অসম লাইভ২৪ঃ ঘোষণা হ’ল ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানত ন’বেল বিজয়ী চিকিৎসকৰ নাম। মেডিচিন আৰু ফিজিঅ’লজী বিভাগত ২০২২ বৰ্ষত ন’বেল বঁটা লাভ কৰিছে ছুইডেনৰ চিকিৎসা বিজ্ঞানী স্বান্তে পাব’-এ। সোমবাৰে ছুইডেনৰ কাৰোলিনস্কা ইনষ্টিটিউটৰ ন’বেল এছেম্বলীত ঘোষণা কৰা হৈছে এই বঁটা।
বিলুপ্ত হিউমেন জিন অৰ্থাৎ মানৱজাতিৰ বিৱৰ্তনৰ ওপৰত গৱেষণা কৰাৰ বাবেই এই বঁটা লাভ কৰিছে পাব’ৰে। এই বঁটাৰ সৈতে চিকিৎসক পাব’য়ে লাভ কৰিছে ১ কোটি ছুইডিছ ক্ৰাউনচ। ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমান হ’ব ৩৬ লাখ ৫৩ হাজাৰ ৭০৫ টকা।
ন’বেল লাভ কৰাৰ পিছতেই চিকিৎসক এছ ভাণ্টে পাব’ৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠিছে বহুজন। ন’বেল বিজয়ী পাবোৰ জন্ম ছুইডেনত। ‘নিয়াণ্ডাৰথাল’ বৰ্তমানৰ মানৱ প্ৰজাতিৰ বিলুপ্ত পূৰ্বপুৰুষ আছিল। সেই ‘নিয়াণ্ডাৰথালৰ’ জিন পৰীক্ষা কৰিছে পাবোয়ে। বৰ্তমান মানৱ প্ৰজাতিৰ আন এক পূৰ্বপুৰুষ ‘হোমিনিন’ৰো পৰীক্ষা কৰিছে ন’বেল বিজয়ী পাবোয়ে। গৱেষণাৰ অন্তত পাবোয়ে প্ৰকাশ কৰা অনুসৰি জিনবোৰ সেই বিলুপ্ত প্ৰজাতিৰ পৰা বৰ্তমানৰ মানৱ প্ৰজাতিৰ শৰীৰলৈ স্থানান্তৰিত হয়।
বিগত ১০ বছৰত কোন কোন চিকিৎসকে ন’বেল পাবলৈ সক্ষম হৈছিল? ২০২১ বৰ্ষত চিকিৎসাবিজ্ঞানৰ শ্ৰেষ্ঠ সন্মান ন’বেল বঁটা লাভ কৰিছিল ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানে। দুয়ো আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসক। দুয়োয়ে যুটিয়াভাৱে এই বঁটা লাভ কৰিছিল উষ্ণতা আৰু স্পৰ্শৰ ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে। ২০২০ বৰ্ষত চিকিৎসা বিজ্ঞানত তিনিগৰাকী বিজ্ঞানীয়ে ন’বেল বঁটা লাভ কৰিছিল। তিনি বিজ্ঞানী ক্ৰমে হাৰ্ভে অলটাৰ আৰু চাৰ্লচ ৰাইচে আৰু মাইকেল হুটন। এই বঁটা বিজয়ী হাৰ্ভে আৰু চাৰ্লছ দুয়ো আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আনহাতে মাইকেল হুটন, ইউকেৰ চিকিৎসক। হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ লগতে এই বেমাৰ ধৰা পেলোৱাৰ বাবে তেজ পৰীক্ষা আৰু এণ্টিভাইৰেল ঔষধ বিকশিত কৰাৰ বাবে তিনিও চিকিৎসকে লাভ কৰিছিল ন’বেল।
২০১৯ বৰ্ষত এই বঁটা লাভ কৰিছিল উইলিয়াম কেলিন, গ্ৰেগ চেমেনজা আৰু পিটাৰ ৰাটক্লিফে। ২০১৮ বৰ্ষত চিকিৎসা বিজ্ঞানৰ এই শ্ৰেষ্ঠ সন্মান লাভ কৰিছিল আমেৰিকাৰ জেমছ এলিচন আৰু জাপানৰ তাচুকু হোঞ্জোয়ে। ২০১৭ বৰ্ষত ন’বেল বঁটা লাভ কৰিছিল জেফ্ৰী হল, মাইকেল ৰ’ছবাছ, মাইকেল য়ং।
২০১৬ ত এই বঁটা লাভ কৰিছিল জাপানৰ ইয়োশিনোৰি ওহচুমিয়ে। ২০১৫-ত এই বঁটা পাইছিল আমেৰিকাৰ উইলিয়াম কেম্পবেল, জাপানৰ সাতোশী ওমুৰা চীনৰ টু য়ু-এ। ২০১৪-ত এই বঁটা লাভ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসক জন অ’কিফ, নৰৱেৰ এডভাৰ্ড আই মোজাৰ আৰু মে-ব্ৰিট মোজাৰে। আনহাতে ২০১৩-ত এই বঁটা লাভ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ থমাছ চি চুধফ, জেমছ ই ৰথমেন আৰু ৰেণ্ডি ডব্লিউ শ্বেকমেনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ