• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুক জিনি ১৩ কোটি জনতাৰ ওঁঠত হাঁহি বিৰিঙোৱা মেক্সিকোৰ নায়ক ৰাউল জিমেনেজ

মৃত্যুক জিনি ১৩ কোটি জনতাৰ ওঁঠত হাঁহি বিৰিঙোৱা মেক্সিকোৰ নায়ক ৰাউল জিমেনেজ

4 months ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

34 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

2 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

10 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

11 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

11 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

12 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

12 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

13 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

14 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

14 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মৃত্যুক জিনি ১৩ কোটি জনতাৰ ওঁঠত হাঁহি বিৰিঙোৱা মেক্সিকোৰ নায়ক ৰাউল জিমেনেজ

মৃত্যুৰ দুৱাৰডলিৰ পৰা মেক্সিকোৰ HEROলৈ, ঐতিহাসিক জয়ৰ নেপথ্যৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী

editor by editor
June 13, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, লেখা
0
মৃত্যুক জিনি ১৩ কোটি জনতাৰ ওঁঠত হাঁহি বিৰিঙোৱা মেক্সিকোৰ নায়ক ৰাউল জিমেনেজ
0
SHARES
449
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আমেৰিকা, মেক্সিকো আৰু কানাডাত এতিয়া কেৱল ফুটবল আৰু ফুটবল। অলিম্পিকৰ পিছতে বিশ্বৰ সৰ্ববৃৎ ক্ৰীড়া মহোৎসৱৰ বাবে এই দেশ তিনিখনত বিশ্বৰ চুকে-কোনে থকা অজস্ৰ ফুটবল অনুৰাগীয়ে ভিৰ কৰিছে। ফুটবলৰ বিশ্বৰ আগশাৰীৰ যাদুকৰসকলৰ দুভৰিৰ যাদুত বিশ্বৰ কোটি কোটি অনুৰাগীৰ হৃদস্পন্দন বাঢ়িছে। দেশ ৩খনৰ ১৬ খনকৈ ষ্টেডিয়ামৰ সেউজ ঘাঁহনিত কৰা দুভৰিৰ যুঁজে প্ৰতিবাৰৰ দৰে এইবাৰো জন্ম দিব নতুন নতুন তাৰকাৰ। তেনে এজন নতুন তাৰকা ৰাউল জিমেনেজ। যি এইবাৰ বিশ্বকাপৰ উদ্বোধনী মেচখনতে মেক্সিকোৰ লৈ গল স্কৰ কৰি এতিয়া সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে। ৩৫ বছৰীয়া ষ্ট্ৰাইকাৰজনৰ খেলুৱৈ হিচাপে নিজৰ কেৰিয়াৰৰ বিয়লি বেলাত উপস্থিত হ’লেও নায়ক হিচাপে মেক্সিকানসকলৰ হৃদয়ত নতুনকৈ থিতাপি লৈছে। উদ্বোধনী মেচখনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬৭ মিনিটত গল স্ক’ৰ কৰাৰ লগে লগেই ৰাউল হৈ পৰে মেক্সিকানসকলৰ বাবে নয়নৰ মণি, কাৰণ ফুটবলৰ খেলপথাৰত ৰাউল জিমেনেজৰ আছে এক কৰুণ ইতিহাস।

ফুটবলৰ খেলপথাৰত ঘটা অপ্ৰত্যাশিত সেই দুৰ্ঘটনাটো

উদ্বোধনী মেচখনত ৰাউলে কৰা গলটো কেৱল এটা গলেই নহয়, সেই গলটোৰ আঁৰত লুকাই আছিল মৃত্যুৰ সৈতে যুঁজা, অসীম কষ্ট, মানসিক দৃঢ়তা আৰু এক অবিশ্বাস্য প্ৰত্যাৱৰ্তনৰ কাহিনী। মাত্ৰ কেইবছৰমান আগতে ৰাউলে মৃত্যুক জিনিব পাৰিব নে নাই তাতো আছিল তীব্ৰ অনিশ্চয়তা।
২০২০ চনৰ ২৯ নৱেম্বৰ। ৰাউলৰ বাবে এই অভিশপ্ত দিনটোৱে ৰৈ আছিল লণ্ডনৰ ইমাৰিটছ ষ্টেডিয়ামত। ইংলিছ প্ৰীমিয়াৰ লীগৰ আৰ্ছেনাল আৰু ওলভাৰহেম্পটনৰ মাজত অনুষ্ঠিত মেচখনতেই হৈছিল সেই ভয়াৱহ দুৰ্ঘটনাটো। খেলখনৰ আৰম্ভণিৰ কিছুসময় পিছতেই ওলভাৰহেম্পটনৰ হৈ ষ্ট্ৰাইকিং পজিশ্যনত খেলা ৰাউল জিমেনেজে সতীৰ্থৰ পৰা পোৱা এটা হেডাৰ পাছক নিজৰ আয়ত্তলৈ আনিবলৈ কৰা চেষ্টাত ব্যাঘাত জন্মাবলৈ আৰ্ছেনালৰ ডিফেণ্ডাৰ ডেভিড লুইজেও চেষ্টা চলায়। ফলত দুয়োগৰাকী খেলুৱৈৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাউল। এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ৰাউলে তৎক্ষণাত মাটিত বাগৰি পৰে আৰু লগে লগেই অচেতন হৈ পৰে। এই ঘটনাত খেলপথাৰত উপস্থিত দুয়োটা দলৰ খেলুৱৈ, কোচিং ষ্টাফ আৰু দৰ্শক মৰ্মাহত হৈ পৰে। ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় ৰাউলক। অচেতন ৰাউলক অক্সিজেন প্ৰদান কৰি হাস্পতাললৈ নিয়া দৃশ্যটো ফুটবল ইতিহাসতে অন্যতম কৰুণ দৃশ্য হিচাপে অনুৰাগীৰ মাজত সদায়ে স্মৰণীয় হৈ ৰ’ব।  হাস্পতালত কৰা পৰীক্ষাৰ অন্তত ৰাউলৰ লাওখোলাৰ হাড় এডাল ভাঙি যোৱাটো নিশ্চিত হৈ পৰে চিকিৎসকসকলে। লাওখোলাৰ হাড় ভঙা মানেই জীৱন-মৃত্যুৰ যুঁজ। ৰাউলে মৃত্যুক জিনিব পাৰিব নে নাই তাৰ কোনো নিশ্চয়তা নাই। এই খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে সমগ্ৰ ফুটবল অনুৰাগী। কিন্তু হাৰি যোৱা নাছিল ৰাউল জিমেনেজ। লাওখোলাৰ জটিল অস্ত্ৰোপচাৰ আৰু চিকিৎসকসকলৰ আপ্ৰাণ চেষ্টাত এসময়ত ক্ৰমাৎ সুস্থ হৈ উঠিল ৰাউল। এক দীঘলীয়া সময় হাস্পতালৰ বিছনাতেই সময় অতিবাহিত কৰিবলগীয়া হৈছিল ফুটবলৰ খেলপথাৰত দপদপাই থকা ৰাউল। তেতিয়া কোনেও হয়টো কল্পনাও কৰা নাছিল যে এদিন পুনৰ পেছদাৰী ফুটবলৰ খেলপথাৰলৈ উভতি আহিব তেওঁ। চিকিৎসকৰ তত্বাৱধানত সুদীৰ্ঘ আঠমাহৰ মূৰত পুনৰ খেলপথাৰত ভৰি থৈছিল ৰাউলে। সকলোৱে ভাবিছিল জিমেনেজে পুনৰ আগৰ দৰে পেছাদাৰী ফুটবল খেলিব নোৱাৰিব, মূৰৰ এনে আঘাতৰ পাছত খেলুৱৈসকলৰ কেৰিয়াৰ সমাপ্ত হোৱাটো অস্বাভাৱিক নহয়, অস্বাভাৱিক তেনে খেলুৱৈ পুনৰ খেলপথাৰলৈ ঘূৰি অহাটোহে। কিন্তু হাৰি যোৱা নাছিল ৰাউল, প্ৰচণ্ড মানসিক শক্তি আৰু অধ্যৱসায়ৰ জৰিয়তে তেওঁ নিজকে পুনৰ সাজু কৰি তোলে। প্ৰথমে এক দীঘলীয়া অনুশীলন প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি পেছাদাৰী ফুটবলত অংশগ্ৰহণ কৰি অনুৰাগীসকলক চমক দিবলৈ সক্ষম হ’ল ৰাউল জিমেনেজে।

ৰাউলৰ প্ৰত্যাৱৰ্তনৰ কাহিনী

২০২১ চনৰ ছেপ্টেম্বৰত ছাউথেম্পটনৰ বিৰুদ্ধে অনুষ্ঠিত এখন খেলত জিমেনেজে আঘাতৰ পাছত নিজৰ প্ৰথম গ’লটো কৰে। সেই গ’লটোৱে কেৱল তেওঁৰ দলক জয়ী কৰোৱাই নহয়, সমগ্ৰ ফুটবল বিশ্বক তেওঁৰ উপস্থিতিৰ খবৰটোও দিয়ে। এতিয়া ৰাউল শাৰীৰিকভাৱে সুস্থ হোৱাৰ লগতে পূৰ্বতকৈও অধিক মানসিকভাৱে শক্তিশালী হৈ খেলপথাৰত নামে। চলিত বিশ্বকাপৰ উদ্বোধনী মেচত দেশৰ হৈ কৰা গলটোৰ পিছতে পুনৰবাৰ ফুটবল বিশ্বত ৰাউলৰ নাম চৰ্চিত হৈ পৰিছে। ৰাউল জিমেনেজৰ কাহিনীয়ে প্ৰমাণ কৰে যে দৃঢ় সংকল্প, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস থাকিলে যিকোনো বিপদ অতিক্ৰম কৰিব পাৰি। মৃত্যুৰ দুৱাৰমুখৰ পৰা ঘূৰি আহি বিশ্বকাপৰ নায়ক হোৱাটো কেৱল ফুটবলৰ কাহিনী নহয়, ই সকলোৰে বাবে এক অনুপ্ৰেৰণাৰ উদাহৰণ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
Next Post
EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.