সূৰ্যই এটা এটা ৰাশিত মুঠ এমাহ অৱস্থান কৰে৷ সেই হিচাপে ৰাশিচক্ৰৰ ১২টা ৰাশিক পৰিক্ৰম কৰিবলৈ সূৰ্যৰ এবছৰ সময় লাগে৷ অৰ্থাৎ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গৈ বাহিৰলৈ ওলাই আহি আকৌ সেই এৰি অহা ৰাশিত প্ৰৱেশ কৰিবলৈ সূৰ্যক সময় লাগে এবছৰ৷ আগন্তুক ১৬ আগষ্টত সূৰ্যই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ সমগ্ৰ এবছৰ পাছত নিজৰ ৰাশি সিংহলৈ আহিব সূৰ্য৷ তাতেই বুধৰ সৈতে মিলিত হৈ গঠন কৰিব বুধাদিত্য যোগ আৰু শুক্ৰৰ সৈতে মিলিত হৈ গঠন হ’ব শুক্ৰাদিত্য যোগ৷ জানি থওক সিংহ ৰাশিত সূৰ্যৰ গোচৰৰ প্ৰভাৱত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?
মেষ ৰাশি
মেষ ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব সূৰ্য৷ ইয়াৰ ফলত কোনো সুখবৰ পাব মেষ ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰাও কোনো ভাল খবৰ এই সময়ত আপুনি পাব পাৰে৷ যিসকলে পঢ়াশুনাৰ বাবে সন্তানক বিদেশলৈ পঠিয়াব খোজে, তেওঁলোকে এই সময়ত সাফল্য পাব৷ উচ্চশিক্ষা লাভ কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷ বিবাহিত দম্পত্তিসকলৰ সন্তান লাভৰ ইচ্ছা পূৰণ হ’ব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ দ্বিতীয় ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতি মজবুত হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ পৰা উত্তৰাধিকাৰসূত্ৰে লাভ কৰা সম্পত্তিক লৈ অশান্তি থাকিলে সেই অশান্তি দূৰ হ’ব৷ বিনিয়োগৰ পৰা লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ মোটা টকাৰ আৰ্থিক লাভ কৰাৰ সুযোগ পাব৷ নিজৰ ব্যৱসায় বঢ়োৱাৰ সুযোগ আহিব৷ কঠোৰ পৰিশ্ৰম কৰিলে তাৰ সুফল লাভ কৰিব৷
সিংহ ৰাশি
১৬ আগষ্টত সিংহ ৰাশিত গোচৰ কৰিব সূৰ্যই৷ সূৰ্য, বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত তাত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ এই যোগৰ শুভ প্ৰভাৱত নানান লাভৰ মুখ দেখিব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ সকলো কাম সহজেই সম্পন্ন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ অংশীদাৰিত্বৰ কোনো ব্যৱসায় কৰিলে লাভ হ’ব৷ সিংহ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে শুভ সময় আহিছে৷ পিতৃৰ পৰাও এই সময়ত আৰ্থিকভাৱে লাভৱান হ’ব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিত দশম ঘৰ অৰ্থাৎ কৰ্মস্থানত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত আপুনি চাকৰিত প্ৰমোছনো পাব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব পাৰে বৃশ্চিক ৰাশিৰ জাতক৷ সূৰ্যৰ গোচৰৰ প্ৰভাৱত বিদেশ যাত্ৰাৰো যোগ আছে৷ শহুৰৰ ঘৰৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ ব্যৱসায়ীসকলে কোনো বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷
ধনু ৰাশি
ধনু ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত সকলো কামতে সৌভাগ্যক কাষত পাব ধনু ৰাশিৰ জাতকে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব এই ৰাশিৰ জাতকৰ৷ কোনো তীৰ্থযাত্ৰা কৰিব পাৰে৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ আয় বাঢ়িব৷ বিশেষকৈ যিসকলে চাকৰি পৰিবৰ্তন কৰাৰ চেষ্টা চলাইছে তেওঁলোক লাভৱান হ’ব৷ কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ