অসম লাইভ২৪ঃ অনলাইন পেমেণ্টৰ জগতত এইবাৰ আহিছে আন এক বৃহৎ পৰিবৰ্তন। কাৰণ এইবাৰ এই দুনীয়াত মেগা এণ্ট্ৰী দিবলৈ আগবাঢ়িছে টাটা গ্ৰুপ। অনলাইন পেমেণ্ট ছেক্টৰত প্ৰৱেশ কৰাৰ বাবে ইতিমধ্যেই গ্ৰীণ চিগনেল লাভ কৰিছে টাটা গ্ৰুপে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই সম্প্ৰতি টাটা গ্ৰুপত ডিজিটেল পেমেণ্ট এপ টাটা পেমেণ্টক PA বা পেমেণ্ট এগ্ৰিগেটৰ লাইছেন্সো প্ৰদান কৰিছে। এই অনুমোদন ই-কমাৰ্ছ লেনদেনক আৰু সহজ কৰি তোলাত সহায়ক হ’ব।
টাটা পেমেণ্ট পৰিচালনাৰ দায়িত্বত আছে গ্ৰুপটোৰ সহযোগী প্ৰতিষ্ঠান টাটা ডিজিটেল। টাটা ডিজিটেলে মূলত টাটা গ্ৰুপৰ ডিজিটেল ব্যৱসায়ৰ দায়িত্ব বহন কৰি আছে। ২০২২ চনত টাটা গ্ৰুপ ডিজিটেল পেমেণ্ট এপ্লিকেশ্ব্যন আৰম্ভ হৈছিল। বিগত দিনকেইটাত আইচিআইচিআই বেংকৰ সৈতে অংশীদাৰিত্বৰ ব্যৱসায় চলাইছিল কোম্পানীটোৱে। কিন্তু এইবাৰ নিজেই পেমেণ্টৰ ব্যৱসায়ত নামি পৰিছে টাটা।
RBI য়ে কি কি লাইচেঞ্চ প্ৰদান কৰিছে টাটাক?
RBIয়ে দিয়া তথ্যমতে টাটাই ইয়াৰ পূৰ্বে প্ৰিপেইড ব্যৱসায় বা মোবাইল ৱালেটত বিশেষভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু সেই বিষয়টোক লৈ RBIৰ তৰফৰ পৰা পাৰ্মিছন নোপোৱাত স্তব্ধ হৈ পৰে। অৱশেষত অনুমতি লাভ কৰিছে টাটাই। টাটা পেৰ ওপৰিও বিনিয়োগ প্লেটফৰ্ম গ্ৰৰ তৰফৰ পৰা বেকআপ পোৱা বাংগালুৰু ভিত্তিক ষ্টাৰ্টএপ DGOয়েও সম্প্ৰতি পেমেণ্ট এগ্ৰিগেটৰ লাইছেঞ্চ লাভ কৰিছে।
বজাৰত বৰ্তমান জনপ্ৰিয় অনলাইন পেমেণ্ট এপ কি কি?
গুগল পেঃ এই এপ ভাৰতীয় ডিজিটেল পেমেণ্ট চিষ্টেম এপ। এই এপ তৈয়াৰ কৰিছে গুগলে। এই এপ ভাৰতৰ সকলোতকৈ বেছি ব্যৱহৃত পেমেণ্ট এপ। অনলাইন আৰু অফলাইন উভয় পেমেণ্টৰ বাবেই Google Pay ব্যৱহাৰ কৰিব পাৰি।
ফোন পেঃ ফোন পেও ভাৰতীয় ডিজিটেল পেমেণ্ট চিষ্টেম এপ, যি এপ তৈয়াৰ কৰিছে ফ্লিপকাৰ্টে। এই এপত ভাৰতত দ্বিতীয় সৰ্বাধিক ব্যৱহৃত পেমেণ্ট এপ। গুগল পেৰ দৰেই এই এপতো প্ৰায় সকলো সুবিধাই উপলব্ধ।
পে টি এমঃ Paytmৰ তৰফৰ পৰা তৈয়াৰ কৰা এয়াও এক ডিজিটেল পেমেণ্ট চিষ্টেম। এই এপ ভাৰতত লেনদেনৰ ক্ষেত্ৰত ব্যৱহৃত তৃতীয় জনপ্ৰিয় অনলাইন এপ। এইসমূহৰ ওপৰিও ভাৰতত বৰ্তমান আমাজন পে, মোবিকুইকৰ দৰেও কেইবাটাও অনলাইন পেমেণ্ট এপ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ