ছলমান খানৰ পাছত এইবাৰ শ্বাহৰুখ খানক ভাবুকি…কোনে দিলে ভাবুকি আৰু কিয় !
ভাৰতীয় ছবি জগতৰ অন্যতম সফল অভিনেতা ছলমান খানক ল’ৰেঞ্চ বিষ্ণোই আৰু বিষ্ণোই গোটে মৃত্যুৰ ভাবুকি দিয়াৰ পাছত এইবাৰ বলীউড কিং খান শ্বাহৰুখক মৃত্যুৰ ভাবুকি। ফৈজান খান নামৰ এজনে দিছে এই ভাবুকি।
মহাৰাষ্ট্ৰৰ বান্দ্ৰা থানাত ৰুজু হৈছে এফআইআৰ। ৰায়পুৰৰ অভিযুক্তই অভিনেতাগৰাকীৰ পৰা মুক্তিপণৰো দাবী কৰিছে।
বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়াৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। প্ৰতিবেদন অনুসৰি অভিনেতাগৰাকীক ভাবুকিভৰা ফোন আহিছিল অজ্ঞাতৰ পৰা। পাছত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত কৰাত অভিযুক্ত ফৈজান খান বুলি ধৰা পৰে।
ছত্তীশগড়ৰ ৰায়পুৰৰ নিবাসী ফৈজান নামৰ এজন ব্যক্তিয়ে ভাবুকিমূলক ফোন কৰিছিল অভিনেতা ছলমানক। সূত্ৰৰ পৰা জানিব পৰা মতে, মুম্বাই আৰক্ষীৰ এটা দল তদন্তৰ বাবে ৰায়পুৰলৈ যায়।
অভিনেতা শ্বাহৰুখ খানক ভাবুকি দিয়াৰ অভিযোগত বান্দ্ৰা থানাত অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। বিএনএছ ধাৰা ৩০৮(৪), ৩৫১(৩)(৪)ৰ অধীনত এটা অপৰাধ পঞ্জীয়ন কৰা হৈছে। যদিও ছত্তীশগড়ৰ ৰায়পুৰৰ পৰা ফোন কৰা বুলি মুম্বাই আৰক্ষীৰ পৰা কোনো নিশ্চিতকৰণ পোৱা নাই, তথাপিও ৰায়পুৰ আৰক্ষীৰ এগৰাকী বিষয়াই কয় যে মুম্বাই আৰক্ষীয়ে শ্বাহৰুখ খানক ভাবুকি দিয়াৰ বাবে ফৈজান খান নামৰ এজন ব্যক্তিক জাননী জাৰি কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ