জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য আৰু শনিয়ে এটাই আনটোৰ বিপৰীতধৰ্মী গ্ৰহ হিচাপে পৰিচিত৷ কোনো কোনোৱে এই দুই গ্ৰহক শত্ৰু বুলিও কয়৷ তাৰ মানে এই দুই গ্ৰহৰ অৱস্থানৰ ফলত তৈয়াৰ হোৱা যোগত অশুভ বা কুপ্ৰভাৱ পৰে৷ বহু ক্ষেত্ৰত সূৰ্য আৰু শনিৰ সংযোগত সুসময় আহিছে কেইবাটাও ৰাশিৰ জীৱনত৷ আজি অৰ্থাৎ ১৭ ডিচেম্বৰ ২০২৫ত ধনু ৰাশিত সূৰ্যৰ গোচৰ আৰু মীন ৰাশিত শনিৰ গোচৰৰ ফলত এক অত্যন্ত শুভ যোগ তৈয়াৰ হৈছে৷ বুধবাৰে পুৱা ১০.০১ মিনিটত সূৰ্য আৰু শনিয়ে এটাই আনটোৰ সৈতে ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিছে৷ যাৰ ফলত তৈয়াৰ হৈছে লাভ যোগ৷ যাৰ প্ৰভাৱ আজি দিনজুৰি থাকিব ৪ ৰাশিৰ জাতকৰ ওপৰত৷ কোন ৪ ৰাশিৰ বাবে এই যোগ শুভ?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে সূৰ্য শনিৰ সংযোগৰ প্ৰভাৱ ইতিবাচক হব পাৰে৷ কৰ্মক্ষেত্ৰত উল্লেখযোগ্য সাফল্য লাভ কৰিব পাৰে৷ নেতৃত্বৰ সুযোগ আহিব৷ আজি ভাল পাৰফৰ্ম কৰিব৷ কঠোৰ পৰিশ্ৰমত ইতিবাচক ফলাফল পাব৷ হঠাৎ আৰ্থিক লাভে আৰ্থিক পৰিস্থিতিক উন্নত কৰিব৷ অৰ্থ উপাৰ্জনৰ নতুন পথ মুকলি হব৷
সিংহ ৰাশি
সূৰ্য আৰু শনিৰ যোগ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ হৈ উঠিব পাৰে৷ তেওঁলোকৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ আৰ্থিকভাৱে পূৰ্বতকৈ শক্তিশালী হব৷ ৰৈ থকা কাম আৰম্ভ হব৷ পাৰিবাৰিক বন্ধন দৃঢ় হব৷
তুলা ৰাশি
সূৰ্য আৰু শনিৰ এই উপকাৰী সংযোগ তুলা ৰাশিৰ বাবে বিশেষ হব৷ আৰ্থিকভাৱে এই সময়ত তেওঁলোকৰ জীৱনত ইতিবাচক প্ৰভাৱ মাতি আনিব পাৰে৷ ব্যৱসায়ত ভাল ফল পাব৷ গুৰুত্বপূৰ্ণ চুক্তিত চহী কৰিব পাৰে৷ পূৰ্বে আৰম্ভ হোৱা প্ৰকল্পৰ কাম শেষ কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি পাব৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ ভয় নকৰিব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে সূৰ্য আৰু শনিৰ লাভ যোগ অত্যন্ত উপকাৰী হব পাৰে৷ আৰ্থিক সমস্যাৰ সমাধান হব৷ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল দীৰ্ঘ অপেক্ষাৰ পাছত পাব পাৰে৷ নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই সময় শুভ৷ সমাজত সন্মান বৃদ্ধি পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















