অসম লাইভ ২৪ঃ বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যু এবছৰ পাৰ হ’ল। পিছে বিগত ৬ মাহে খালী হৈ আছে সুশান্ত সিং ৰাজপুটৰ ফ্লেট। কোনো ভাৰাতীয়াই ভাৰাত ল’ব নিবিচাৰে সুশান্তৰ ফ্লেটটো। ভাৰাতীয়া বিচাৰি এতিয়া ফ্লেটৰ মালিকে কৰিছে হাহাকাৰ। সুশান্ত থকা ফ্লেটটোৰ ভাৰা আছিল প্ৰতি মাহত ৪ লাখ ৫০ হাজাৰ টকা। সেই ফ্লেটটোতেই চিপ লৈ আত্মহত্যা কৰিছিল বলীউডৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ