অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ প্ৰকল্পৰ সমস্ত কাম আগন্তুক ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হব বুলি জনাইছে ৰাম মন্দিৰ নিৰ্মাণ কমিটিৰ চেয়াৰমেন নৃপেন্দ্ৰ মিশ্ৰই৷ শনিবাৰে দুদিনীয়া বৈঠকৰ শেষত সাংবাদিকৰ মুখামুখি হৈ তেওঁ জনায়, এই প্ৰকল্পৰ মুঠ আনুমানিক খৰচ ১,৯০০ কোটি টকা৷
নৃপেন্দ্ৰ মিশ্ৰই কয়, ৰাম মন্দিৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা লাৰছেন এণ্ড টুব্ৰো আৰু টাটা কনছালটেন্সিয়ে ৩০ এপ্ৰিলৰ মাজত তেওঁলোকৰ যাৱতীয় কাম শেষ কৰি মন্দিৰ কমপ্লেক্স এৰিব৷ ইয়াৰ সৈতে সেই সময়সীমাৰ মাজত সমস্ত কাগজপত্ৰৰ নিষ্পত্তি আৰু বিল পৰিশোধৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে৷
তেওঁ লগতে কয়, এল এণ্ড টি আৰু টাটা কনছালটেন্সিয়ে তেওঁলোকে কৰা সমস্ত নিৰ্মাণ কামৰ বাবে তিনি বছৰৰ ৱাৰেণ্টি দিব৷ ৰক্ষণাবেক্ষণৰ বাবে দুই সংস্থাৰ এটা সৰু দল মন্দিৰ কমপ্লেক্সৰ মাজত কিছুদিন মোতায়েন থাকিব৷ ৩০ এপ্ৰিলৰ পাছত এল এণ্ড টি, টাটা কনছালটেন্সি আৰু ষ্টেট কনষ্ট্ৰাকছন কৰ্পোৰেছনৰ সৈতে থকা সমস্ত চুক্তি আনুষ্ঠানিকভাৱে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ হাতত হস্তান্তৰ কৰা হ’ব বুলিও জনায় তেওঁ৷
ব্যয়ৰ খাতিয়ান তুলি ধৰি নৃপেন্দ্ৰ মিশ্ৰই কৈছে, সমগ্ৰ ৰাম মন্দিৰ প্ৰকল্পৰ আনুমানিক খৰচ ধৰা হৈছে ১৯০০ কোটি টকা, যাৰ মাজত জি এচ টিসহ প্ৰায় ১৬০০ কোটি টকা ইতিমধ্যেই পৰিশোধ কৰা হৈছে৷ বৈঠকত নিৰ্মাণ কামৰ অগ্ৰগতি, বাকী থকা কামৰ সময়সীমা আৰু চূড়ান্তভাৱে দায়িত্ব হস্তান্তৰৰ প্ৰক্ৰিয়াক লৈ বিস্তাৰিত আলোচনা হৈছে বুলি জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















