এসময়ত পৃথিৱীৰ সৰ্ববৃহৎ মোবাইল ব্ৰেণ্ডসমূহৰ মাজত অন্যতম আছিল LG, কিন্তু স্মাৰ্টফোনৰ বজাৰত টিকি থাকিব নোৱাৰিলে এই ব্ৰেণ্ড৷ অৱশেষত নিজৰ মোবাইলৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে দক্ষিণ কোৰিয়াৰ এই সংস্থাই৷
সংস্থাৰ তৰফৰ পৰা দিয়া বিবৃতিত জনা গৈছে যে আগন্তুক ৩০ জুন তাৰিখে মোবাইল নিৰ্মাণৰ ওপৰিও ইতিপূৰ্বে বিক্ৰি হোৱা সকলো ফোনৰ আপডেট বন্ধ কৰি দিব LGয়ে৷ বিবৃত্তিত কোৱা হৈছে যে যি গ্ৰাহকে LG মোবাইলক এদিন ভৰসা কৰিছিল তেওঁলোকৰ ওচৰত আমি সদায়ে কৃতজ্ঞ৷ উল্লেখ্য যে ২০২১ চনত মোবাইল ব্যৱসায় বন্ধ কৰাৰ কথা জনাইছিল সংস্থাটোৱে৷ কিন্তু ঠিক কেতিয়া বন্ধ হ’ব সেই কথা স্পষ্টকৈ জনোৱা নাছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ