জ্যোতিষ গণনাৰ এক উল্লেখযোগ্য অংগ হৈছে টেৰো কাৰ্ড গণনা৷ টেৰো কাৰ্ড বিচাৰ কৰি কোন ৰাশিৰ জাতকৰ ভাগ্য কি সেয়া জানিব পাৰিব৷ কেইটামান দিন পাছতেই আৰম্ভ হ’ব অক্টোবৰ মাহ৷ জ্যোতিষ অনুসৰি অক্টোবৰ মাহৰ অধিপতি গ্ৰহ সূৰ্য৷ টেৰো কাৰ্ড গণনা কৰি দেখা গৈছে যে উৎসৱৰ মাহ অক্টোবৰ কেইটামান ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ৷ এই সকলো ৰাশিৰ জাতকৰ আগন্তুক মাহত জীৱনৰ কাহানিও নোপোৱা সুখ সমৃদ্ধি আহিব৷ অক্টোবৰ মাহত এই সকলো ৰাশিৰ জাতকৰ ওপৰত দেৱী মহালক্ষ্মীৰ কৃপা বৰ্ষিত হ’ব৷ জানি থওক অক্টোবৰত লক্ষ্মীৰ আশীৰ্বাদ সুখ সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
বৃষ ৰাশি
অক্টোবৰত কৰ্মক্ষেত্ৰত উন্নতিৰ একাধিক সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰো এই সময়ত ধন লাভৰ যোগ আছে৷ এইমাহত লক্ষ্মীৰ কৃপাত আগন্তুক মাহত উপাৰ্জন বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ৷ নিজৰ সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ অক্টোবৰত ব্যৱসায়ীয়ে বৃহৎ লাভ কৰিব৷ সংসাৰত সমৃদ্ধি আহিব৷
মিথুন ৰাশি
অক্টোবৰ মাহ শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ পেছাগত জীৱনত বৃহৎ সাফল্য পাব আপুনি৷ এই সময়ত উন্নতিৰ পথত বহু পৰিমানে আগুৱাই যাব মিথুন ৰাশিৰ জাতক৷ ইয়াৰোপৰি সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ অক্টোবৰত প্ৰেম জীৱন ভাল হ’ব৷ সকলো কামত পৰিয়ালক কাষত পাব৷
কৰ্কট ৰাশি
অক্টোবৰ মাহত ব্যৱসায়ত কোনো বৃহৎ চুক্তি সাক্ষৰ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মোটা টকা হাতলৈ আহিব পাৰে৷ অন্যহাতে আগন্তুক মাহত সাংসৰিক জীৱনত বেছ সুখ আহিব৷ মানসিকভাৱে এই সময়ত আপুনি পৰিয়ালক কাষত পাব৷ টেৰো গণনাই কৈছে, অক্টোবৰৰ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷
সিংহ ৰাশি
পূজাৰ মাহৰ অক্টোবৰত সৌভাগ্য তুংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ নিজৰ সকলো অসম্পূৰ্ণ কাম এই সময়ত সম্পন্ন হ’ব৷ ব্যৱসায়ত যি প্ৰকল্পৰ কাম ইমান দিনে ৰৈ আছে সেয়া সম্পূৰ্ণ কৰিব পাৰিব৷ ইয়াৰ ফলত আত্মবিশ্বাস তুংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত উন্নতি কৰিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব৷
কন্যা ৰাশি
টেৰো গণনা অনুসৰি অক্টোবৰ মাহ শুভ হ’ব কন্যা ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত লক্ষ্মীৰ আশীৰ্বাদত সুখ আৰু সৌভাগ্য লাভ হ’ব আপোনাৰ৷ আৰ্থিক পৰিস্থিতি এই সময়ত বহু সময়ত পৰিমানে শুভ হ’ব৷ অক্টোবৰত আপুনি পৰিশ্ৰম কৰিলে তাৰ সুফল লাভ কৰিব৷ সংগীৰ সৈতে ভাল সময় কটাব সিংহ ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ