কেমিকেল ফেক্টৰীত ভয়ংকৰ ঘটনা, অকালতে প্ৰাণ হেৰুৱালে ১৭ লোকে
তেলেংগানাত আজি ৩০ জুন তাৰিখে সংঘটিত হৈছে এক অতিকে ভয়ংকৰ ঘটনা। এটা কেমিকেল ফেক্টৰী ব্লাষ্ট হৈ অকালতে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে। ইয়াৰ বাহিৰে অন্য ১০ৰ পৰা ১৫ গৰাকীমান লোক আহত হৈছে যদিও, কোনোমতে প্ৰাণ ৰক্ষা পৰে বহু শ্ৰমিকৰ।
ঘটনাটো আজি পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় । ঘটনাৰ পিছতে কাৰখানাৰ ভিতৰত হুলস্তুলৰ সৃষ্টি হয়। জীৱন ৰক্ষাৰ বাবে বহু শ্ৰমিক দৌৰি আহে যদিও ওলাই আহিব নোৱাৰাৰ ফলত ১৭ জন লোক বেয়াকৈ জ্বলি থিতাতে মৃত্যু হয়।
জানিব পৰা মতে, কাৰখানাটোৰ ৰাসায়নিক ৰিয়েক্টৰত বিস্ফোৰণ ঘটিছিল, যাৰ ফলতেই কাৰখানাটোত জুই লাগে। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ ১১খন বাহন আহি জুই নিৰ্বাপন কৰে।
আহতসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। পাশমিলাৰামত অৱস্থিত ছিগাচি কেমিকেল ইণ্ডাষ্ট্ৰীত সংঘটিত হয় এই দুৰ্ঘটনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















