অসম লাইভ ২৪ঃ জনপ্ৰিয় হিন্দী ধাৰাবাহিক বালিকা বধুৰ ‘দাদি ছা’ সুৰেখা ছিক্ৰীৰ দেহাৱসান। হৃদক্ৰিয়া বন্ধ হৈ শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৫ বছৰ। বিগত কিছু দিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল সুৰেখা ছিক্ৰী। ‘বালিকা বধু’, ‘বধাই হো’ আদিৰ দৰে ছবিত সুদক্ষ অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিছিল সুৰেকা ছিক্ৰিয়ে। থিয়েটাৰ, চিনেমা, ধাৰাবাহিক সকলোতে নিজৰ অনবদ্য অভিনয় প্ৰতিভাৰে দৰ্শকক মোহাছন্ন কৰিবলৈ সক্ষম হৈছিল সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক অভিনেত্ৰী সুৰেখা ছিক্ৰীয়ে। ‘নমস’(১৯৮৮), ‘Mammo(১৯৯৫)’ আৰু ‘বধাই হো’(২০১৮) ছবিৰ বাবে তিনিবাৰকৈ সহ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ