ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত CJP আৰু বিৰোধী নেতাসকলৰ প্ৰতিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিছে। এই শুনানিৰ সময়ত আদালতৰ কক্ষত অধিবক্তা আৰু আৰক্ষী বিষয়াসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয়। জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, শ্বাদান ফৰাছাট, মানেকা গুৰুস্বামী আৰু গোপাল শংকৰ নাৰায়ণনকে ধৰি কেইবাজনো অধিবক্তাই চৰকাৰ আৰু আৰক্ষীৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।
প্ৰতিবাদকাৰীসকলৰ চলাচলত বাধা প্ৰদান, মেট্ৰ’ সেৱা বন্ধ কৰা, ইণ্টাৰনেট সেৱা কৰ্তন আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ আদালতত উত্থাপন কৰা হয়। এই ঘটনাক লৈ উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষী আয়ুক্তকে ধৰি সংশ্লিষ্ট বিষয়াসকলৰ পৰা উত্তৰ বিচাৰিছে। লগতে সাধাৰণ নাগৰিকৰ চলাচলৰ স্বাধীনতা আৰু অধিবক্তাসকলৰ পেছাগত কৰ্তব্য পালনৰ ক্ষেত্ৰত বাধা আঁতৰোৱাৰ বিষয়টোও গুৰুত্বসহকাৰে বিবেচনা কৰিছে।
প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা আৰু আদালতৰ নিৰ্দেশ পালন কৰা সন্দৰ্ভত উত্থাপিত অভিযোগৰ পিছতে উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষী আয়ুক্ত আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকললৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। আদালতে সংশ্লিষ্ট বিষয়াসকলক শপতনামা দাখিল কৰি ব্যাখ্যা দিবলৈ নিৰ্দেশ দিয়ে যে তেওঁলোকৰ বিৰুদ্ধে কিয় আদালত অৱমাননাৰ গোচৰ আৰম্ভ কৰা নহ’ব। লগতে পূৰ্বে জাৰি কৰা নিৰ্দেশসমূহ পালন কৰা হৈছে নে নাই, সেই সন্দৰ্ভতো প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হয়। অৰ্থাৎ, আদালতৰ নিৰ্দেশ উলংঘা কৰাৰ অভিযোগৰ ক্ষেত্ৰত আৰক্ষী আৰু সংশ্লিষ্ট বিষয়াসকলৰ পৰা স্পষ্ট উত্তৰ বিচৰা হৈছে।
মেট্ৰ’, ইণ্টাৰনেট সেৱা সন্দৰ্ভত কি ক’লে আদালতে?
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে মেট্ৰ’ সেৱা, ইণ্টাৰনেট সংযোগ আৰু সাধাৰণ জনতাৰ মুক্ত চলাচলৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰে। আদালতৰ বক্তব্য অনুসৰি, আইন-শৃংখলাৰ এনে কোনো পৰিস্থিতিৰ সৃষ্টি নহ’লে, যাৰ বাবে বাধা-নিষেধ আৰোপ কৰাটো প্ৰয়োজনীয়, তেন্তে মেট্ৰ’ সেৱা স্বাভাৱিকভাৱে চলাচল কৰিব লাগে। সাধাৰণ মানুহৰ চলাচলৰ স্বাধীনতা পুনৰ ঘূৰাই অনা আৰু ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰ কৰাৰ বিষয়তো নিৰ্দেশনা দিয়া হয়। ইয়াৰ লগতে অধিবক্তাসকলে যাতে নিজৰ পেছাগত দায়িত্ব পালন কৰোঁতে বাধাৰ সন্মুখীন হ’বলগীয়া নহয়, সেই বিষয়টোও আদালতে উল্লেখ কৰে।
কিয় বন্ধ কৰা হৈছিল ৪৫টা মেট্ৰ’ ষ্টেচন?
শুনানিৰ সময়ত মেট্ৰ’ ষ্টেচন বন্ধ কৰি ৰখাৰ বিষয়টোও চৰ্চালৈ আহে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আদালতক জনোৱা হৈছিল যে মুঠ মেট্ৰ’ ষ্টেচনৰ প্ৰায় ১৫ শতাংশ, অৰ্থাৎ ৪৫টা ষ্টেচন বন্ধ কৰা হৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনক (DMRC) কোন কোন ষ্টেচন বন্ধ ৰখা হৈছিল, সেই কথা স্পষ্টকৈ দেখুওৱা এখন মানচিত্ৰ দাখিল কৰিবলৈ কয়। প্ৰতিবাদৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ইমানসংখ্যক মেট্ৰ’ ষ্টেচন বন্ধ ৰখাৰ প্ৰয়োজনীয়তা কিমান আছিল, সেই বিষয়ে আদালতে স্পষ্ট তথ্য বিচাৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















