উৎসৱৰ বতৰত ৰতন টাটাই বৃহৎ উপহাৰ দিবলৈ আগবাঢ়িছে দেশবাসীক৷
আৰু মাত্ৰ এমাহ পাছতেই দীপাৱলী, দীপাৱলীতেই দেশবাসীক ভাল খবৰ দিব ৰতন টাটাই৷
দেশত টাটাই তৈয়াৰ কৰিব ৫০ হাজাৰ চাকৰি৷
চলিত সপ্তাহতেই বজাৰলৈ আহিছে আইফোন ১৬৷
ইমানদিনে বিদেশৰ পৰা আমদানি কৰা হৈছে আইফোনসমূহ৷
এইবাৰ ভাৰততেই তৈয়াৰ হ’ব আইফোন৷
সেই আইফোন তৈয়াৰৰ দায়িত্ব পাইছে ৰতন টাটাৰ সংস্থাই৷
জনা গৈছে টাটা ইলেকট্ৰনিক্স আইফোন তৈয়াৰৰ কামত নামিছে৷
আগন্তুক নৱেম্বৰ মাহত অৰ্থাৎ দীপাৱলিৰ সময়ত আইফোন তৈয়াৰৰ কাম আৰম্ভ হ’ব ভাৰতত৷
তামিলনাডুত ২৫০ একৰ মাটিৰ ওপৰত হোচুৰ প্লেণ্টত আইফোন তৈয়াৰৰ কাৰখানা গঢ়ি তোলা হ’ব৷
টাটা ইলেক্ট্ৰনিক্সত প্ৰায় ৬ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে৷
উৎপাদন আৰম্ভ হ’লে ৫০০০০ কৰ্মসংস্থানৰ পথ মুকলি হ’ব৷
বৰ্তমান এই প্লেণ্টত ১৫ হাজাৰ কৰ্মীয়ে কাম কৰিব৷
আইফোন তৈয়াৰৰ বাবে কৰ্ণাটকৰ কোলাৰতো উইষ্ট্ৰণ প্লেণ্ট অধিগ্ৰহণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ