অতৰ্কীতে আক্ৰমণ জনসাধাৰণৰ ওপৰত, বহু কেইজন নিহত, আহত ১৩, ২ আক্ৰমণকাৰীয়ো নিহত
তুৰস্কত বিমান কোম্পানী তুৰ্কী এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজ (টুছাছ)ৰ ওপৰত আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। হঠাতে আক্ৰমণকাৰীয়ে এই আক্ৰমণ কৰে সাধাৰণ লোকৰ ওপৰত। যাৰ ফলত বহু কেইজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ আহত।
তথ্য অনুসৰি আংকাৰাৰ সমীপৰ এটা বিমান কোম্পানীৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বিষয়াসকলে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে।
এই আক্ৰমণ সন্দৰ্ভত তুৰ্কীৰ স্বৰাজ মন্ত্ৰী আলী য়েৰলিকায়াৰ বক্তব্য পোহৰলৈ আহিছে। তেওঁ এক্সত পোষ্ট কৰি লিখিছে – “দুৰ্ভাগ্যজনকভাৱে আমাৰ জোৱান শ্বহীদ হয় আৰু অন্য মানুহো নিহত হয়, লগতে বহু মানুহ আহত হয়।”
বৰ্তমানলৈ ঘটনা ক্ষতি সন্দৰ্ভত কোনো সঠিত তথ্য লাভ কৰা নাই। নিহতৰ সংখ্যা জানিব পৰা হোৱা নাই যদিও ১৩ গৰাকী লোক আহত বুলি জানিব পৰা হোৱা নাই। ইয়াৰ উপৰিও ২ আক্ৰমণকাৰী আৰক্ষীৰ হাতত নিহত হোৱা বুলি জানিব পৰা গৈছে।
এই আক্ৰমণৰ কিছু ছবিও পোহৰলৈ আহিছে। য’ত দেখা যায় যে তুৰ্কী এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজৰ (TAI) প্ৰৱেশদ্বাৰৰ সন্মুখত ধোঁৱাৰ আৱৰণ দেখা গৈছে। ৰাজধানীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ঘটনাস্থলী। স্থানীয় সংবাদ মাধ্যমৰ মতে বন্দুকৰ গুলীৰ শব্দ শুনা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ