• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

3 weeks ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

4 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

7 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

8 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

য'ত জন্ম হৈছিল 'অনামিকা'ৰ কালজয়ী কথা-সুৰ

editor by editor
September 17, 2026
in অসম, বিনোদন, লেখা, সংগীত
0
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়া সংগীত জগতৰ মহানায়ক জুবিন গাৰ্গৰ জীৱনৰ সৈতে জড়িত বহু স্মৃতিৰ ভিতৰত যোৰহাটৰ এখন ঘৰ বিশেষভাৱে উল্লেখযোগ্য। এই ঘৰখন আছিল জুবিন গাৰ্গৰ প্ৰাণৰ বন্ধু প্ৰয়াত জয়ন্ত বৰপাত্ৰৰ। কেৱল এটা বাসগৃহ হিচাপে নহয়, এই ঘৰখন জুবিনৰ সৃষ্টিশীলতাৰ এক গুৰুত্বপূৰ্ণ সাক্ষী হৈ ৰৈছে। জয়ন্ত বৰপাত্ৰৰ এই ঘৰখনতেই জুবিন গাৰ্গৰ প্ৰথম তথা কালজয়ী এলবাম ‘অনামিকা’ৰ বহু অমৰ সুৰ আৰু হৃদয়স্পৰ্শী শব্দৰ সৃষ্টি হৈছিল। সেই সময়ত জুবিনে এখন ৰঙা চাইকেল লৈ সঘনাই জয়ন্ত বৰপাত্ৰৰ ঘৰলৈ আহ-যাহ কৰিছিল। দিনৰ পিছত দিন, আনকি বহু ৰাতিও তেওঁ এই ঘৰখনতে অতিবাহিত কৰিছিল।

বন্ধু জয়ন্ত বৰপাত্ৰৰ ঘৰৰ এটা সৰু কোঠাই আছিল জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ সৃষ্টিৰ অন্যতম স্থান। সেই সময়ত কোনো অত্যাধুনিক ষ্টুডিঅ’ বা বৃহৎ আয়োজনৰ প্ৰয়োজন হোৱা নাছিল। সাধাৰণ পৰিৱেশতে জুবিন দাই নিজৰ মনৰ ভাব, অনুভূতি আৰু সুৰক গীতৰ ৰূপ দিছিল। কেতিয়াবা সৰু কাগজৰ টুকুৰাত, আনকি চিগাৰেটৰ বাকচৰ পিঠিতো জুবিন দাই মনলৈ অহা শব্দ আৰু সুৰ লিখি ৰাখিছিল বুলি উল্লেখ কৰা হয়। সেই সৰু কোঠাটোৰ স্বতঃস্ফূৰ্ত পৰিৱেশতেই লাহে লাহে গঢ় লৈ উঠিছিল ‘অনামিকা’ৰ বহু স্মৰণীয় সৃষ্টি। এজন উদীয়মান শিল্পীৰ প্ৰতিভা আৰু দুজন ঘনিষ্ঠ বন্ধুৰ মাজৰ গভীৰ বন্ধুত্বৰ উমে সেই সৰু কোঠাটোক যেন এক সৃষ্টিৰ ক্ষেত্ৰলৈ পৰিণত কৰিছিল। সেয়েহে ‘অনামিকা’ কেৱল এটা সংগীত এলবাম নহয়, জুবিন দা আৰু তেওঁৰ বন্ধুত্বৰ বহু স্মৃতি কঢ়িয়াই ফুৰা এক বিশেষ অধ্যায় বুলিও ক’ব পাৰি।

জুবিন গাৰ্গ আৰু জয়ন্ত বৰপাত্ৰৰ বন্ধুত্ব আছিল অত্যন্ত অন্তৰংগ। তেওঁলোকৰ দৈনন্দিন জীৱনৰ সৰু সৰু কথাতো এই বন্ধুত্বৰ গভীৰতা প্ৰকাশ পাইছিল। জুবিনে যেতিয়ালৈকে নিশ্চিত নহৈছিল যে বন্ধু জয়ন্তই ভাত খাইছে, তেতিয়ালৈকে তেওঁ নিজেও ভাত নোখোৱাকৈ থাকিছিল বুলি জানিব পৰা যায়। “জয়ন্তই ভাত খালে নে নাই?”—এই প্ৰশ্নটো জুবিনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। এই বন্ধুত্ব কেৱল দুজন ব্যক্তিৰ মাজতে সীমাবদ্ধ নাছিল। সময়ৰ লগে লগে দুয়োটা পৰিয়ালৰ মাজতো এক গভীৰ আত্মীয়তাৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।

জয়ন্ত বৰপাত্ৰৰ ভগ্নী সুৰভি বৰপাত্ৰ গোহাঁই আৰু মনালিছা বৰপাত্ৰ গগৈক জুবিন দাই নিজৰ ভগ্নী আৰু বায়েকৰ দৰে মৰম আৰু সন্মান কৰিছিল। একেদৰে জয়ন্তৰ মাতৃকো জুবিন দাই নিজৰ জন্মদাত্ৰী মাতৃৰ দৰেই শ্ৰদ্ধা আৰু সন্মান জনাইছিল বুলি জয়ন্ত বৰপাত্ৰৰ পৰিয়ালে অসম Live24ৰ যোৰহাটৰ সাংবাদিক চন্দন কলিতাৰ আগত অতীতৰ সেই মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰে।

যোৰহাটৰ সেই সাধাৰণ ঘৰখনতেই সংগীত জগতৰ মহানায়কগৰাকীয়ে সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱা বহু সৃষ্টিৰ সাক্ষী আছিল। সেয়ে সেই ঘৰখন এতিয়া কেৱল এখন ঘৰেই নহয়, জুবিন গাৰ্গৰ সৃষ্টিশীল যাত্ৰা, ‘অনামিকা’ৰ জন্ম আৰু জয়ন্ত বৰপাত্ৰৰ সৈতে তেওঁৰ গভীৰ বন্ধুত্বৰ বহু স্মৃতিৰ সৈতে জড়িত এক আবেগিক স্থান হিচাপে এই ঘৰখনৰ বিশেষ তাৎপৰ্য আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24zubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
Next Post
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.