• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃয়ে ইন্দিৰা গান্ধীক শেষ কৰিছিল, তেওঁৰেই পুত্ৰ এইবাৰ সাংসদ লৈ সংসদলৈ! পঞ্জাৱৰ ৰাজনীতিত নতুন কাহিনীৰ আৰম্ভনি নেকি?

পিতৃয়ে ইন্দিৰা গান্ধীক শেষ কৰিছিল, তেওঁৰেই পুত্ৰ এইবাৰ সাংসদ লৈ সংসদলৈ! পঞ্জাৱৰ ৰাজনীতিত নতুন কাহিনীৰ আৰম্ভনি নেকি?

2 years ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

18 minutes ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

52 minutes ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

2 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

3 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

3 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

4 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

5 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

5 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

6 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পিতৃয়ে ইন্দিৰা গান্ধীক শেষ কৰিছিল, তেওঁৰেই পুত্ৰ এইবাৰ সাংসদ লৈ সংসদলৈ! পঞ্জাৱৰ ৰাজনীতিত নতুন কাহিনীৰ আৰম্ভনি নেকি?

পিতৃয়ে ইন্দিৰা গান্ধীক শেষ কৰিছিল, তেওঁৰেই পুত্ৰ এইবাৰ সাংসদ লৈ সংসদলৈ! পঞ্জাৱৰ ৰাজনীতিত নতুন কাহিনীৰ আৰম্ভনি নেকি?

editor by editor
June 7, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
পিতৃয়ে ইন্দিৰা গান্ধীক শেষ কৰিছিল, তেওঁৰেই পুত্ৰ এইবাৰ সাংসদ লৈ সংসদলৈ! পঞ্জাৱৰ ৰাজনীতিত নতুন কাহিনীৰ আৰম্ভনি নেকি?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৮৪ চনৰ ৩১ অক্টোবৰ৷ দেহৰক্ষীৰ গুলীত থকাসৰকা হৈ পৰিছিল দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহ৷ ইন্দিৰা গান্ধীক হত্যা কৰিছিল তেওঁৰেই দেহৰক্ষীয়ে৷ ইতিহাসৰ পাতত সেই দিনটোক তেজৰঙা এটা দিন বুলি লিপিবদ্ধ হৈ আছে৷ লাহে লাহে সময় বাগৰিল৷ সময়ৰ সৈতে ধুসৰ হৈ গৈ থাকিল সেই হত্যাকাণ্ডৰ কথা৷ কিন্তু ইন্দিৰাৰ হত্যা আৰু তাৰপিছৰ ঘটনাপ্ৰবাহ এতিয়াও দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ বিষয়৷

ইন্দিৰাৰ হত্যাকাৰী দুই শিখ দেহৰক্ষীৰ মাজৰ এজনৰ পুত্ৰ এইবাৰ সংসদীয় ৰাজনীতিলৈ আহি সাংসদ হৈ দিল্লীলৈ যাত্ৰা কৰিছে৷ লোকসভাত পঞ্জাৱৰ এখন আসনৰ পৰা জয়ী হৈছে ইন্দিৰা হত্যাকাৰীৰ পুত্ৰই৷ তেওঁৰ বিজয়ক লৈ আৰম্ভ হৈছে চৰ্চা৷ এইবাৰ লোকসভা নিৰ্বাচনত পঞ্জাৱত ভাল ফল লাভ কৰিছে কংগ্ৰেছ দলে৷ ১৩খন আসনৰ মাজত ৭খন আসনতে জয়ী হৈছে কংগ্ৰেছ দল৷ তিনিখন আসন লাভ কৰিছে আম আদমী পাৰ্টীয়ে৷ বিজেপিয়ে পঞ্জাৱত খাতাই খুলিব নোৱাৰিলে৷

পঞ্জাৱৰ ফৰিদকোট আসনৰ পৰা এইবাৰ ভোট যুদ্ধত নামিছিল ৪৪ বছৰীয়া সৰ্বজিৎ সিং খালছাই৷ তেওঁৰ পিতৃ ৱেয়ন্ত সিংহ৷ যাৰ নাম জৰিত হৈ পৰিছিল ইন্দিৰা হত্যাকাণ্ডৰ সৈতে৷ কিন্তু কংগ্ৰেছ বা আপ নহয়, বিয়ন্তৰ পুত্ৰই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ফৰিদকোটত থিয় দিছিল৷ সেই সমষ্টিতেই আপ আৰু কংগ্ৰেছক হৰুৱাই জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী সৰ্বজিৎ সিং খালছা৷ ৭০ হাজাৰ ভোটত কংগ্ৰেছক হৰুৱাই জয়ী হৈছে সৰ্বজিৎ৷ পঞ্জাৱত এইবাৰ দুখন আসনত জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী৷ দুটা সমষ্টিয়েই দখল কৰিছে দুজন বিতৰ্কিত ব্যক্তিয়ে৷

সৰ্বজিতে ফৰিদকোটত জয়লাভ কৰাৰ বিপৰীতে আন এক সমষ্টিৰ পৰা জয়লাভ কৰিছে খালিস্তানী নেতা অমৃতপাল সিঙে৷ অমৃতপাল সিং বৰ্তমান জে’লবন্দী হৈ আছে৷ আনহাতে ফৰিদকোট সমষ্টিত জয়লাভ কৰা সৰ্বজিতৰ এই বিজয় এদিনীয়া কষ্টৰ ফল নহয়৷ দীৰ্ঘদিন ধৰি সৰ্বজিত প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত হৈ আছে৷ ২০০৪ চনত প্ৰথমবাৰৰ বাবে ভাতিণ্ডাৰ পৰা লোকসভা নিৰ্বাচন খেলিছিল সৰ্বজিতে৷ লক্ষাধিক ভোট পালেও তেওঁ জয়ী হ’ব নোৱাৰিলে৷ ইয়াৰপাছতেই ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ প্ৰাৰ্থী হয়৷ সেইবাৰ নিৰ্বাচনত তেওঁ লাভ কৰিছিল মাত্ৰ ১৫হাজাৰ৷ বাৰে বাৰে ব্যৰ্থ হ’লেও হাৰ নামানিলে সৰ্বজিতে৷ ২০০৯ চনত আকৌ তেওঁ ভাতিণ্ডাৰ পৰাই যুঁজ দিয়ে৷ সেইবাৰো পৰাজয়৷

২০১৪ চনত ফাতেগড় সাহিব লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলে৷ সেইবাৰো পৰাজয় বৰণ কৰে সৰ্বজিতে৷ ২০২৪ ত অৱশেষত কাঙ্খিত সাফল্য লাভ কৰিলে সৰ্বজিতে৷ ফৰিদকোট কেন্দ্ৰৰ পৰা এইবাৰ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল পঞ্জাৱৰ জনপ্ৰিয় অভিনেতা আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বন্ধু কৰমজিৎ আনমোলে৷ কিন্তু প্ৰায় ৩ লাখ ভোটত সেই আসনত জয়ী হৈছে নিৰ্দলীয় সৰ্বজিৎ৷

উল্লেখ্য যে, ১৯৮৪ চনত অমৃতসৰৰ স্বৰ্ণমন্দিৰৰ পৰা খালিস্তানী সন্ত্ৰাসবাদীৰ এটা দলৰ শেষ কৰিবলৈ সেনা অভিযান চলোৱাৰ পৰিকল্পনা কৰিছিল তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে৷ সেই সেনা অপাৰেছনৰ নাম দিয়া হৈছিল ‘অপাৰেছন ব্লুষ্টাৰ৷’স্বৰ্ণমন্দিৰত সেনা অভিযান চলাওঁতে বহু শিখৰ মৃত্যু হৈছিল, এইধৰণে শিখৰ মৃত্যু হোৱা বিষয়টোক সাধাৰণভাৱে ল’ব পৰা নাছিল পঞ্জাৱৰ বাসিন্দাই৷ তাৰপিছতেই ইন্দিৰাবিৰোধী কাৰ্যকলাপৰ আৰম্ভ হৈছিল পঞ্জাৱত৷

১৯৮৪ চনৰ ৩১ অক্টোবৰ দিল্লীত প্ৰধানমন্ত্ৰীৰ বাসভৱনত ইন্দিৰাক গুলি কৰি হত্যা কৰে তেওঁৰেই দুই দেহৰক্ষীয়ে৷ বিয়ন্ত সিং আৰু সৎবন্ত সিঙে৷ ৩১ ৰাউণ্ড গুলী চলোৱা হৈছিল ইন্দিৰা গান্ধীৰ ওপৰত৷ গুলীয়ে থকাসৰকা কৰি পেলাইছিল ইন্দিৰাৰ শৰীৰ৷ সূত্ৰই সেই সময়ত প্ৰকাশ কৰা খবৰমতে বিয়ন্ত সিঙে তিনিৰ পৰা চাৰি ৰাউণ্ড গুলি চলাইছিল ইন্দিৰালৈ৷ বাকী গুলী চলাইছিল সৎবন্তই৷ ইন্দিৰাক হত্যা কৰাৰ পাছত দুজনেই অস্ত্ৰ পেলাই আত্মসমৰ্পনো কৰে৷ ঘটনাস্থলৰ পৰা এটা বন্ধ কোঠালৈ লৈ যোৱা হৈছিল দুই আততায়ীক৷ তাতেই বিয়ন্তক গুলি কৰি হত্যা কৰা হয় বুলি অভিযোগ দিয়ে পৰিয়ালে৷ ইফালে আনজন হত্যাকাৰী সৎবন্তক ফাঁচি দিয়া হয় তিহাৰ জে’লত৷

ইন্দিৰাৰ মৃত্যুৰ পাছত দেশজুৰি অৰাজকতাৰ সৃষ্টি হৈছিল৷ বহু শিখ ধৰ্মাৱলম্বী মানুহে সেই সময়ত প্ৰাণো হেৰুৱাইছিল৷ প্ৰধানমন্ত্ৰীৰ আসনত তেতিয়া বহিছিল ৰাজীৱ গান্ধী৷ পঞ্জাৱৰ ৰাজনীতিত নতুনকৈ উত্থান ঘটিছে ইন্দিৰাৰ হত্যাকাৰীৰ সন্তানৰ৷ সংসদসৈ শপত ল’বলৈ যাবলৈ সাজু ইন্দিৰা হত্যাকাৰীৰ পুত্ৰ সৰ্বজিৎ৷ তেওঁৰ এই উত্থানক লৈ বহুতৰেই মনত এতিয়া প্ৰশ্ন, সৰ্বজিতৰ হাতত ধৰিয়েই পঞ্জাৱৰ ৰাজনীতিয়ে ল’ব নেকি নতুন মোৰ?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

April 13, 2026
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
Next Post
পদবী নহয়, মোক অসমখনেই লাগে, ২বছৰ হাইকামাণ্ডৰ পৰা লৈছোঃ গৌৰৱ গগৈ

পদবী নহয়, মোক অসমখনেই লাগে, ২বছৰ হাইকামাণ্ডৰ পৰা লৈছোঃ গৌৰৱ গগৈ

কিয় পূৰ্ণহতীয়া চৰ খালে কংগনা ৰানাওটে? সাংসদ হৈ শপত ল’বলৈ নৌপাওতেই চৰ্চাত কংগনাৰ ২০২০চনৰ এক কাহিনী

কিয় পূৰ্ণহতীয়া চৰ খালে কংগনা ৰানাওটে? সাংসদ হৈ শপত ল’বলৈ নৌপাওতেই চৰ্চাত কংগনাৰ ২০২০চনৰ এক কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.