অসম লাইভ২৪ঃ বিদ্যুৎৰ মাছুল দিনকদিনে বাঢ়িছে৷ আমাৰ ৰাজ্যতো বহুসময়ত বৰ্ধিত বিদ্যুৎ মাছুলক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদতো নামি পৰিছে জনতা৷ অৱশ্যে কিছু নিৰ্দেশনা মানিয়েই কমাব পাৰে বিদ্যুত মাছুল৷ চৰকাৰে দিয়া এই জাননীৰ পৰাই এজন গ্ৰাহকে ১০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুত লাভ কৰিব পাৰে৷ এই সুবিধা কোনখন ৰাজ্যত উপলব্ধ হ’ব সেই সম্পৰ্কেও নিশ্চয়কৈ আপুনিও জানিবলৈ আগ্ৰহী৷
অৱশ্যে এই সুবিধা বৰ্তমান উপলব্ধ হৈছে তামিলনাডুত৷ এগৰাকী গ্ৰাহকে বিদ্যুত সংযোগৰ কাগজ-পত্ৰসমূহৰ সৈতে আধাৰ লিংক কৰিলেই লাভ কৰিব ১০০ ইউনিট ফ্ৰী বিদ্যুত৷
তামিলনাডু চৰকাৰে ঘোষণা কৰা মতে তামিলনাডু জেনাৰেশন এণ্ড ডিষ্ট্ৰিবিউচন কোম্পানীয়ে গ্ৰাহকসকলৰ আধাৰ কাৰ্ডৰ সৈতে উপভোক্তা নম্বৰ লিংক কৰাৰ বাবে নিৰ্দেশ দিছে৷ এই নিৰ্দেশৰ পাছতেই তামিলনাডুৰ ইলেক্ট্ৰিছিটিৰ কাৰ্যালয়সমূহত দেখা গৈছে অভাৱনীয় ভিৰ৷
ইপিনে এই সমস্যা সমাধানৰ বাবে শক্তিমন্ত্ৰী ভি চেন্থিল বালাজীয়ে চেন্নাইত স্থাপন কৰা এটা কাউণ্টাৰ পৰিদৰ্শন কৰাৰ পিছত বিষয়াসকলক সঠিক ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তামিলনাডু চৰকাৰে বিদ্যুৎ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছে যে আধাৰৰ সৈতে বিদ্যুৎ সংযোগ কৰিবলৈ অহা গ্ৰাহকসকলৰ কোনো অসুবিধা হ’ব নালাগে। কেৱল এয়াই নহয়, ইয়াৰ বাবে চৰকাৰে বিতং নিৰ্দেশনা জাৰী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ