অসম লাইভ২৪ঃ ‘টেছলা ইণ্ডিয়াই মটৰ এণ্ড এনাৰ্জি প্ৰাইভেট লিমিটেড’ নামত এটা বিশেষ কাৰ্যালয় আৰম্ভ কৰিছে উদ্যোগপতি এলন মাস্কে৷ ভাৰতৰ মাটিত প্ৰথমটো টেছলাৰ কাৰ্যালয় আৰম্ভ কৰিবলৈ আগবাঢ়িছে মাস্কে৷ ভাৰতত বাহন উৎপাদন কৰাৰ পৰিকল্পনাৰ কথা কিছুদিন পূৰ্বেই জনাইছিল সংস্থাটোৱে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিষয়টোক আলোচনাতো বহিছিল টেছলাৰ চিইঅ’ এলন মাস্কে৷ সূত্ৰৰ খবৰ অনসৰি সকলো যাৱতীয় কাম সম্পন্ন হৈছে৷ দিল্লী, মুম্বাই, বাংগালুৰুত কাৰ্যালয় খুলিব বুলি ওলোৱা খবৰ মিছা৷ টেছলাৰ প্রধান কাৰ্যালয় হ’ব মহাৰাষ্ট্ৰৰ পুনেত৷ পুনেত বিশেষ এটা ঘৰ ৬০ মাহৰ বাবে লীজত লৈছে টেছলাই৷ প্ৰতি মাহত এই কাৰ্যালয়ৰ বাবদ ১১.৬৫ লাখ টকা ভাড়া পৰিশোধ কৰিব টেছলাৰ চিইঅ মাস্কে৷ কাৰ্যালয়টো ৫, ৮৫০ স্কোৱাৰ ফুটৰ৷ পুনেৰ পঞ্চশীল বিজনেছ পাৰ্কৰ নিচেই কাষতেই হ’ব এই কাৰ্যালয়৷
উল্লেখ্য যে, এছিয়াৰ মহাদেশৰ ভিতৰত কেৱল চীনতেই আছে টেছলাৰ সকলোতকৈ বৃহৎ কাৰখানা৷ এইবাৰ ভাৰততো এই সংস্থাই নিজা কাৰখানা খোলাৰ পৰিকল্পনা কৰিছে৷ চীনৰ বিকল্প হিচাপে ভাৰতত কেৱল কাৰখানাই তৈয়াৰ কৰিব তেনে নহয়, দেশত এই বাহন বিক্ৰিৰো পৰিকল্পনা কৰিছে টেছলাই৷ ইয়াৰ পৰাই এছিয়াৰ একাধিক দেশলৈ গাড়ী বিক্ৰিৰ বাবেও পঠিওৱাৰ দিহা কৰিছে টেছলাৰ মালিকে৷ টেছলাৰ বাহনত চীনৰেই আধিপত্য বেছি৷ সম্প্ৰতি ভাৰততো এই কাৰখানা গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবা লানি বৈঠকো অনুষ্ঠিত কৰিছে মাস্কে৷
টেছলাৰ বাহন তৈয়াৰৰ কাৰখানাৰ যাৱতীয় কাম চম্ভালিবলৈ পুনেত বিশেষ কাৰ্যালয়টো গঢ়ি তুলিছে মাস্কে৷ সূত্ৰৰ খবৰ অনুসৰি এই কাৰ্যালয়ৰ বাবে ৩৪.৯৫ লাখ টকা চিকিউৰিটি ডিপোজিট দিছে টেছলাৰ চিইঅই৷ কাৰ্যালয়ত ৫খন বাহন আৰু ১০খন মটৰচাইকেল পাৰ্কিং কৰিব পৰা ব্যৱস্থা আছে৷ পুনে আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত্বত এই কাৰ্যালয়৷ ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৰেণ্টেল পেমেণ্ট প্ৰক্ৰিয়া৷ কাৰ্যালয় আৰম্ভ হোৱাৰ পাছতেই কাৰখানাৰ কামো আৰম্ভ হ’ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷
একাধিক ৰাষ্ট্ৰীয় সংবাদমাধ্যমে দাবী কৰামতে, ভাৰতত শীঘ্ৰেই কাৰখানাৰ কাম আৰম্ভ হ’ব৷ টেছলাই তৈয়াৰ কৰা এই বাহনৰ দাম ভাৰতত ২০ লাখৰ পৰা আৰম্ভ হ’ব৷ ইমান কম দামত টেছলাৰ বাহন পোনপ্ৰথমে ভাৰততেই মুকলি কৰা হ’ব৷ বৰ্তমান এই সংস্থাৰ সকলোতকৈ কমদামী বাহনখনৰ দামেই হৈছে ৩২লাখ টকা৷ বৈদ্যুতিক বাহনৰ বিক্ৰিৰ নিৰিখত মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতেই শীৰ্ষস্থানত আছে টেছলা৷ ভাৰতত টেছলাই মুকলি দিবলগীয়া গাড়ী দুখন হৈছে Model S আৰু Model 3।
ইয়াৰমাজতে টেছলাৰ Model 3 লঞ্চ হৈছিল ২০১৭ চনত৷ এই বাহনখনেই সংস্থাটোৰ সকলোতকৈ কম দামী গাড়ী৷ ফুল চাৰ্জ দিলে বাহনখনে ৩৫০ কিঃমিঃ অতিক্ৰম কৰিব পাৰে৷ এই বাহনখনৰ ভিতৰত থকা বিশেষ সুবিধা হৈছে এই বাহনৰ ভিতৰতেই খেলিব পাৰিব গেম, গ্লাছ ৰুফ, ৱায়াৰলেছ কানেক্টিভিটি আৰু ৫ষ্টাৰ চেফ্টি ৰেটিং৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ