• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?

লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?

1 year ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

1 hour ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

2 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

3 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

5 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

6 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

7 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

8 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

8 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

8 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

9 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

9 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?

লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?

editor by editor
May 15, 2025
in জীৱনশৈলী
0
লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?
0
SHARES
923
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৯ বছৰ পূৰ্বে ১৯৯৪ চনৰ ছেপ্টেম্বৰ মাহত সকলো যাত্ৰীৰ সুবিধাৰ্থে মুকলি কৰি দিয়া হৈছিল জাপানৰ কানছাই আন্তৰ্জাতিক বিমানবন্দৰ। জাপানৰ ওছাকা, কিয়োটো আৰু কোবৰ দৰে ব্য়স্ত চহৰৰ একেবাৰে নিকটতম আন্তৰ্জাতিক বিমান বন্দৰেই হৈছে কানছাই বিমান বন্দৰ।

জাপানৰ ওছাকা ষ্টেচনৰ পৰা ৩৮ কিঃমিঃ দক্ষিণ-পশ্চিমত সাগৰৰ মাজত দুটাকৈ কৃত্ৰিম দ্বীপৰ ওপৰত তৈয়াৰ হৈছে কানছাই আন্তৰ্জাতিক বিমানবন্দৰ। কিন্তু যি দুটা কৃত্ৰিম দ্বীপৰ ওপৰত বিমান বন্দৰ তৈয়াৰ কৰা হৈছে সেই কৃত্ৰিম দ্বীপ দুটা ক্ৰমশ সাগৰত ডুব যাব ধৰিছে। আনকি মূল ভূখণ্ডৰ পৰাও এই দ্বীপ দুটা লাহে লাহে আঁতৰি যাব ধৰিছে। বিশেষজ্ঞসকলৰ দাবী যে, ইতিমধ্যেই কৃত্ৰিম দ্বীপৰ ৩৮ ফুটতকৈ বেছি ডুবি গৈছে। ২০৫৬ চনলৈকে আৰু ১৩ ফুট সমুদ্ৰৰ তললৈকে যাব এই দুই কৃত্ৰিম দ্বীপ।

 দুটাকৈ কৃত্ৰিম দ্বীপৰ ওপৰত বিমান বন্দৰ তৈয়াৰ কৰাত খৰচ হৈছে ১৩ লাখ কোটিতকৈ আধিক ধন। কৃত্ৰিম দ্বীপ দু’টি নিৰ্মাণ কৰিবলৈ প্ৰথমে সমূদ্ৰপৃষ্ঠক ওপৰত পাঁচ ফুট উচ্চতালৈকে মাটি দিয়া হৈছিল। তাৰ ওপৰত ১৬ ইঞ্চি ব্যাসৰ ২২ লাখ পাইপ তাত গাঁঠি দিয়া হৈছে। মাটিৰ ভিতৰত পাইপ সোমোৱাই ওপৰত মাটি আৰু বালি দিয়া হৈছিল।

ওছাকা বে’ৰ ওপৰত তৈয়াৰ কৰা দুটা কৃত্ৰিম দ্বীপৰ মাটি স্পঞ্জৰ দৰে। সেই মাটি সম্পূৰ্ণৰূপে শুকোৱাই তাৰ ওপৰত বিমানবন্দৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। ষাঠিৰ দশকত টকিঅ’ চহৰৰ সৈতে কানছাই এলেকাৰ বাণিজ্যৰ কথা চিন্তা কৰি এই বিমান বন্দৰ তৈয়াৰৰ পৰিকল্পনা কৰিছিল জাপান চৰকাৰে।

প্ৰথমে ভৱা হৈছিল ইটামি আন্তৰ্জাতিক বিমানবন্দৰ পুননিৰ্মাণ কৰি বৰ্ধিত কৰা হ’ব। কিন্তু ইটামি আৰু টোৱেনকা চহৰৰ ওচৰত বিমান বন্দৰ নিৰ্মাণৰ পৰিকল্পনা সফল নোহোৱাৰ কাৰণ হৈছে সেই এলেকাৰ মাটি। ইপিনে সেই এলেকাৰ বাসিন্দাসকলেও আপত্তি জনাইছিল। বিমানবন্দৰ তৈয়াৰ হ’লে শব্দ প্ৰদূষণ বৃদ্ধি পাব।

 তাৰপিছতেই কোব চহৰত নতুন বিমানবন্দৰ তৈয়াৰৰ চিন্তাভাৱনা কৰিলেও কোবৰ প্ৰশাসনৰ তৰফৰ পৰা সেই প্ৰস্তাৱ খাৰিজ কৰি দিয়া হয়। সমুদ্ৰপৃষ্ঠৰ ওপৰত দুটাকৈ কৃত্ৰিম দ্বীপ নিৰ্মাণৰ সিদ্ধান্ত সেইবাবেই লয় জাপান চৰকাৰে। ১৯৮৭ চনৰ পৰা দ্বীপ নিৰ্মাণৰ কাম আৰম্ভ হয়। ২৬০০ একৰ ভূমিৰ ওপৰত কৃত্ৰিম উপায়েৰে দুটা দ্বীপ তৈয়াৰ কৰি তাৰ ওপৰত তৈয়াৰ হয় কানছাই আন্তৰ্জাতিক বিমানবন্দৰ।

কানছাই আন্তৰ্জাতিক বিমানবন্দৰৰ দুটা অংশ আছে। এটা অংশ আছে ১২৬০ একৰ ভূমিৰ ওপৰত। দ্বিতীয় অংশটো নিৰ্মাণ হৈছে ১৩৪০ একৰ মাটিৰ ওপৰত। ১৯৯০ চনত কৃত্ৰিম দ্বীপ দুটা তিনি কিঃমিঃ দীৰ্ঘ সেঁতুৰ মাধ্য়মেৰে যুক্ত কৰা হৈছে। সেঁতু নিৰ্মাণৰ চাৰি বছৰ পাছত কানছাই আন্তৰ্জাতিক বিমান বন্দৰটো সম্পূৰ্ণভাৱে কাৰ্যকৰী হয়।

১৯৯৫ চনৰ ১৭ জানুৱাৰীত ভূমিকম্প হয় জাপানত। ভূমিকম্পৰ ফলত জাপানৰ হনচু দ্বীপত ৬,৪৩৪ জনৰ মৃত্যু হয়। প্ৰচুৰ ক্ষয়ক্ষতিও হয়। কিন্তু কানছাই আন্তৰ্জাতিক বিমানবন্দৰৰ একো ক্ষতি হোৱা নাছিল। স্থানীয় সংবাদমাধ্যমৰ সূত্ৰই প্ৰকাশ কৰামতে সেই বিমানবন্দৰত এটা আঁচোৰো পৰা নাছিল।

১৯৯৮ চনৰ ২২ ছেপ্টেম্বৰত কানছাই আন্তৰ্জাতিক বিমানবন্দৰৰ ওপৰত ঘূৰ্ণিবতাহে প্ৰভাৱ পেলাই। কিন্তু ঘণ্টাত ২১৬ কিঃমিঃ বেগত অহা সেই বতাহে বিস্তৰ কোনো ক্ষতি কৰিব নোৱাৰিলে। ২০১৮ চনৰ ৪ ছেপ্টেম্বৰত পুনৰ ঘূৰ্ণিবতাহ আহে। সেইবাৰো কোনো ক্ষতি নহয়। অৱশ্যে বিমানবন্দৰৰ ভিতৰত বহু যাত্ৰী সেইবাৰ আৱদ্ধ হৈ পৰিছিল।

যি সেতুৰ মাধ্যমেৰে মূল ভূখণ্ডৰ সৈতে বিমানবন্দৰৰ যোগাযোগ আছিল সেই সেঁতুৰ ওপৰত এখন ট্ৰাক এক্সিডেণ্ট হৈ সেঁতুৰ কিছু ক্ষতিও হৈছিল। যাৰবাবে দুদিনলৈ বিমান পৰিসেৱা বন্ধ হৈ পৰিছিল কানছাই বিমান বন্দৰৰ। কেৱলমাত্ৰ কিছু ঘৰুৱা বিমান উৰুৱাৰ অনুমতি দিয়ে জাপান চৰকাৰে।

ঘূৰ্ণিবতাহৰ এমাহ পাছত কানছাই আন্তৰ্জাতিক বিমানবন্দৰটো সম্পূৰ্ণভাৱে মুকলি হয়। ২০১৯ চনৰ ৮এপ্ৰিলৰ মাজত সেতুৰ কাম শেষ হয়। ২০১৬ চনৰ গণনা অনুসৰি কানছাই আন্তৰ্জাতিক বিমানবন্দৰত মুঠ ২ কোটি ৬০লাখ যাত্ৰীয়ে যাতায়াত কৰিছে। সেই সময়ত জাপানৰ তৃতীয় ব্য়স্ততম আৰু এছিয়াৰ ত্ৰিছতম ব্যস্ত বিমানবন্দৰ হিচাপে নাম আছিল এই কানছাই বিমান বন্দৰৰ। অৱশ্যে এই কৃত্ৰিম দ্বীপক লৈ প্ৰতিনিয়ত চিন্তা জাপান চৰকাৰৰ। কাৰণ লাহে লাহে পানীৰ স্তৰ ওপৰলৈ গৈ উঠি আছে। আৰু কেইটামান দশকৰ পাছতেই এই বিমান বন্দৰৰ সাগৰ তলিত সম্পূৰ্ণৰূপে ডুব যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। যাৰবাবে এতিয়া বিকল্পৰ সন্ধান কৰিব লগা হৈছে জাপান চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

September 18, 2026
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
Next Post
পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ থকাটো নিৰাপদ জানো? অপাৰেছন সেন্দূৰৰ পাছত প্ৰথমবাৰ কাশ্মীৰত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কিয় কৰিছে এই প্ৰশ্ন?

পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ থকাটো নিৰাপদ জানো? অপাৰেছন সেন্দূৰৰ পাছত প্ৰথমবাৰ কাশ্মীৰত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কিয় কৰিছে এই প্ৰশ্ন?

চকুৰ পতা জপাবলৈ দিয়া নাছিল, ২২ দিনত তিনি স্থানলৈ চকু বান্ধি লৈ গৈছিল, পাক সেনাৰ নাৰকীয় অত্যাচাৰৰ বৰ্ণনা দিছে BSF পূৰ্ণম কুমাৰ ছাউয়ে

চকুৰ পতা জপাবলৈ দিয়া নাছিল, ২২ দিনত তিনি স্থানলৈ চকু বান্ধি লৈ গৈছিল, পাক সেনাৰ নাৰকীয় অত্যাচাৰৰ বৰ্ণনা দিছে BSF পূৰ্ণম কুমাৰ ছাউয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.