বাংলাদেশৰ পাছত এইবাৰ থাইলেণ্ডত ৰাজনৈতিক ধুমুহা, প্ৰধানমন্ত্ৰীক অপসাৰণ
বাংলাদেশৰ স্বাধীনতাৰ পিছৰে পৰা কাৰ্যকৰী হোৱা চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাই অৱশেষত দেশৰ চৰকাৰেই সলাই পেলালে। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা ইস্তিফা দিয়াৰ লগেত দেশো ত্যাগ কৰিবলৈ বাধ্য হয় শ্বেখ হাছিনাই । বাংলাদেশৰ পাছত এতিয়া এছিয়াৰ আন এখন দেশতো ৰাজনৈতিক সংকট ভয়াৱহ হৈ পৰিছে।
ৰাজনৈতিক ধুমুহাই দেখা দিছে থাইলেণ্ডত। দেশখন প্ৰধানমন্ত্ৰী শ্ৰেত্থা থাভিচিন (Srettha Thavisin )ক পদৰ পৰা অপসাৰণ কৰা হৈছে। যিয়ে এসপ্তাহ পূৰ্বে আদালতে নিৰ্দেশ দিয়া মূল বিৰোধী দলটো ভংগ কৰাৰ পিছত থাইলেণ্ডৰ ৰাজনীতিক আৰু অধিক জোকাৰি যায়।
যিটো গোচৰৰ বাবে সাংবিধানিক আদালতে প্ৰধানমন্ত্ৰী শ্ৰেত্থা থাভিচিনক বিচাৰ কৰিছিল, সেই গোচৰটোত আদালতৰ এজন বিষয়াক উৎকোচ দিয়াৰ অভিযোগত কাৰাগাৰত বন্দী হোৱা এজন কেবিনেট সদস্যক নিযুক্তি দিয়া হৈছিল। আদালতে শ্ৰেত্থা থাভিচিনৰ বিৰুদ্ধে ৫:৪ ভোটত ভোটদান কৰে আৰু ৰায়দানৰ শেষত তেওঁক তৎক্ষণাত কাৰ্যভাৰৰ পৰা আঁতৰাই দিয়া হয়।
সংবিধান উলংঘা কৰিছিল প্ৰধানমন্ত্ৰীয়ে
বুধবাৰে থাইলেণ্ডৰ সাংবিধানিক আদালতে প্ৰধানমন্ত্ৰী শ্ৰেত্থা থাভিচিনক পদৰ পৰা অপসাৰণ কৰাৰ ৰায় দিয়ে। থাভিচিনৰ বিৰুদ্ধে নৈতিকতা সম্পৰ্কীয় গোচৰত এই সিদ্ধান্ত লোৱা হৈছে। আদালতে কয় যে শ্ৰেত্থা থাভিছিনে সংবিধান উলংঘা কৰিছে।
কেবিনেট নিযুক্তিত আবদ্ধ
ন্যায়াধীশসকলে কয় যে শ্ৰেত্থাই ভালদৰেই জানিছিল যে তেওঁ এনে এজন ব্যক্তিক নিযুক্তি দিছে যাৰ নৈতিকতাৰ বাবে কোনো সততা নাই। উল্লেখ্য যে, শ্ৰেত্থা থাভিচিন এগৰাকী ৰিয়েল ইষ্টেট টাইকুন আৰু তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ তুলনামূলকভাৱে যথেষ্ট নতুন।
নৈতিকতাৰ নিয়ম ভংগ
ৰাজধানী বেংককত অৱস্থিত সাংবিধানিক আদালতে কয় যে শ্ৰেত্থাই কেবিনেটত কাৰাদণ্ড ভুগি থকা এজন অধিবক্তা নিযুক্তি দি নৈতিকতাৰ নিয়ম উলংঘা কৰিছে। ৯জন ন্যায়াধীশৰ বিচাৰপীঠৰ ভিতৰত ৫জন ন্যায়াধীশে শ্ৰেত্থা আৰু তেওঁৰ মন্ত্ৰীসভাক বৰ্খাস্ত কৰিবলৈ ভোটদান কৰে।
উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত শ্ৰেত্থা প্ৰধানমন্ত্ৰী হৈছিল। ইয়াৰ লগে লগে ৩ মাহ ধৰি চলি থকা অচলাৱস্থাটোও শেষ হৈ গ’ল। কিন্তু তাৰ ফলত তেওঁৰ ফেউ থাই দলটো দীৰ্ঘদিনীয়া সামৰিক প্ৰতিদ্বন্দ্বী দলৰ সৈতে শাসকীয় মিত্ৰজোঁটৰ অংশ হৈ পৰিল।
আনহাতে দেশখনৰ এনে এক সিদ্ধান্তৰ অৰ্থ হ’ব পাৰে ইতিমধ্যে অস্থিৰতাৰ সন্মুখীন হোৱা থাইলেণ্ডৰ ৰাজনীতিত আৰু অধিক সংকট। ইয়াত ৰাজনীতিত পৰিৱৰ্তনৰ দাবী কৰাসকলে প্ৰায়ে ক্ষমতাৰ শক্তিশালী গোট, সেনা, ৰাজতন্ত্ৰৰ সমৰ্থক আৰু বৃহৎ ব্যৱসায়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ সংকেট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ