আৰ জি কৰ কাণ্ডক লৈ অবশেষত কেইবাটাও নিৰাপত্তা পৰিকাঠামোৰ নিৰ্দেশ দিলে দেশৰ উচ্চতম ন্যায়ালয়ে৷ দেশ জুৰি হাস্পতালসমূহত নিৰাপত্তা কাঠামোৰ ঢাল সজাৰ নিৰ্দেশ দিছে ছুপ্ৰিম কৰ্টে৷ মঙলবাৰে ছুপ্ৰিম কৰ্টে আৰজি কৰ হাস্পতালৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ শুনানি দিয়ে৷ তাতেই মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বেঞ্চে স্বাস্থ্য আৰু পৰিসেৱাৰ সৈতে যুক্ত প্ৰত্যেকৰ নিৰাপত্তাৰ টাস্ক ফৰ্ছ গঠন কৰাৰ প্ৰস্তাৱ দিছে৷ এই টাস্ক ফৰ্ছত থাকিব ৯জন চিকিৎসক৷
টাস্ক ফৰ্ছে মূলত দুটা বিষয়ৰ ওপৰত কাম কৰিব৷ এক, নাৰী পুৰুষ নিৰ্বিশেষে চিকিৎসা পৰিসেৱাৰ সৈতে যুক্ত প্ৰত্যেকৰ ওপৰত হিংসা আৰু লিঙ্গগত বৈষম্য দূৰ কৰা৷ দুই, হাস্পতালৰ চিকিৎসক, ইণ্টাৰ্ণ, ৰেছিডেণ্ট চিকিৎসকলক নিৰাপদে কাম কৰাৰ পৰিবেশ তৈয়াৰ কৰাৰ বাবে এটা প্ৰটকল বা নিয়মবিধি তৈয়াৰ কৰা৷
উচ্চতম ন্যায়ালতে টাস্ক ফৰ্ছক তিনি সপ্তাহৰ ভিতৰত অন্তৰ্বৰ্তী ৰিপৰ্ট জমা দিয়াৰ নিৰ্দেশ দিছে৷ চূড়ান্ত ৰিপৰ্ট জমা দিব লাগিব ৬০ দিনৰ ভিতৰত৷ হাস্পতালৰ নিৰাপত্তা, পৰিকাঠামো উন্নয়ন, সংকটজনক পৰিস্থিতি মোকাবিলা কৰ্মী নিয়োগৰ বিষয়টো টাস্ক ফৰ্ছৰ কৰ্মীয়ে চাব৷ চিকিৎসা পৰিসেৱাৰ সৈতে যুক্ত প্ৰত্যেকৰ নিৰাপত্তাৰ এক হেল্পলাইন নম্বৰ মুকলি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে শীৰ্ষ আদালতৰ তৰফৰ পৰা৷
ইয়াৰোপৰি হাস্পতালৰ সকলো স্থানত পৰ্যাপ্ত পোহৰ আৰু চিচিটিভি কেমেৰাৰ নজৰদাৰী আছে নে নাই, ভীৰ কন্ট্ৰলৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা আছে নে নাই সেই বিষয়বোৰতো নজৰ দিব টাস্ক ফৰ্ছে৷ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ বাবে নিশা ১০ বজাৰ পৰা ৬ টা পৰ্যন্ত পৰিবহণ ব্যৱস্থা চালু ৰখা যাবনে নাই সেই বিষয়টোক নজৰ দিব টাস্ক ফৰ্ছে৷ ৰোগীক বাদ অইন কাকো হাস্পতালত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷ ৰোগীৰ নিকটাত্মীয়হে থাকিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ