অসম লাইভ২৪ঃ ভাৰতৰ তাৰকা বেটছমেন সূৰ্যকুমাৰ যাদৱে টি-২০ বিশ্বকাপত দেখুওৱাইছে ভাল পাৰফৰ্মেন্স৷ টি-২০ বিশ্বকাপ ২০২২ত তেওঁ যথেষ্ট ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ আজি অৰ্থাৎ দেওবাৰে জিম্বাব’ৱেৰ বিৰুদ্ধে হোৱা খেলত অৰ্ধশতক অৰ্জন কৰিছে সূৰ্যকুমাৰে। ইয়াৰোপৰি সূৰ্যকুমাৰে অন্য এটা ৰেকৰ্ডো গঢ়িছে৷ যি ৰেকৰ্ড গঢ়িবলৈ নামি-দামী বেটছমেলসকলে অহৰহ চেষ্টা কৰি থাকে৷
কি ৰেকৰ্ড গঢ়িলে সূৰ্যকুমাৰ যাদৱে?
সূৰ্যকুমাৰ যাদৱে টি-২০ বিশ্বকাপত তাৰকা বেটছমেন হিচাপে পৰিগণিত হৈছে সূৰ্যকুমাৰ৷ জিম্বাব’ৱেৰ বিৰুদ্ধে আজিৰ খেলত বিস্ফোৰক বেটিং কৰিছে সূৰ্যকুমাৰে৷ বাউণ্ডেৰীৰ চাৰিওফালেই বল কোবাই সকলোৰে প্ৰশংসা বুটলিছে সূৰ্যকুমাৰে৷ আজিৰ খেলত সূৰ্যকুমাৰ যাদৱে ২৫ টা বলত ৬১ ৰান সংগ্ৰহ কৰে৷ য’ত ৬ টাকৈ বাউণ্ডাৰী আৰু ৪ টাকৈ ছিক্স কোবাই দৃষ্টি কাঢ়িছে ক্ৰিকেটপ্ৰেমীৰ৷ আজিৰ ৬১ ৰানৰ সংগ্ৰহেৰে ৰেকৰ্ড গঢ়িলে সূৰ্যকুমাৰে৷ ২০২২ চনৰ টি-২০ ক্ৰিকেটত ১০০০ ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ল সূৰ্যকুমাৰে৷ এবছৰৰ ভিতৰত টি-২০ ক্ৰিকেটত ১০০০ ৰান কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে সূৰ্যকুমাৰ যাদৱ৷
টি-২০ত সূৰ্যকুমাৰৰ চমক
চলিত টি-২০ বিশ্বকাপত সূৰ্যকুমাৰ যাদৱে মুঠ ৫ টা ইনিংছত ২২৫ ৰাণ কৰিবলৈ সক্ষম হৈছে৷ সূৰ্যকুমাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে ৫৩ ৰান, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬৮ ৰান, জিম্বাব’ৱেৰ বিৰুদ্ধে ৬১ ৰান সংগ্ৰহ কৰে৷
কেৰিয়াৰত চলিত টি-২০ ৰ প্ৰভাৱ
চলিত বছৰটোতেই সূৰ্যকুমাৰ ভাৰতীয় দলটোত নিজা প্ৰভাৱ বিস্তাৰ কৰিছে। সকলোৰে বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছে সূৰ্যকুমাৰে। তেওঁ যিকোনো বলাৰৰ বিৰুদ্ধে কৰা আক্ৰমণাত্মক বেটিঙে হৃদয় জিনিছে ক্ৰিকেটপ্ৰেমীৰ। সূৰ্যকুমাৰে মৰা দিঘলীয়া ৬ একোটাই জনপ্ৰিয় কৰি তুলিছে সূৰ্যকুমাৰক। তেওঁ ভাৰতীয় দলটোৰ হৈ খেলা টি-২০ বিশ্বকাপৰ ৩৮ খন খেলত মুঠ ১২০৯ ৰান গঢ়িবলৈ সক্ষম হৈছে। এই ৰানৰ সৈতে সংপৃক্ত হৈ আছে এটা শতকো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ