঢ়াশুনা কৰিছিল দিল্লীৰ মহাবীৰ এনক্লেভৰ বাসিন্দা হৰিশে৷ ২০১৩ চনৰ ২০ আগষ্টত চাৰিমহলাৰ বেলকনিৰ পৰা পৰি মূৰত গুৰুতৰ আঘাত পায় হৰিশে৷ সেই দুৰ্ঘটনাৰ পাছতেই তেওঁ বিছনাত অক্ষম হৈ পৰি আছে৷ লৰচৰ পৰ্যন্ত কৰিব নোৱাৰে৷ কেৱল হৃদপিণ্ডৰ ধপধপনিয়ে আছে শৰীৰত৷ অৰ্থাৎ প্ৰাণ আছে শৰীৰত৷ কিন্তু বাহিৰৰ জগত সম্পৰ্কে নাই কোনো চেতনা৷ চিকিৎসকৰ ভাষাত তৰুণ হৰিশ ৰানা কোয়াড্ৰিপ্লেজিয়া ৰোগত আক্ৰান্ত৷

যন্ত্ৰৰ সহায়ত কৃত্ৰিম উপায়েৰে শ্বাসপ্ৰশ্বাস চলি আছে৷ নাকৰ নলেৰে তৰল খাদ্য দিয়া হয়৷ সন্তানৰ এই অমানবিক কষ্ট আৰু চকুৰ সন্মুখত সহ্য কৰিব পৰা নাই হৰিশৰ পিতৃ মাতৃয়ে৷ সেয়ে তেওঁলোক দ্বাৰস্ত হৈছিল আদালতৰ৷ তেওঁ জীয়াই উঠাৰ কোনো আশা নাই সেয়ে কৰ্টৰ ওচৰত ইচ্ছা মৃত্যুৰ আৰ্জি জনাইছিল পিতৃ-মাতৃয়ে৷ এই বছৰৰ জানুৱাৰী মাহত ছুপ্ৰিম কৰ্টে গোচৰটোৰ শুনানি দিছে৷ অৱশেষত শয্যাশায়ী হৰিশৰ পিতৃ-মাতৃৰ অনুৰোধতেই তেওঁৰ জীৱনদায়ী ব্যৱস্থাক খুলি দিবলৈ অনুমতি দিছে আদালতে৷

‘আমিও এদিন মৰিব লাগিব৷ কোন জীয়াই থাকিব, কাৰ মৃত্যু হ’ব সেয়া আমি ঠিক কৰিবলৈ কোনোৱেই নহয়৷’ বিষয়টো কিমান সংবেদনশীল সেয়া বুজাবলৈ পূৰ্বেই এই মন্তব্য ৰাখিছে ন্যায়াধীশ জেবি পাৰদিৱালা আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ ডিভিজন বেঞ্চে৷ এই দিনটোতেই ছুপ্ৰিম কৰ্টে দিয়া ৰায় শুনি আৱেগপ্ৰৱণ হৈ পৰে ন্যায়াধীশসকল৷ হৰিশৰ মৃত্যুৰ ৰায় দিবলৈ গৈ ন্যায়াধীশৰ ডিভিচন বেঞ্চে আমেৰিকাৰ মন্ত্ৰী হেনৰিৰ কথাৰ উদ্ধৃতি দি কয়, ‘ঈশ্বৰে কোনো মানুহক জীৱন দিয়াৰ সময়ত প্রশ্ন নকৰে এই জীৱন তুমি গ্ৰহণ কৰিবানে? যি দিয়ে তাকেই গ্ৰহণ কৰিব লাগে৷ এই কথাৰ তাৎপৰ্য আৰু বাঢ়ি যায় তেতিয়া, যেতিয়া আদালতক সিদ্ধান্ত ল’বলৈ দিয়া হয় যে কোন ব্যক্তিয়ে মৃত্যুক বাচি ল’ব পাৰিব৷’ উইলিয়াম শেক্সপিয়েৰৰ হেমলেটৰ প্ৰসিদ্ধ লাইন টু বি অৰ নট টু বিও উল্লেখ কৰিছে তেওঁ৷

আদালতে স্পষ্টকৈ জনাইছে যে দুটা কাৰণৰ ওপৰত ভিত্তি কৰি গাজিয়াবাদৰ এই তৰুণৰ ক্ষেত্ৰত ইচ্ছামৃত্যুৰ অনুমতি দিয়া হৈছে৷ এক হৰিশৰ চিকিৎসা ব্যৱস্থাৰ গতিপ্ৰকৃতি আৰু দ্বিতীয় হৈছে ৰোগীৰ পক্ষে কোনটো ভাল? এই দিশসমূহ বিচাৰ কৰিয়েই সিদ্ধান্ত লোৱা হৈছে৷ একেলগে আদালতে জনাইছে যে এজন চিকিৎসকৰ দায়িত্ব ৰোগীৰ চিকিৎসা কৰা৷ যেতিয়া ৰোগীয়ে আৰোগ্য লাভৰ পথত আগুৱাই বা আৰোগ্য লাভৰ আশা নাথাকে তেতিয়াই সেই দায়িত্বৰ আৰু কোনো মান নাথাকে৷ প্রাথমিক আৰু ছেকেণ্ডাৰি দুই মেডিকেল বৰ্ডেই জনাইছে যে এই পৰিস্থিতিত কৃত্ৰিম খাদ্য আৰু সকলো চিকিৎসা ব্যৱস্থা বন্ধ কৰাই এতিয়া ৰোগীৰ বাবে মঙ্গলৰ কাৰণ৷

ন্যায়াধীশৰ বেঞ্চৰ মতে, লাইফ ছাপৰ্ট প্ৰত্যাহাৰৰ দুটি কাৰণ থাকিব লাগিব৷ ৰোগীৰ বাবে চিকিৎসা হিচাপে এয়াই যোগ্য হ’ব লাগিব আৰু ৰোগীৰ বাবে সেয়া সৰ্বোত্তম হব পাৰে৷ এই পয়েণ্টসমূহৰ ওপৰত ভিত্তি কৰিয়েই হৰিশ ৰানাক মৃত্যুৰ অধিকাৰ দিলে শীৰ্ষ আদালতে৷ ৰায়ত ন্যায়াধীশ জে বি পাৰডিয়ালা আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ ডিভিচন বেঞ্চে উল্লেখ কৰিছে ৰানাৰ পৰিয়ালে, বিশেষভাৱে তেওঁৰ পিতৃ-মাতৃয়ে বছৰৰ পাছত বছৰ ধৰি নিঃস্বাৰ্থভাৱে তেওঁৰ যত্ন লৈ আছে৷ তেওঁলোকৰ আবেদন অৱশ্যেই যুক্তিগ্ৰাহ্য৷ শীৰ্ষ আদালতৰ ৰায় অনুসৰি ইয়াৰ পাছতেই হৰিশ ৰানাক AIMSৰ পেলিয়েটিভ কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হ’ব৷ তাতেই হ’ব পৰবৰ্তী প্ৰক্ৰিয়া৷ কিন্তু হৰিশ ৰানাৰ যেন কোনো অমৰ্যদা নহয় সেয়াও নিশ্চিত কৰাৰ নিৰ্দেশ আদালতৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!
জীৱনশৈলী

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

July 26, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

July 26, 2026
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!
বিনোদন

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

July 26, 2026
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
Next Post
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.