বিখ্যাত ফৰাচী ভৱিষ্যদ্ৰষ্টা নস্ত্ৰাদামুছৰ বহু ভৱিষ্যদ্বাণী বিভিন্ন সময়ত সঁচা প্ৰমাণিত হৈছে৷ নস্ত্ৰাডামুছৰ উল্লেখযোগ্য ভৱিষ্যদ্বাণীৰ মাজত আছে হিটলাৰৰ উত্থান আৰু মৃত্যু, ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যু, আমেৰিকাৰ ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰত আক্ৰমণ আৰু কৰ’ণা মহামাৰীৰ প্ৰকোপ৷ ২০২৪ চনক লৈয়ো নষ্ট্ৰাডামুছৰ একাধিক ভৱিষ্যদ্বাণী আছে৷ হাজাৰ বছৰ পূৰ্বে কৰি যোৱা এই ভৱিষ্যদ্বাণী এইবাৰ সঁচা প্ৰমাণিত হ’ব বুলি আশংকা কৰিছে৷
২০২৪ চনত কেইবাটাও অশুভ ঘটনা ঘটিব পাৰে বুলি জনাই গৈছে নষ্ট্ৰাডামুছে৷ আগন্তুক ২ অক্টোবৰত এই বছৰৰ শেষ সূৰ্যগ্ৰহণ৷ ধৰ্মীয় আৰু জ্যোতিষশাস্ত্ৰীয় দিশৰ পৰা এই গ্ৰহণে অশুভ ফলাফল আনে বুলি ধাৰণা কৰা হয়৷ এই পৰিস্থিতিত অক্টোবৰৰ গ্ৰহণৰ পাছৰে পৰাই নস্ত্ৰাডামুছৰ কেইবাটাও ভৱিষ্যদ্বাণী সঁচা হ’ব পাৰে বুলি ধাৰণা কৰিছে বহুতেই৷
সূৰ্যগ্ৰহণ ২০২৪
২০২৪ চনৰ দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণ হ’ব আগন্তুক ২ অক্টোবৰত৷ সেই দিনাই আছে আহিনৰ অমাবস্যা বা সৰ্বপিতৃ অমাবস্যা৷ অৰ্থাৎ সেই দিনাই পালিত হ’ব মহালয়া৷ ভাৰতীয় সময় অনুসৰি নিশা ৯বাজি ১৩ মিনিটত গ্ৰহণ আৰম্ভ হৈ শেষ হ’ব পুৱতি নিশা ৩বাজি ১৭ মিনিটত৷ নিশা সূৰ্যগ্ৰহণ লগাৰ বাবে ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান নহয়৷ গ্ৰহণ দেখা যাব আৰ্জেণ্টিনা, প্ৰশান্ত মহাসাগৰ, আৰ্কাটিক, দক্ষিণ আমেৰিকা, পেৰু আৰু ফিজিৰ পৰা৷
কিয় এই গ্ৰহণ অশুভ?
বিগত ১৮ ছেপ্টেম্বৰত আছিল চন্দ্ৰগ্ৰহণ৷ ইয়াৰ ঠিক ১৫ দিনৰ পাছতেই হ’ব সূৰ্যগ্ৰহণ৷ এক পক্ষকালৰ মাজত দুবাৰ গ্ৰহণ লগা জ্যোতিষমতে অত্যন্ত অশুভ৷ বৰাহমিহিৰে ৰচনা কৰা বৃহৎসংহিতা গ্ৰন্থত ৰাহুচাৰি অধ্যায়ত এই বিষয়টো উল্লেখ আছে৷ এক পক্ষকালৰ মাজত দুটা গ্ৰহণ হ’লে ভূমিকম্প, ধুমুহা, ভূমিস্খলনৰ দৰে প্ৰাকৃতিক বিপৰ্যয় হ’ব পাৰে৷
সূৰ্যগ্ৰহণৰ অশুভ যোগ
এই গ্ৰহণ পূৰ্বে ২০২২ আৰু ১৯৭৯ চনত হৈছে৷ আনকি মহাভাৰতৰ যুগতো ঠিক এনে গ্ৰহণৰ পৰিস্থিতি তৈয়াৰ হৈছিল৷ দ্বাপৰ যুগত কাতি মাহৰ ১৫ দিনৰ ব্যৱধানত দুবাৰ গ্ৰহণ লাগিছিল৷ ১৯৭৯ চনৰ ২২ আগষ্ঠত সূৰ্যগ্ৰহণ আৰু ৬ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণ হৈছিল৷ ইয়াৰ পূৰ্বেও গুজৰাটৰ মাচ্ছু নদীত বান্ধ ভাঙি পৰি কেইবা হাজাৰ মানুহৰ মৃত্যু হৈছিল৷ ২০২২ চনৰ ২৫ অক্টোবৰত চন্দ্ৰগ্ৰহণ আৰু তাৰ ১৫ দিন পাছত ৮ নৱেম্বৰত চন্দ্ৰগ্ৰহণ হয়৷ ঠিক ইয়াৰ পাছতেই গুজৰাটৰ মোৰাৰিত প্ৰাকৃতিক বিপৰ্যয়ত মৃত্যু হয় ১৯০ জনৰ৷
সূৰ্যগ্ৰহণ সৈতে নস্ত্ৰা়ডামুছৰ ভৱিষ্যদ্বাণীৰ যোগ
২০২৪ চনৰ অক্টোবৰ মাহত ডাঙৰ কোনো প্ৰাকৃতিক বিপৰ্যয় হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল নস্ত্ৰাডামুছে৷ অন্যহাতে জ্যোতিষবিদসকলেও কৈছে যে ১৫ দিনৰ পাছে পাছে এই দুই গ্ৰহণৰ কাৰণে কোনো বিপৰ্যয় ঘটিব পাৰে৷ এই সময়ত আৰ্থিক সংকট ডাঙৰ সমস্যা হৈ থিয় দিব পাৰে৷ খাদ্যভাৱ প্ৰৱল হৈ উঠিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰি গৈছে নস্ত্ৰাডামুছে৷ ইয়াৰোপৰি নস্ত্ৰাডামুছৰ ভৱিষ্যদ্বাণী অনুসৰি এই সময়ত পৰিবেশৰ ব্যাপক সালসলনি হ’ব পাৰে৷ ছেপ্টেম্বৰত বৰষুণ হ’লেও গৰম নকমিব৷ এই ভৱিষ্যদ্বাণীসমূহ প্ৰায় মিলি যোৱা বুলি প্ৰায়সংখ্যক লোকেই স্বীকাৰ কৰি লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ