১৯৮৪ চনৰ ৩১ অক্টোবৰ৷ দেহৰক্ষীৰ গুলীত থকাসৰকা হৈ পৰিছিল দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহ৷ ইন্দিৰা গান্ধীক হত্যা কৰিছিল তেওঁৰেই দেহৰক্ষীয়ে৷ ইতিহাসৰ পাতত সেই দিনটোক তেজৰঙা এটা দিন বুলি লিপিবদ্ধ হৈ আছে৷ লাহে লাহে সময় বাগৰিল৷ সময়ৰ সৈতে ধুসৰ হৈ গৈ থাকিল সেই হত্যাকাণ্ডৰ কথা৷ কিন্তু ইন্দিৰাৰ হত্যা আৰু তাৰপিছৰ ঘটনাপ্ৰবাহ এতিয়াও দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ বিষয়৷
ইন্দিৰাৰ হত্যাকাৰী দুই শিখ দেহৰক্ষীৰ মাজৰ এজনৰ পুত্ৰ এইবাৰ সংসদীয় ৰাজনীতিলৈ আহি সাংসদ হৈ দিল্লীলৈ যাত্ৰা কৰিছে৷ লোকসভাত পঞ্জাৱৰ এখন আসনৰ পৰা জয়ী হৈছে ইন্দিৰা হত্যাকাৰীৰ পুত্ৰই৷ তেওঁৰ বিজয়ক লৈ আৰম্ভ হৈছে চৰ্চা৷ এইবাৰ লোকসভা নিৰ্বাচনত পঞ্জাৱত ভাল ফল লাভ কৰিছে কংগ্ৰেছ দলে৷ ১৩খন আসনৰ মাজত ৭খন আসনতে জয়ী হৈছে কংগ্ৰেছ দল৷ তিনিখন আসন লাভ কৰিছে আম আদমী পাৰ্টীয়ে৷ বিজেপিয়ে পঞ্জাৱত খাতাই খুলিব নোৱাৰিলে৷
পঞ্জাৱৰ ফৰিদকোট আসনৰ পৰা এইবাৰ ভোট যুদ্ধত নামিছিল ৪৪ বছৰীয়া সৰ্বজিৎ সিং খালছাই৷ তেওঁৰ পিতৃ ৱেয়ন্ত সিংহ৷ যাৰ নাম জৰিত হৈ পৰিছিল ইন্দিৰা হত্যাকাণ্ডৰ সৈতে৷ কিন্তু কংগ্ৰেছ বা আপ নহয়, বিয়ন্তৰ পুত্ৰই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ফৰিদকোটত থিয় দিছিল৷ সেই সমষ্টিতেই আপ আৰু কংগ্ৰেছক হৰুৱাই জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী সৰ্বজিৎ সিং খালছা৷ ৭০ হাজাৰ ভোটত কংগ্ৰেছক হৰুৱাই জয়ী হৈছে সৰ্বজিৎ৷ পঞ্জাৱত এইবাৰ দুখন আসনত জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী৷ দুটা সমষ্টিয়েই দখল কৰিছে দুজন বিতৰ্কিত ব্যক্তিয়ে৷
সৰ্বজিতে ফৰিদকোটত জয়লাভ কৰাৰ বিপৰীতে আন এক সমষ্টিৰ পৰা জয়লাভ কৰিছে খালিস্তানী নেতা অমৃতপাল সিঙে৷ অমৃতপাল সিং বৰ্তমান জে’লবন্দী হৈ আছে৷ আনহাতে ফৰিদকোট সমষ্টিত জয়লাভ কৰা সৰ্বজিতৰ এই বিজয় এদিনীয়া কষ্টৰ ফল নহয়৷ দীৰ্ঘদিন ধৰি সৰ্বজিত প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত হৈ আছে৷ ২০০৪ চনত প্ৰথমবাৰৰ বাবে ভাতিণ্ডাৰ পৰা লোকসভা নিৰ্বাচন খেলিছিল সৰ্বজিতে৷ লক্ষাধিক ভোট পালেও তেওঁ জয়ী হ’ব নোৱাৰিলে৷ ইয়াৰপাছতেই ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ প্ৰাৰ্থী হয়৷ সেইবাৰ নিৰ্বাচনত তেওঁ লাভ কৰিছিল মাত্ৰ ১৫হাজাৰ৷ বাৰে বাৰে ব্যৰ্থ হ’লেও হাৰ নামানিলে সৰ্বজিতে৷ ২০০৯ চনত আকৌ তেওঁ ভাতিণ্ডাৰ পৰাই যুঁজ দিয়ে৷ সেইবাৰো পৰাজয়৷
২০১৪ চনত ফাতেগড় সাহিব লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলে৷ সেইবাৰো পৰাজয় বৰণ কৰে সৰ্বজিতে৷ ২০২৪ ত অৱশেষত কাঙ্খিত সাফল্য লাভ কৰিলে সৰ্বজিতে৷ ফৰিদকোট কেন্দ্ৰৰ পৰা এইবাৰ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল পঞ্জাৱৰ জনপ্ৰিয় অভিনেতা আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বন্ধু কৰমজিৎ আনমোলে৷ কিন্তু প্ৰায় ৩ লাখ ভোটত সেই আসনত জয়ী হৈছে নিৰ্দলীয় সৰ্বজিৎ৷
উল্লেখ্য যে, ১৯৮৪ চনত অমৃতসৰৰ স্বৰ্ণমন্দিৰৰ পৰা খালিস্তানী সন্ত্ৰাসবাদীৰ এটা দলৰ শেষ কৰিবলৈ সেনা অভিযান চলোৱাৰ পৰিকল্পনা কৰিছিল তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে৷ সেই সেনা অপাৰেছনৰ নাম দিয়া হৈছিল ‘অপাৰেছন ব্লুষ্টাৰ৷’স্বৰ্ণমন্দিৰত সেনা অভিযান চলাওঁতে বহু শিখৰ মৃত্যু হৈছিল, এইধৰণে শিখৰ মৃত্যু হোৱা বিষয়টোক সাধাৰণভাৱে ল’ব পৰা নাছিল পঞ্জাৱৰ বাসিন্দাই৷ তাৰপিছতেই ইন্দিৰাবিৰোধী কাৰ্যকলাপৰ আৰম্ভ হৈছিল পঞ্জাৱত৷
১৯৮৪ চনৰ ৩১ অক্টোবৰ দিল্লীত প্ৰধানমন্ত্ৰীৰ বাসভৱনত ইন্দিৰাক গুলি কৰি হত্যা কৰে তেওঁৰেই দুই দেহৰক্ষীয়ে৷ বিয়ন্ত সিং আৰু সৎবন্ত সিঙে৷ ৩১ ৰাউণ্ড গুলী চলোৱা হৈছিল ইন্দিৰা গান্ধীৰ ওপৰত৷ গুলীয়ে থকাসৰকা কৰি পেলাইছিল ইন্দিৰাৰ শৰীৰ৷ সূত্ৰই সেই সময়ত প্ৰকাশ কৰা খবৰমতে বিয়ন্ত সিঙে তিনিৰ পৰা চাৰি ৰাউণ্ড গুলি চলাইছিল ইন্দিৰালৈ৷ বাকী গুলী চলাইছিল সৎবন্তই৷ ইন্দিৰাক হত্যা কৰাৰ পাছত দুজনেই অস্ত্ৰ পেলাই আত্মসমৰ্পনো কৰে৷ ঘটনাস্থলৰ পৰা এটা বন্ধ কোঠালৈ লৈ যোৱা হৈছিল দুই আততায়ীক৷ তাতেই বিয়ন্তক গুলি কৰি হত্যা কৰা হয় বুলি অভিযোগ দিয়ে পৰিয়ালে৷ ইফালে আনজন হত্যাকাৰী সৎবন্তক ফাঁচি দিয়া হয় তিহাৰ জে’লত৷
ইন্দিৰাৰ মৃত্যুৰ পাছত দেশজুৰি অৰাজকতাৰ সৃষ্টি হৈছিল৷ বহু শিখ ধৰ্মাৱলম্বী মানুহে সেই সময়ত প্ৰাণো হেৰুৱাইছিল৷ প্ৰধানমন্ত্ৰীৰ আসনত তেতিয়া বহিছিল ৰাজীৱ গান্ধী৷ পঞ্জাৱৰ ৰাজনীতিত নতুনকৈ উত্থান ঘটিছে ইন্দিৰাৰ হত্যাকাৰীৰ সন্তানৰ৷ সংসদসৈ শপত ল’বলৈ যাবলৈ সাজু ইন্দিৰা হত্যাকাৰীৰ পুত্ৰ সৰ্বজিৎ৷ তেওঁৰ এই উত্থানক লৈ বহুতৰেই মনত এতিয়া প্ৰশ্ন, সৰ্বজিতৰ হাতত ধৰিয়েই পঞ্জাৱৰ ৰাজনীতিয়ে ল’ব নেকি নতুন মোৰ?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















