সৰুপথাৰ সমজিলাৰ বৰপথাৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। এগৰাকী পঞ্চাশ ঊৰ্ধ্বৰ মহিলাক ধ*ৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লাংঠা গাঁৱত সংঘটিত হৈছে এই ঘটনা। বিষ্ণু গগৈ নামৰ এজন যুৱকৰ বিৰুদ্ধে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, নিশা সুৰা আনিবলৈ বুলি মহিলাগৰাকীক ঘৰৰ পৰা লৈ যোৱা হৈছিল। ইয়াৰ পিছতে যুৱকজনে মহিলাগৰাকীক ধ*ৰ্ষণ কৰি সংকটজনক অৱস্থাত এৰি থৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছদিনা পুৱা স্থানীয় ৰাইজে মহিলাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে। মহিলাগৰাকীৰ অৱস্থা দেখি স্থানীয় লোকসকলে তৎপৰতা অৱলম্বন কৰি তেওঁক ততাতৈয়াকৈ সৰুপথাৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।
চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত মহিলাগৰাকীৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত তেওঁক সৰুপথাৰৰ পৰা গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থাক লৈ উদ্বেগৰ সৃষ্টি হৈছে।
ইফালে, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা বিষ্ণু গগৈক বিচাৰি বৰপথাৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। অৱশ্যে, এই বাতৰি প্ৰস্তুত কৰাৰ সময়লৈকে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে কোনো তথ্য লাভ কৰা হোৱা নাই। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এগৰাকী পঞ্চাশ ঊৰ্ধ্বৰ মহিলাৰ সৈতে সংঘটিত হোৱা এনে গুৰুতৰ অপৰাধৰ অভিযোগে পুনৰ মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















