• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

3 hours ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

4 minutes ago
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

46 minutes ago
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

2 hours ago
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

4 hours ago
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

5 hours ago
আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

5 hours ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

1 day ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

1 day ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

1 day ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 days ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

editor by editor
February 7, 2026
in জীৱনশৈলী
0
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ বছৰীয়া এগৰাকী তৰুণীক গৰ্ভপাত কৰোৱাৰ অনুমতি দিলে ছুপ্ৰিম কৰ্টে৷ তেওঁ ৩০ সপ্তাহৰ অন্তঃসত্ত্বা আছিল৷ শুকুৰবাৰে ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণ যে ইচ্ছাৰ বিৰুদ্ধে কোনো মহিলাক সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব৷ এই গোচৰত বৰ্মে হাইকৰ্টৰ ৰায় খাৰিজ কৰিছে ন্যায়াধীশ বিভি নাগৰত্নৰ বেঞ্চে৷ হাইকৰ্টে তৰুণীক সন্তানধাৰণৰ নিৰ্দেশ দিছিল৷ জনাইছিল সন্তান জন্ম দিয়াৰ পাছত তেওঁক অন্য ব্যৱস্থা কৰি দিয়া হ’ব৷ ছুপ্ৰিম কৰ্টে শুকুৰবাৰে সেই ৰায় খাৰিজ কৰি কয়, ‘কোনো মহিলাই নিবিচাৰিলে তেওঁক সন্তান জন্ম দিবলৈ বাধ্য কৰাব নোৱাৰিব কৰ্টে৷

ছুপ্ৰিম কৰ্টে শুকুৰবাৰে সেই ৰায় খাৰিজ কৰি কয়, ‘কোনো মহিলাই নিবিচাৰিলে তেওঁৰ সন্তানৰ জন্ম দিবলৈ বাধ্য কৰাব নোৱাৰিব কৰ্টে৷ ১৭ বছৰ বয়সত গৰ্ভধাৰণ কৰিছিল তৰুণীয়ে৷ তেওঁৰ এতিয়া বয়স ১৮ বছৰ চাৰি মাহ৷ এগৰাকী বন্ধুৰ সৈতে সম্পৰ্ক থকাৰ সময়ত অন্তঃসত্ত্বা হৈ পৰিছিল তেওঁ৷ শীৰ্ষ আদালতৰ পৰ্যবেক্ষণ সেই তৰুণীক সন্তানৰ জন্ম দিবলৈ বাধ্য কৰোৱা হলে তেওঁৰ মন আৰু শৰীৰত চাপ পৰিব পাৰে৷ তেওঁলোকে মেডিকেল ৰিপৰ্ট চাই জনাই যে তৰুণীৰ গৰ্ভপাত কৰালে তেওঁৰ জীৱনলৈ সংশয় আহিব৷ হাইকৰ্টে এই বিষয়ত ভিন্নমত পোষণ কৰিছিল৷

তৰুণীৰ অধিবক্তা ছুপ্ৰিম কৰ্টক প্ৰশ্ন কৰি জনায় যে তেওঁৰ ক্লাইণ্টক সন্তান জন্ম দিবলৈ বাধ্য কৰালে তেওঁৰ মনত আঘাত লাগিব পাৰে৷ বিষয়টো তেওঁৰ বাবে সামাজিক লজ্জাৰ কাৰণ হৈ উঠিব পাৰে৷ ছুপ্ৰিম কৰ্টে জনাইছে যে তেওঁলোকে অবৈধ সন্তানধাৰণত তৰুণীৰ অনিচ্ছাকেই গুৰুত্ব দিছে৷ বেঞ্চৰ পৰ্যবেক্ষণ, সন্তানধাৰমৰ সময়ত তৰুণী নাবালিকা আছিল৷ অতীতত যি সম্পৰ্কত আছিল তাৰ পৰিণামতেই এই দুৰ্ভাগ্যজনক পৰিস্থিতি তৈয়াৰ হৈছে৷ সেয়ে এই সন্তানক এতিয়া আৰু তেওঁ ধাৰণ কৰিব খোজা নাই৷

শীৰ্ষ আদালতে জনাইছে যে তৰুণীৰ সেই সম্পৰ্ক দুজনৰ সন্মতিতেই গঢ়ি উঠিছিলনে নাই সেয়া জনাৰ প্ৰয়োজন নাই৷ বেঞ্চৰ পৰ্যবেক্ষণ, প্ৰকৃত কথা হৈছে শিশুটি অবৈধ৷ আৰু মাতৃয়ে সেই সন্তানক ধাৰণ কৰিব খোজা নাই৷ মাতৃৰ সন্তান জন্ম দিয়াৰ স্বাধীনতা আছে৷ সেই বিষয়ক গুৰুত্ব দিয়া উচিত৷ মহিলা নহ’লে তেওঁক আদালতে বাধ্য কৰাব নোৱাৰিব৷’  তাৰপাছতেই ছুপ্ৰিম কৰ্টে চিকিৎসকৰ সহায়তাত সেই তৰুণীৰ গৰ্ভপাত কৰোৱাৰো অনুমতি দিয়ে৷

ন্যায়াধীশ নাগৰত্নই প্ৰশ্ন কৰে, ‘কাৰ স্বাৰ্থ আমি চাম? যি সন্তান জন্মই হোৱা নাই৷ নে আমি তেওঁক চাম যিয়ে সন্তান জন্ম দিবলৈ আগবাঢ়িছে?’ শীৰ্ষ আদালতৰ পৰ্যবেক্ষণ, এম টি পি আইনৰ বাহিৰলৈ গৈ বহু মাতৃয়ে গৰ্ভপাত কৰাব খোজে৷ ভাৰত মেডিকেল টাৰ্মিনেছন অফ প্ৰেগনেন্সি আইন অনুসৰি, ২০ সপ্তাহ পৰ্যন্ত অন্তঃসত্ত্বাসকলে গৰ্ভপাত কৰাব পাৰে৷ ২৪ সপ্তাহ পৰ্যন্ত অন্তঃসত্ত্বাই গৰ্ভপাত কৰাব খুজিলে তেওঁ মেডিকেল বৰ্ডৰ পৰামৰ্শ ল’ব লাগে৷ গৰ্ভপাত কৰালে মাতৃৰ জীৱনত সমস্যা হ’ব নেকি সেয়া চিকিৎসকেহে জনাব পাৰে৷ ২৪ সপ্তাহৰ পাছত গৰ্ভপাত কৰালে আদালতৰ অনুমতিৰ প্ৰয়োজন৷

ইয়াৰ পূৰ্বে বম্বে হাইকৰ্টে জনাইছে যে গৰ্ভস্থ ভ্ৰুণ সুস্থই আছে৷ সেয়ে গৰ্ভপাত কৰোৱাৰ অনুমতি দিলে সেয়া ভ্ৰুণহত্যাত চামিল হব৷ বিচাৰপতি ৰবীন্দ্ৰ ঘূগে আৰু বিচাৰপতি অভয় জে মন্ত্ৰীৰ বেঞ্চে জনাইছিল যে প্ৰসৱৰ সময় পৰ্যন্ত তৰুণীৰ শাৰীৰিক আৰু মানসিক চিকিৎসাৰ ব্যৱস্থা কৰাব লাগিব৷ শিশুটি জন্ম হোৱাৰ পাছত শিশুটিক নথিভুক্ত কোনো অনাথ আশ্ৰমলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হব৷ সেই ৰায়ৰ বিৰুদ্ধেই ছুপ্ৰিম কৰ্টৰ দ্বাৰস্থ হৈছিল তৰুণী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

February 7, 2026
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ
জীৱনশৈলী

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

February 7, 2026
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

February 7, 2026
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ
জীৱনশৈলী

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

February 7, 2026
Next Post
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.