অসম লাইভ ২৪ঃ কিছুদিন পূর্বে কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৩ গৰাকীকৈ মন্ত্ৰীক দিছিল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব। একোজন মন্ত্ৰীৰ দায়িত্বত প্ৰদান কৰা হৈছিল দুখন বা তিনিখনকৈ জিলা। উদ্দেশ্য আছিল কোভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰি যথোপযুক্ত কাৰ্যপন্থা হাতত লোৱা। হয়তো আগলৈও এই ব্যৱস্থা বাহাল থাকিব। একোগৰাকীকৈ মন্ত্ৰীৰ লগত থাকিব এগৰাকীকৈ সচিব। শেহতীয়াভাৱে সচিবসকলৰ নাম ৰাজহুৱা কৰিলে ৰাজ্য চৰকাৰে। সেই মৰ্মে…
১। বজালী, চৰাইদেউ আৰু মাজুলী জিলাৰ দায়িত্বত থকা অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সচিব হ’ব IAS নীৰজ বৰ্মা।
২। বাক্সা আৰু চিৰাং জিলাৰ দায়িত্বত থকা অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মৰ সচিব হ’ব IAS মনালিছা গোস্বামী।
৩। বৰপেটা, ধুবুৰী আৰু বঙাইগাঁও জিলাৰ দায়িত্বত থকা অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সচিব হ’ব IAS জে বি এক্কা।
৪। বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁও জিলাৰ দায়িত্বত থকা অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ সচিব হ’ব IAS ৰাজেশ প্ৰসাদ।
৫। কাছাৰ, কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালৰ সচিব হ’ব IAS মনিন্দৰ সিং।
৬। দৰং, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সচিব হ’ব IAS কে কে দ্বিবেদী।
৭। ধেমাজি আৰু লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণৰ সচিব হ’ব IAS বিনোদ চেছান।
৮। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ সচিব হ’ব IAS অনন্ত লাল জ্ঞানী।
৯। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনৰ সচিব হ’ব IAS এ পি দাস যোশী।
১০। গোৱালপাৰা, নলবাৰী আৰু দক্ষিণ শালমাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ সচিব হ’ব IAS মুকেশ চি চাহু।
১১। গোলাঘাট আৰু মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ সচিব হ’ব IAS অনুৰাগ গোৱেল।
১২। হাইলাকান্দি, হোজাই আৰু কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সচিব হ’ব IAS ৰাকেশ কুমাৰ।
১৩। যোৰহাট আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সচিব হ’ব IAS বি কল্যাণ চক্ৰৱৰ্তী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ