কাইলৈ ১৪ আগষ্ট ২০২৪ বুধবাৰে চন্দ্ৰই ৰঙা গ্ৰহ মঙলৰ ৰাশি বৃশ্চিকত সমগ্ৰ দিন অৱস্থান কৰিব৷ কাইলৈ শাওন মাহৰ শুক্লপক্ষৰ নৱমী তিথি৷ জ্যোতিষ গণনাই জনাইছে যে কাইলৈ কেইবাটাও শুভ যোগ থাকিব৷ কাইলৈ যি শুভযোগসমূহ থাকিব সেই শুভযোগসমূহ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ, ৰবি যোগ, অমৃত সিদ্ধি যোগ, ইন্দ্ৰ যোগ আৰু বৈধৃতি যোগ৷ সূৰ্য এতিয়া অৱস্থান কৰিছে কৰ্কট ৰাশিত৷ ইয়াৰোপৰি কাইলৈ থাকিব অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈ দিনটোৰ ভাগ্যফল৷
মেষ ৰাশি
কাইলৈ দিনটো ইন্দ্ৰ যোগৰ প্ৰভাৱত শুভ ফলদায়ী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ ইয়াৰ ফলত মনত ভৰপুৰ আনন্দ থাকিব৷ যিসকলে ব্যৱসায় কৰিছে, তেওঁলোকে কামৰ সূত্ৰে কোনো দূৰ ভ্ৰমণলৈ যাব পাৰে৷ কাইলৈ কেৰিয়াৰত ডাঙৰ উন্নতি কৰাৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব৷
কৰ্কট ৰাশি
কাইলৈ গণপতিৰ আশীৰ্বাদত ভাল কিছু ঘটনা ঘটিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত৷ কোনো সামাজিক অনুষ্ঠানৰ সৈতে আপুনি যুক্ত হ’ব পাৰে৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ চৰকাৰী কৰ্মচাৰীয়ে সন্মান লাভ কৰিব৷ ধৰ্মীয় কামত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ আগন্তুক সময়ত কৰ্কট ৰাশিৰ জাতকৰ মনত শান্তি থাকিব৷
কন্যা ৰাশি
আগন্তুক বুধবাৰে বেছ মজাকৈ দিনটো কটাব কন্যা ৰাশিৰ জাতকৰ৷ সম্পত্তি সংক্ৰান্তিয় কোনো গোচৰ আদালতত চলি থাকিলে কাইলৈ নিষ্পত্তি হ’ব৷ ফলত উত্তৰাধিকাৰ সূত্ৰে কিছু সম্পত্তি লাভ কৰাৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ৷ বাহিৰত কৰোবাত ফুৰিবলৈ যোৱাৰ আলোচনা কৰিব পাৰে৷ কাইলৈ অমৃত সিদ্ধি যোগত বেছ কিছু ধন সঞ্চয় কৰিব পাৰে৷
বৃশ্চিক ৰাশি
কাইলৈ শাওন মাহৰ শেষ বুধবাৰে ৰবি যোগৰ প্ৰভাৱত মনত সুখ আৰু শান্তি বৰ্তি থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্য পূৰ্বৰ তুলনাত ভাল হ’ব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা চলিলে এইবাৰ দূৰ হ’ব৷ কাইলৈ বুধবাৰে নতুন সম্পত্তি লাভ কৰিব এই ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷
মীন ৰাশি
বুধবাৰে অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত মনত সাহস বাঢ়িব মীন ৰাশিৰ জাতকৰ৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় উত্তম৷ কাৰ্যালয়ত কোনো গুৰুত্বপূৰ্ণ বিষয়ত ছিনিয়ৰ সহকৰ্মীসকলৰ সাহায্য পাব৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰাৰ কথা ভাৱিলে সেই বিষয়ে কথাবাৰ্তা চলিব৷ ঘৰত বিশেষ অতিথি আহিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ