অসম লাইভ২৪ঃ শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ আহিবলগা নতুন ছবি পাঠানক লৈ অব্যাহত আছে বিতৰ্ক৷ বিশেষকৈ ছবিখনৰ প্ৰথম মুক্তিপ্ৰাপ্ত গান ‘বেছৰম ৰং’ ত দীপিকাই পিন্ধা বিকিনিক লৈ জাঙুৰ খাই উঠিছে দেশৰ হিন্দু সংগঠনসমূহ৷ শেহতীয়াভাৱে এই বিতৰ্কক লৈ চেঞ্চৰ বোৰ্ডৰ কাষ৷ চাপিছে বহুকেইটা হিন্দু সংগঠন৷ ছবিখনত কিছু সালসলনি আনিবলৈ প্ৰযোজক-পৰিচালকক নিৰ্দেশ দিবৰ বাবেও আবেদন জনাইছে সংগঠন কেইটাই৷
এই সন্দৰ্ভত চেঞ্চৰ বোৰ্ডৰ অধ্যক্ষ প্ৰসুন যোশীয়ে কয়, ‘চিবিএফচিৰ নিৰ্দেশনা অনুসৰি ‘পাঠান’য়ে যথাযথ সমূহ তদন্ত কৰাৰ পাছতহে মুক্তিৰ অনুমতি লাভ কৰিছে৷ তথাপিও জনতাৰ আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযোজকক আমি ছবিখনৰ বিতৰ্কিত গীতটোত সালসলনি কৰিবলৈ নিৰ্দেশ দিছো৷ ছবিগৃহত মুক্তি দিয়াৰ আগতেই সংশোধিত সংস্কৰণ দাখিল কৰিবলৈকো আমি প্ৰযোজক-পৰিচালকক নিৰ্দেশ দিছো৷’ ২৩ জানুৱাৰীত তিনিটা ভাষা হিন্দী, তেলেগু আৰু তামিলত মুক্তি লাভ কৰিব পাঠানে৷ অৱশ্যে চিনেমাখনত চেঞ্চৰ বৰ্ডৰ নিৰ্দেশ অনুসৰণ কৰি দৃশ্যৰ সলনি হ’বনে সেয়াহে এতিয়া লক্ষ্যণীয় বিষয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ