• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাঁহি ৰাজনীতি কৰা মানুহজন, হু ইজ বদৰুদ্দিন বুলি কোৱা আপোনভোলা মানুহজনৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী

হাঁহি ৰাজনীতি কৰা মানুহজন, হু ইজ বদৰুদ্দিন বুলি কোৱা আপোনভোলা মানুহজনৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী

3 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

54 minutes ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

1 hour ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

1 hour ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

2 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

2 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

3 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

4 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

5 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

7 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

7 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাঁহি ৰাজনীতি কৰা মানুহজন, হু ইজ বদৰুদ্দিন বুলি কোৱা আপোনভোলা মানুহজনৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী

editor by editor
November 23, 2023
in অসম, জীৱনশৈলী, ৰাজনীতি, লেখা
0
হাঁহি ৰাজনীতি কৰা মানুহজন, হু ইজ বদৰুদ্দিন বুলি কোৱা আপোনভোলা মানুহজনৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তৰুণ গগৈ। আপোনভোলা, বাদ দিয়াহে বুলি কাকোৱেই ভয় নকৰা সকলোৰে পৰিচিত আৰু কোনোৱে বাদ দিব নোৱাৰা মানুহজনেই আছিল তৰুণ গগৈ। আজি তৰুণ গগৈৰ ওপজা দিন। তৰুণ গগৈ আছিল এজন অত্যন্ত উদ্যমী আৰু ৰসাল ব্যক্তি। ৰাজনৈতিক ক্ষেত্ৰৰ তেওঁৰ পাৰদৰ্শিতাৰ সাক্ষী ১৫টা বছৰ। হিংসাজৰ্জৰ অসমক শান্তিৰ বাতাবৰণৰ মাজত কেনেকৈ জীয়াই থাকিব পাৰি সেই কথা শিকোৱা মানুহজনেই তৰুণ গগৈ। তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী ৰূপে অসমক সমৃদ্ধশালী কৰিবলৈ তেওঁ গ্ৰহণ কৰা স্থিতিয়ে তেওঁক মনত ৰাখিবলৈ বাধ্য কৰে আপোনাৰ মোৰ দৰে সেই সময়ৰ সাক্ষী বহুজনকেই। ৰাজনীতি তেওঁৰ তেজত আছিল। সেয়েহে ৰাষ্ট্ৰীয় পৰ্যায়তো কংগ্ৰেছৰ শীৰ্ষ বিষয়বাব পোৱাৰ ওপৰিও হাইকমাণ্ডৰ কাষত বিশেষ ডিমাণ্ড আছিল তৰুণ গগৈৰ।

তথ্য অনুসৰি, ১৯৩৬চনৰ ১এপ্ৰিলত ৰঙাজান চাহ বাগিছাত জন্ম গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে। ২০০১চনৰ ১৪মে’ৰ পৰা ২০১৬চন লৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল। ৰাজনৈতিক পৰিপক্কতাৰ বাবে তেওঁ মুখৰ এটা বাক্যই সাধাৰণ ভোটাৰৰ বাবে আৰু বিৰোধীৰ বিৰুদ্ধে পশুপাত অস্ত্ৰ হৈছিল। ৰাজনীতিত তেওঁ আছিল বিৰামহীন ৰণুৱা। তেওঁ বুজি পাইছিল কেনেকৈ কৰিব লাগে ৰাজনীতি। কেতিয়া, কত, কাক আঁকোৱালি লৈ কাক প্ৰত্যাহ্বান জনাব লাগে। সেয়েহে তেওঁ ক’ব পাৰিছিল- “হু ইজ বদৰুদ্দিন।”

ৰঙাজান চাহ বাগিছাত থকা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গগৈয়ে। তাৰ পিছত তেওঁ যোৰহাটত আৰু ভোলাগুৰি হাইস্কুলত পৰৱৰ্তী শ্ৰেণী অধ্যয়ন কৰে। ১৯৪৯চনত যোৰহাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল। পঢ়া-শুনাত মেধাৱী নাছিল তেওঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ জে বি কলেজত নামভৰ্তি কৰিছিল তৰুণ গগৈয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী গ্ৰহণ কৰি ৰাজনীতিৰে জড়িত হৈ পৰিছিল তেওঁ। সকলোৰে বাবে তেওঁৰ নামটো আছিল এজন স্বভাৱসুলভ, হাঁহিমুখীয়া আৰু ৰাজ্যৰ ৰাজনীতিত সাম্প্ৰতিক সময়ৰ এক চৰ্চিত নাম। কোৰোনাৰ সংক্ৰমণৰ আগলৈকে তেওঁ আছিল অত্যন্ত সক্ৰিয় কংগ্ৰেছৰ এজন নেতা।

৬বাৰকৈ লোকসভাৰ সাংসদ হৈছিল তৰুণ গগৈ। ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ১৯৬৭ চনত যোৰহাট মিউনিচিপালিটী বৰ্ডৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল। ১৯৭৬ত তেওঁ এ আই চি চি (নিখিল ভাৰত কংগ্ৰেছ কমিটি)ৰ যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হৈছিল। ১৯৭৭চনত দ্বিতীয়বাৰৰ বাবে, ১৯৮৩চনত তৃতীয় বাৰৰ বাবে সাংসদৰূপে তেওঁ নিৰ্বাচিত হৈছিল। ১৯৮৩ চনত তেওঁ পুনৰ এ আই চি চিৰ যুটীয়া সম্পাদক হয়।

১৯৮৫ত এ আই চিচিৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব লৈছিল তৰুণ গগৈয়ে। ইন্দিৰা গান্ধীৰো ঘনিষ্ঠ আছিল তৰুণ গগৈ। ১৯৮৬ৰ পৰা ১৯৯০লৈ তেওঁ আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। ১৯৯১চনত তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰী(ৰাজ্যিক স্বতন্ত্ৰ)ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ কলিয়াবৰৰ পৰা ১৯৯১চনত সাংসদৰূপে নিৰ্বাচিত হৈ এই মন্ত্ৰীত্ব লাভ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাত। ১৯৯৩চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৮চনত তেওঁ পুনৰ সাংসদ ৰূপে নিৰ্বাচিত হয়।১৯৯৯চনত ষষ্ঠবাৰৰ বাবে কলিয়াবৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল গগৈ।

ৰাজ্যৰ ৰাজনীতিত পট পৰিৱৰ্তন ঘটাত তৰুণ গগৈ পুনৰ ঘূৰি আহে অসমলৈ। গুপ্তহত্যা, চৰকাৰী কৰ্মচাৰীক দৰমহা দিব নোৱাৰা আদি অনেক সমস্যাৰে জৰ্জৰিত অসমত ২০০১চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। তৰুণ গগৈয়ে মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লয়। মুঠ ১৫বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত আছিল তৰুণ গগৈ। ২০১৬চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ পতন ঘটে। অৱসান ঘটিছিল তৰুণ গগৈৰ শাসন। বহু কেলেংকাৰীৰ দাগ তেওঁৰ চৰকাৰৰ গাত লাগিলেও তৰুণ গগৈয়ে জানিছিল নিজকে নিকা কৰি ৰখাৰ কৌশল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
আগন্তুক বৰ্ষত বৃহস্পতিৰ গোচৰ, মাৰ্গী হ’ব শনি! হাতলৈ টকাই টকা আহিব ৪ৰাশিৰ

আগন্তুক বৰ্ষত বৃহস্পতিৰ গোচৰ, মাৰ্গী হ’ব শনি! হাতলৈ টকাই টকা আহিব ৪ৰাশিৰ

সাজু ৪১ খন এম্বুলেঞ্চ, বেছি সময় নাই, সোনকালেই মুকলি আকাশৰ তললৈ আহিব সুৰংগত আৱদ্ধ ৪১জন শ্ৰমিক

সাজু ৪১ খন এম্বুলেঞ্চ, বেছি সময় নাই, সোনকালেই মুকলি আকাশৰ তললৈ আহিব সুৰংগত আৱদ্ধ ৪১জন শ্ৰমিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.