১০ বছৰীয়া পুৰণি দৃশ্য হুবহু প্ৰকট হৈছে চেম্পিয়নছ ট্ৰফীত, ভাৰতীয় টীম চিন্তাত
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলিষ্ট চাৰিটা দল নিশ্চিত হৈছে। গ্ৰুপ এৰ পৰা ভাৰত আৰু নিউজিলেণ্ড আৰু গ্ৰুপ বিৰ পৰা দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
ছেমি ফাইনেলত টিম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডৰ সৈতে মুখামুখি হ’ব। কিন্তু এইবাৰে প্ৰথম নহয়, এই হুবহু দৃশ্য ১০ বছৰ পূৰ্বেও হৈছিল। আজিৰ পৰা ১০ বছৰ পূৰ্বেও ভাৰত-অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড-দক্ষিণ আফ্ৰিকা মুখামুকি হৈছিল ছেমিফাইনেল খেলত।
২০১৫ চনৰ এদিনীয়া বিশ্বকাপত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে মিলি আয়োজন কৰিছিল বিশ্বকাপৰ। সেই সময়তো ভাৰত, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দলে ছেমি ফাইনেলত নিজৰ স্থান দখল কৰিছিল। কেৱল এয়াই নহয়, সেই সময়ছোৱাত ভাৰত আৰু অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজতো ছেমি ফাইনেল খেলি অনুষ্ঠিত হৈছিল।
সেই ২০১৫ৰ বিশ্বকাপত টিম ইণ্ডিয়াৰ অধিনায়কত্ব এম এছ ধোনিৰ হাতত আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক আছিল মাইকেল ক্লাৰ্ক। সেই খেলত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া।
সেই মেচখনত প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ৭টা উইকেট হেৰুৱাই ৩২৮ ৰান সংগ্ৰহ কৰিছিল। যাৰ প্ৰতিক্ৰিয়া স্বৰূপে টিম ইণ্ডিয়াই মাত্ৰ ২৩৩ ৰানত অল আউট হৈছিল। টিম ইণ্ডিয়াৰ হৈ অধিনায়ক এম এছ ধোনীয়ে ৬৫ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলিছিল। বিৰাট কোহলিয়ে মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হৈছিল।
আনহাতে নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত সংঘৰ্ষ হৈছিল। ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ২০১৫ৰ খিতাপ দখল কৰিছিল।
আনহাতে প্ৰায়ে আই চি চি টুৰ্ণামেণ্টৰ নকআউট মেচত অষ্ট্ৰেলিয়াই টিম ইণ্ডিয়াৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে।, ২০২৩ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলতো অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় হৈছিল ভাৰত। সেয়ে কিছু চিন্তাত ভাৰতীয় দল, ৰোহিত এণ্ড টিমে এইবাৰ সেই পুৰণি সকলো পোতক তুলি অষ্ট্ৰেলিয়াক নকআউট কৰাৰ পৰিকল্পনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ