জ্যোতিষশাস্ত্ৰত সূৰ্যৰ বিশেষ গুৰুত্ব আছে৷ সূৰ্যদেৱে আমাৰ জীৱনৰ অন্ধকাৰ দূৰ কৰি পোহৰেৰে উপচাই দিয়ে৷ ছটপূজাত সূৰ্যদেৱক উপাসনা কৰা হয়৷ সূৰ্যৰ আৰাধনা কৰিলে মানুহৰ জীৱনত শক্তি বৃদ্ধি পায়৷ সূৰ্য সিংহ ৰাশিৰ অধিপতি৷ দেওবাৰৰ দিনটো সূৰ্যক উৎসৰ্গা কৰাৰ দিন৷ জ্যোতিষশাস্ত্ৰ অনুসৰি কিছু ৰাশিচক্ৰ আছে যাৰ প্ৰতি সূৰ্যদেৱৰ বিশেষ কৃপা থাকে৷ তেওঁলোকৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়৷ তেওঁলোক সকলো ক্ষেত্ৰতেই সফলো হয়৷
ষটপূজাৰ সময়তে জানি থওক সূৰ্যদেৱৰ প্ৰিয় ৰাশি কি কি?
সিংহ ৰাশি নেতৃত্বৰ গুণ লৈ জন্ম হয়৷ তেওঁলোক নিৰ্ভীক, সাহসী আৰু দৃঢ়প্ৰতিজ্ঞ৷ এই ধৰণৰ লোকৰ উচ্চাকাঙ্খী, সাহসী আৰু দৃঢ় ইচ্ছাশক্তি সম্পন্ন৷ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ইচ্ছা পূৰণ কৰে সূৰ্যদেৱে৷ তেওঁ সকলো সময়তে সূৰ্যদেৱৰ কৃপা সকলো সময়তে বৰ্ষিত হয়৷ জীৱনৰ কঠিন মুহূৰ্তত তেওঁলোকে সহজে সিদ্ধান্ত ল’ব পাৰে৷ সাহস, উৎসাহ, কৰ্মশক্তিৰ অভাৱ তেওঁলোকৰ জীৱনতো কোনোদিনো সংকট নহয়৷ সংকটৰ সময়তো নিজৰ ওপৰত বিশ্বাস নেহেৰুৱাই এই ৰাশিৰ জাতক জাতিকাই৷
সূৰ্যদেৱৰ আশীৰ্বাদ থাকে ধনু ৰাশিৰ জাতক জাতিকাৰ ওপৰতো৷ এই ৰাশিৰ জাতকো অত্যন্ত সাহসী হয়৷ শত সমস্যাতো এই ৰাশিৰ জাতকে হাৰ নামানে৷ বুদ্ধিৰে এওঁলোকে কঠোৰ সময়ৰ মোকাবিলা কৰিব পাৰে৷
মেষ ৰাশিৰ ওপৰতো সূৰ্যদেৱৰ কৃপা সকলো সময়তে বৰ্ষিত হৈ থাকে৷ জীৱনৰ কঠিন মুহূৰ্ততো তেওঁলোকে সহজে সিদ্ধান্ত ল’ব পাৰে৷ সাহস, উৎসাহ, কৰ্মশক্তিৰ অভাৱ তেওঁলোকৰ জীৱনত কাহানিও নহয়৷ সংকটত নিজৰ ওপৰত বিশ্বাস অটুত ৰাখি আগুৱাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ