বছৰৰ শেষ সূৰ্যগ্ৰহণ ২১ ছেপ্টেম্বৰত হ’ব৷ এই গ্ৰহণ ভাৰতৰ পৰা দেখা নাযায়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই সূৰ্যগ্ৰহণ বুধৰ ৰাশি কন্যা আৰু পূৰ্বভাদ্ৰপদ নক্ষত্ৰত ঘটিব৷ জ্যোতিৰ্বিদ্যাৰ দৃষ্টিকোণৰ পৰা সূৰ্যগ্ৰহণক অত্যন্ত অশুভ ঘটনা হিচাপে বিবেচনা কৰা হয়৷ কাৰণ সূৰ্যগ্ৰহণৰ প্ৰভাৱ দেশ, বিশ্ব আৰু মানৱ জীৱনৰ ওপৰত পৰে৷
জ্যোতিষীৰ মতে ২১ ছেপ্টেম্বৰ সূৰ্যগ্ৰহণৰ প্ৰভাৱ আগন্তুক কেইবামাহ ধৰি দেখা যাব৷ যাৰ কাৰণে বহু ৰাশিৰ জাতক সতৰ্ক থকাটো প্ৰয়োজন৷ জানক কোন ৰাশিৰ জাতক জাতিকাই সূৰ্যগ্ৰহণত সাবধানে থকাটো জৰুৰী৷
বৃষ ৰাশি
এই সূৰ্যগ্ৰহণৰ প্ৰভাৱত বৃষ ৰাশিৰ জাতক জাতিকাই প্ৰতিটো ক্ষেত্ৰতেই সতৰ্ক থাকক৷ এই গ্ৰহণৰ প্ৰভাৱে বৃষ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যৰ ওপৰত পৰিব৷ অজানা লোকৰ পৰা দূৰৈত থাকক অন্যথা প্ৰতাৰিত হব পাৰে৷ অসুস্থতাৰ বাবে প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে৷ ই বাজেট নষ্ট কৰিব৷ ক্লান্তি আৰু মানসিক চাপে বৃষ ৰাশিৰ জাতক জাতিকাক সমস্যাত পেলাব পাৰে উদ্বেগ বা অনিদ্ৰাত ভূগিব পাৰে৷
কৰ্কট ৰাশি
এই গ্ৰহণৰ প্ৰভাৱ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ওপৰত দেখা যাব৷ কৰ্কট ৰাশিৰ জাতক জাতিকাই যিকোনো কামত ৰিস্ক লোৱা উচিত নহব৷ বিনিয়োগ সম্পৰ্কিয় কামত অৰ্থ বিনিয়োগ নকৰাই শুভ৷ ধন সম্পদ আৰু সম্পত্তিৰ ক্ষতি হব পাৰে৷ এই সময়ত নতুন যানবাহন ক্ৰয় কৰা উচিত নহয়৷ সম্পত্তি সম্পৰ্কিয় বিষয়ত আপুনি সতৰ্ক হৈ থাকক৷
কন্যা ৰাশি
ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ কন্যা ৰাশিতেই হব৷ জীৱনত নেতিবাচক প্ৰভাৱ পৰিব৷ কোনো কাম আৰম্ভ নকৰিব৷ ইয়াৰোপৰি অচিনাকি ব্যক্তিৰ পৰা সাবধানে থাকক৷ অৰ্থ সম্পৰ্কিত সমস্যাৰ সন্মুখীন হব পাৰে যিয়ে অৰ্থৰ ক্ষতি কৰাব পাৰে৷
ধনু ৰাশি
বছৰৰ শেষ সূৰ্যগ্ৰহণে ধনু ৰাশিৰ জাতক জাতিকাৰ পৈতৃক সম্পত্তি সম্পৰ্কিত বিষয়ত সতৰ্ক থাকক৷ পৰিয়াল বা অফিচত তৰ্ক এৰাই চলক৷ কোনোৱে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে৷ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে যিয়ে ব্যয় বৃদ্ধি কৰিব৷ সম্পৰ্কৰ ক্ষেত্ৰত ভুল বুজাবুজি বঢ়াব৷ ব্যৱসায়ত বৃহৎ ক্ষতি হব পাৰে৷ ইয়াৰোপৰি কৰ্মক্ষেত্ৰত বুদ্ধিমানৰ দৰে সিদ্ধান্ত লব অন্যথা সহকৰ্মীসকলৰ সৈতে ভুল বুজাবুজি বাঢ়িব৷
মকৰ ৰাশি
সূৰ্যগ্ৰহণৰ নেতিবাচক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ ওপৰতো দেখা যাব৷ এই সময়ত হঠাৎ ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহয়৷ তৰ্ক নকৰিব অন্যথা সম্পৰ্ক নষ্ট হব৷ ইয়াৰোপৰি আৰ্থিক দিশৰ পৰা আপুনি সতৰ্ক থাকিব লাগিব৷ অৰ্থ ব্যয় বহু পৰিমাণে বাঢ়িব পাৰে৷
কুম্ভ ৰাশি
সূৰ্যগ্ৰহণৰ প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থাৰ ওপৰত দেখা যাব৷ এই সময়ত অপ্ৰয়োজনীয় ব্যয় এৰাই চলক৷ অৰ্থ সংক্ৰান্তিয় সমস্যা হব পাৰে৷ স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে৷ জীৱনলৈ ক্লান্তি আৰু মানসিক চাপ আহিব পাৰে৷ কুম্ভ ৰাশিৰ জাতক জাতিকাই দুৰ্ঘটনাৰ পৰা বাচি থাকিবলৈ সাবধানে চলাফিৰা কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















