নাই চিমকাৰ্ড, নাই চাৰ্জ দিয়াৰ সমস্যাও৷ বজাৰলৈ আহিছে নতুন ফোন৷ দাম মাত্ৰ ২৫ হাজাৰ টকা৷ এইবাৰ টেছলাই আনিছে এই স্মাৰ্ট ফোন৷ এই স্মাৰ্ট ফোনতেই ভৱিষ্যতে সংযোগ স্থাপন কৰিব পৃথিৱী-চন্দ্ৰ আৰু মঙ্গলৰ মাজতো৷ কিন্তু কেনেকৈ সম্ভৱ হ’ব এই টেকনলজি?
কেইবাদিন ধৰি সামাজিকমাধ্যমত ভাইৰেল হৈছে এক বিশেষ ভিডিঅ’৷ স্বয়ংক্ৰিয় বাহনৰ বজাৰৰ সৈতে এইবাৰ মোবাইল ফোনৰ বজাৰতো ভৰি হৈছে এলন মাস্কে৷ আইফোন নহয় ফোনৰ মাৰ্কেটত নতুন ছেনছেচন আনিবলৈ সাজু হৈছে ‘পাইফোন’৷
কি এই পাইফোন?
পাইফোনৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে চাৰ্জিং৷ আইফোন হওক বা স্মাৰ্ট ফোন, চাৰ্জ দিবলৈ বিদ্যুৎ লাগিবই৷ নতুন এই স্মাৰ্ট ফোনত ছিমকাৰ্ড বা চাৰ্জ দিয়াৰ কোনো প্ৰয়োজন নাই৷ স্বয়ংক্ৰিয়ভাৱেই চাৰ্জ হ’ব এই ফোন৷ কেৱল পোহৰ পালেই চাৰ্জ ল’ব এই ফোন৷ ভাইৰেল বিশেষ পোষ্টৰ দাবী, সৌৰশক্তিৰ পৰা বিদ্যুৎ সংগ্ৰহ প্ৰক্ৰিয়াক কামত লগাই চাৰ্জিং ল’ব এই ফোনে৷ সূৰ্যৰ পোহৰ অবিহনেও সাধারণ পোহৰ ৰাখিলেও চাৰ্জ হ’ব৷
প্ৰয়োজন নহ’ব কোনো ইণ্টাৰনেটৰো৷ দাবী যে পাইফোনৰ ওপৰিও এলন মাস্কৰ ষ্টাৰলিংকৰ সৈতে এই পাইফোন যুক্ত থাকিব৷ ষ্টাৰলিংকৰ নিজস্ব এক বিশ্বব্যাপী কভাৰেজ নেটৱৰ্কো আছে৷ প্ৰকৃততে ষ্টাৰলিংক হৈছে ছেটেলাইট বেছ কানেকছন চিষ্টেম৷ ভাইৰেল খবৰ মতে এই ফোনৰ মাজত থাকিব ব্ৰেন কানেকটিভিটি চিপ৷ যাৰ ফলত আপুনি যি ভাৱিব, আপোনাৰ ফোনে সেয়া বুলি কাম কৰিব৷ এই ফোনেৰে চলাব পাৰিব টেছলাৰ বাহনো৷
আনতি এই ফোনেৰেই ভৱিষ্যতে সংযোগ কৰিব পাৰিব পৃথিৱী-চন্দ্ৰ-মঙ্গলৰো৷ ভাইৰেল সেই পোষ্টত দাবী যে এই ফোনৰ দামো বেছি নহয়৷ মাত্ৰ ২৫০-৩০০ ডলাৰহে হ’ব এই ফোনৰ দাম৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ২৫০০০ টকাৰ পৰা ৩০০০০ টকাৰ ভিতৰত হ’ব৷ ২০২৫ চনৰ ভিতৰতেই ভাৰতীয় বজাৰতো উপলব্ধ হ’ব এই ফোন৷
সঁচায়ে এই ফোন বজাৰলৈ আহিবনে?
এই সম্বন্ধে এতিয়াও স্পষ্টকৈ কোৱা সম্ভৱ নহয়৷ এই ঘটনাৰ সতত্যাক লৈ উত্থাপিত হৈছে প্ৰশ্ন৷ টেছলা মডেলৰ পাইফোনক লৈ এতিয়াও নিশ্চিতভাৱে ক’ব পৰা নাযায়৷ সম্প্ৰতি টেছলাৰ ছিইঅ’ এলন মাস্কে টেছলা পাইফোনৰ বিষয়টোক গুজৱ বুলি উৰাই দিছে৷ এই বছৰৰ জুন মাহত দুটা পৃথক পৃথক স্থানত এই ঘটনাক অস্বীকাৰ কৰিছে এলন মাস্কে৷ তেওঁ কয়, ‘আমি টেছলা ফোন অনা নাই৷’
এলন মাস্কে টেছলা ফোনৰ কথা অস্বীকাৰ কৰিলেও প্ৰযুক্তি বিশ্লেষকসকলৰ মতে এই স্মাৰ্টফোন টেছলাই নানিবই বুলি ক’ব নোৱাৰি৷ মৰ্গান ষ্টানেলিৰ বিশ্লেষকসকলৰ মতে এতিয়া স্মাৰ্ট ফোন দি বাহন আনলক কৰা, আনকি বাহন চলাবও পাৰিব৷ ভৱিষ্যযে এই ফিচাৰ আনিবলৈ গ’লে টেছলাৰ ফোনো তৈয়াৰ কৰা হ’ব পাৰে৷
সম্প্ৰতি এলন মাস্কে অপেন এ আইৰ চাটজিপিটিৰ কাৰণে এক্সৰ নিৰাপত্তা বিষয়ত উদ্বেগো প্ৰকাশ কৰিছিল৷ আনকি সেই সমস্যাৰ মোকাবিলা কৰাৰ বাবে টেছলা ফোনৰ লঞ্চ সম্পৰ্কে জল্পনা আৰম্ভ হৈছিল৷ বৰ্তমান এই বিষয়টোক অৱশ্য গুজব বুলি ভৱাই শ্ৰেয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ