সৌৰজগতৰ ৰজা সূৰ্যই আজি ১৫ মে ২০২৫ৰ নিশা ১২ বাজি ২০ মিনিটত মেষ ৰাশি এৰি বৃষ ৰাশিত প্ৰৱেশ কৰিছে৷ সূৰ্যই বৃষ ৰাশিত প্ৰৱেশ কৰাৰ এই দিনটো বৃষ সংক্ৰান্তি হিচাপে পালিত হৈছে৷ ইয়াৰপাছতেই আগন্তুক ২৩ মে’ৰ দুপৰীয়া ১ বাজি ৫ মিনিটত মেষ ত্যাগ কৰি বৃষ ৰাশিত গোচৰ কৰিব বুধে৷ বুধ আৰু সূৰ্যই একত্ৰিত হৈ গঠন কৰিব শক্তিশালী বুধাদিত্য ৰাজযোগ৷ জ্যোতিষ গণনা অনুসৰি এই ৰাজযোগৰ প্ৰভাৱত ২৩ মেৰ পৰা জীৱনত চকুত লগা পজিটিভ পৰিবৰ্তন আহিব ৫ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত লাভৱান হব কোন কোন ৰাশি?
মেষ ৰাশি
বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত আত্মবিশ্বাস তুংগত থাকিব মেষ ৰাশিৰ জাতকৰ৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে এই সময়ত তেওঁলোকে নতুন চাকৰি পাব পাৰে৷ কাৰ্যালয়ত আপোনাৰ মতামতে গুৰুত্ব পাব৷ কৰ্মক্ষেত্ৰত চিনিয়ৰসকলে মেষ ৰাশিৰ জাতকক সহায় কৰিবলৈ আগুৱাই আহিব৷ বৈদ্যুতিন মিডিয়া আৰু প্ৰযুক্তিৰ সৈতে যুক্ত ব্যক্তি লাভৱান হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















