• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

1 month ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

52 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

3 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

11 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

12 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

14 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

15 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

15 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

অভিনেত্ৰী স্বৰা ভাস্কৰৰ সঞ্জয় লীলা ভাঞ্চালীলৈ প্ৰশ্ন

editor by editor
September 1, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা
0
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে অভিনেত্ৰী স্বৰা ভাস্কৰৰ এটা পুৰণি ভিডিঅ’। ভিডিঅ’টোত ‘পদ্মাৱত’ ছবিখন চোৱাৰ পিছত কিয় তেওঁ ইমান ক্ষুব্ধ হৈছিল, সেই বিষয়ে মুকলিকৈ মন্তব্য কৰা দেখা গৈছে। প্ৰায় আঠ বছৰ পূৰ্বে ছবিখনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীলৈ স্বৰাই এখন মুকলি চিঠি লিখিছিল। ছবিখনত জৌহৰ আৰু সতীক মহিমামণ্ডিত কৰা হৈছে বুলি অভিযোগ তুলি সেই সময়ত তেওঁ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিল। স্বৰাৰ সেই চিঠিক লৈ তেতিয়া ছ’চিয়েল মিডিয়া আৰু চলচ্চিত্ৰ জগতত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। এতিয়া দিল্লীৰ এটা অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে পুনৰ সেই পুৰণি বিষয়টো উত্থাপন কৰাত ভিডিঅ’টো নতুনকৈ ভাইৰেল হৈছে।

ভাইৰেল ভিডিঅ’টোত স্বৰাই কয় যে ‘পদ্মাৱত’ত প্ৰায় ৮০০গৰাকী মহিলাই জৌহৰ কৰা দেখুওৱা হৈছিল অৰ্থাৎ ছবিখনত প্ৰায় ৮০০গৰাকী মহিলাই শত্রুৰ হাতত বন্দী হোৱাৰ আশংকাত জুইত সমূহীয়াভাৱে আত্মাহুতি দিয়া দৃশ্য দেখুওৱা হৈছিল। এই দৃশ্য চোৱাৰ পিছত তেওঁৰ মনত এটা গভীৰ প্ৰশ্ন উদয় হৈছিল। স্বৰাৰ মতে, যদি ভগৱানে নকৰক, তেওঁ নিজেই ধ*ৰ্ষণৰ বলি হ’লহেঁতেন, তেন্তে ছবিখনে তেওঁক কি বাৰ্তা দিলেহেঁতেন? তেওঁ কয় যে এনে পৰিস্থিতিত তেওঁ নিজকে ভীৰু যেন অনুভৱ কৰিলেহেঁতেন। ইয়াৰ পিছতে স্বৰাই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে—সমাজে নাৰীক এই বাৰ্তাই দিব বিচাৰেনে যে ধৰ্ষ*ণৰ বলি হ’লে তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ নাই? তেওঁ লগতে প্ৰশ্ন কৰে, “ধ*ৰ্ষণ এগৰাকী নাৰীৰ জীৱনৰ অন্ত নেকি?”

কেৱল জৌহৰৰ দৃশ্যই নহয়, ছবিখনৰ আন এটা দৃশ্যও স্বৰাৰ বাবে যথেষ্ট আমনিদায়ক আছিল বুলি উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰে যে ছবিখনত এগৰাকী গৰ্ভৱতী মহিলাৰ পেটৰ ক্ল’জ আপ দৃশ্য দেখুওৱা হৈছিল। স্বৰাৰ মতে, এই দৃশ্যটো চোৱাৰ সময়ত তেওঁৰ মনলৈ আহিছিল—গৰ্ভস্থ সন্তানটো যদি ছোৱালী হয়, তেন্তে ভৱিষ্যতে তাই ধ*ৰ্ষণৰ বলি হ’ব পাৰে বুলি ভাবি তাইৰ জন্মৰ অধিকাৰক লৈও প্ৰশ্ন কৰিব নেকি? এই দৃশ্য আৰু ছবিখনৰ আন কেইবাটাও উপস্থাপনাই তেওঁক গভীৰভাৱে বিচলিত কৰিছিল বুলি স্বৰাই কয়। ছবিখন চোৱাৰ পিছত তেওঁৰ যথেষ্ট খং উঠিছিল বুলিও তেওঁ প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
Next Post
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ'ব দিন, আহি আছে সুদিন

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ'ল নতুন আইন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.