সেইদিনা সি নিশ্চিত হ’ল যে সি অদৃশ্য হৈ গৈছে। মানে দিনটোত মাজে মাজে কেইবাবাৰলৈকে সি অদৃশ্য হৈ যায়। কাৰবাৰটো প্ৰথমতে কেতিয়া আৰম্ভ হৈছিল সি নাজানে। সম্ভবতঃ সি গমেই পোৱা নাছিল প্রথমটো সংঘটন, বা দ্বিতীয় বা তৃতীয়টো…। সি যেতিয়াৰ পৰা কথাটো অনুভৱ কৰিবলৈ ল’লে তেতিয়া কাৰবাৰটো ইমান ঘনাই হোৱা নাছিল, এই ধৰক সপ্তাহৰ কোনো একোদিন ক্ষণমাত্ৰৰ বাবে সি অদৃশ্য হৈ যায়। লাহে লাহে ই ঘনাই হ’বলৈ আৰম্ভ কৰে আৰু এতিয়াতো সি দিনটোত মাত্ৰ অলপ সময়ৰ বাবেহে দৃশ্যমান হয়।
আৰম্ভণিতে সি ঘটনাটোত কিঞ্চিৎ আমোদ নোপোৱাকৈও থকা নাছিল। আৰে ধেমালি কথা নেকি, অদৃশ্য হৈ যোৱাটো? তাকো অনায়াসে? কিন্তু লাহে লাহে ই বৰ অসুবিধাজনক হৈ পৰিল। উপস্থিতিবে কোনো কার্য সাধিত কৰিবলৈ সি অপাৰগ হৈ পৰিল। যেনে ধৰি লওক আধাঘণ্টাৰ কাম এটাৰ মাজতে সি হঠাৎ পাঁচ মিনিটমানৰ বাবে অদৃশ্য হৈ পৰিল আৰু পাছত দেখা গ’ল যে সেই পাঁচ মিনিটেই গোটেই কামটোৰ মাজৰ আটাইতকৈ গুৰুত্বপূর্ণ আছিল। গতিকে বৰ অসুবিধা। আমোদৰ সলনি তাক অশান্তিয়ে ঘেৰিবলৈ ল’লে। এই সমস্যাটো শেষ কৰিবলৈ বুলি সি যিমান যি কাম কৰিবলৈ ল’লে কোনো এটায়ো তাক ভাল ফল দিব নোৱৰা হ’ল।
যেনে- সি ৰংচঙীয়া কাপোৰ পিন্ধিবলৈ ল’লে, খোজ কাটোতে গোৰোহা পেলাই শব্দ কৰি খোজ কাঢ়িবলৈ ল’লে, হকে-বিহকে কাহ মাৰিবলৈ ল’লে, কিন্তু একোরেই তাক অদৃশ্য হৈ পৰাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।
ঘটনাটো হৈছিল বৃহস্পতিবাৰে। সাপ্তাহিক বজাৰখনত ঘৰৰ পৰা লৈ যোৱা লিষ্টখন চাই চাই সি বজাৰ কৰি আছিল। সাধাৰণতে সি বজাৰ কৰিবলৈ দুখন মোনা লৈ যায়। এখনত আলু, পিঁয়াজ, দাইল আদি শুকান সামগ্ৰীবোৰ ভৰায় আৰু আনখনত কেঁচা শাক-পাচলি, মাছ দুচকল বা গাহৰিৰ মঙহ অকণ লয়। নিয়ৰভঙা। সেইদিনাও সি তাকেই কৰিছিল। শাক-পাচলি কিনি সি ভালপায়। সতেজ পূৰঠ শাক-পাচলিবোৰে তাক জীৱনটোকে পূৰঠ আৰু সতেজ বুলি কয়। বং অনুসাবে সি পাচলি কিনে। প্রথমে কিনে বেঙেনা আৰু পাছত গাজৰ, মূলা বা ফুলকবি, তাৰ পাছত কিবা এপদ সেউজীয়া শাক আৰু সকলোতকৈ শেষত বিলাহী। ৰঙা পাচলি এবিধ নোলোৱাকৈ সি কোনোদিন বজাৰৰ পৰা উলটি অহা নাই। বিলাহী ল’ব লগা নাথাকিলে পূৰৈ শাক, টেঙামৰা, মৰিচা, কলডিল…. মুঠতে কিবা নহয় কিবা এবিধ ৰঙচুৱা শাক বা পাচলি লৈহে সি উভতি আহে। সেইদিনাও সি তেনেদৰেই বজাৰলৈ গৈছিল। প্রথমে বেগটো লৈ আলু-পিঁয়াজৰ বেপাৰীটোৰ ওচৰলৈ আগবাঢ়ি গৈছিল। বজাৰখনৰ দক্ষিণ দিশটোত য’ৰ পৰা সস্তীয়া জোতা-চেণ্ডেলৰ দোকানকেইখন আৰম্ভ হয়, তাৰ ওচৰতে বহে আলু-পিঁয়াজৰ বেপাৰীকেইটা। সি সদায় একেটা বেপাৰীৰ পৰাই আলু-পিঁয়াজ লয়। একেই পৰিমাণ। গোমোঠা মুখৰ শকত বেপাৰীটো আলু-পিঁয়াজৰ দ’মকেইটাৰ মাজত বহি থাকে। তাৰ ভৰি দুখন ফুলি ভীম্বাকাৰ দিয়া। তাক দেখিলে প্রতিদিনেই তাৰ সৰুতে স্কুলৰ পাঠ্যপুথিত পঢ়া গোধা (এলিফেন্টিয়াছিছ) বা লিমফেটিক ফিলাবিয়াছিছ (Lymphatic filariasis) নামৰ মহে বিয়পোৱা বেমাৰটোলৈ মনত পৰে। সেই বেমাৰটোৱেই নেকি বাৰু ইয়াৰ? হয় চাগৈ। সি অৱশ্যে কোনোদিন তাক এইবিষয়ে একো সোধা নাই। ওচৰলৈ গৈ সি বেপাৰীটোলৈ মোনাখন আগবঢ়াই দিয়ে। বেপাৰীটোৱে মূৰ দাঙি চাই তাৰ মোনাখন লয়, চেলাউৰি দুয়োটা এটা নির্দিষ্ট ভংগীত দাঙে আৰু পাল্লাৰে জুখি তিনি কিলো আলু আৰু দুই কিলো পিঁয়াজ তাৰ বেগটোত সুমুৱাই দিয়ে। তালৈ বেগটো আগবঢ়াই দিওঁতে পাবলগীয়া দামটো উচ্চাৰণ কৰে। সি দিয়ে। খুচুৰাকেইটা লয় আৰু আন বজাৰ কৰিবলৈ আগবাঢ়ে। প্রতিসপ্তাহে। তথাপি কোনোদিনেই বেপাৰীজনৰ দৃষ্টিত সি যে চিনাকি মানুহ, নিয়মীয়া গ্রাহক এই কথাটো ফুটি নুঠে। এই কথাটোৱেই তাৰ ভাল লাগে। সেইদিনাও সি তাৰ সম্মুখত থিয় হৈ তালৈ মোনাখন আগবঢ়াই দিছিল আৰু বেপাৰীটোৱে তাক নেদেখিলে। প্রথমে সি ভাবিছিল কিবা ভাবি থকাৰ বাবে তাক দেখা নাই চাগৈ। কিছুপৰ সি তেনেকৈয়েই ব’ল। এবাৰ গলখেকাৰি এটাও মাৰিলে, কিন্তু বেপাৰীটোৱে তাক নেদেখিলে। সি অকণমান আহত হ’ল। বেটাৰ তাওটো বেছি হৈছে। দুজন গ্রাহক আৰু আছিল তাত। সি লাজত বঙা পৰি দুয়োজনলৈকে চালে। তেওঁলোকেও তাক নেদেখিলে। এক স্বস্তিহে পালে যেন সি। কোবাকুবিকৈ সি বজাৰৰ আনটো মূৰ পালেগৈ। ইয়াত মাছৰ বেপাৰীকেইটা বহে। তাৰ অলপ সংশয় হ’ল, ইহঁতে বা দেখে নে নেদেখে।
“আৰে ককাইদেউ দেখোন, কি মাছ ল’ব কওক? বিলৰ মাছ আনিছোঁ আজি। এনেকুৱা পেট হালধীয়া শ’ল উলিয়াব পাৰিছে কোনোবাই? লওক, লওক ককাইদেউ। দুটা লৈ যাওক। এটা কাটি দিওঁ, এটা জীয়াই থ’ব দুদিনমান। ই হবেনে কাটি দিব পাছত।”- কৈয়েই সি পাল্লাত জীয়া মাছ দুটা উঠালেই। বক্ষা!
সি মাছৰ পইচা দি উভতিল। তাৰ পৰা এসপ্তাহমান পাৰ হ’ল। সি কথাটো পাহৰিছিলগৈয়ে, আকৌ ঘটিল নহয় ঘটনা এটা। অফিচত পার্টী কৰিবলৈ ৰাতুলে পইচা তুলি ফুৰিছিল, গাই পতি আঢ়ৈশ টকা। শর্মাই দিলে। বৰুৱাৰ ওচৰত খুচুৰা নাই বাবে জোনালীয়ে দুয়োজনৰ হৈ পাঁচশ টকা দিলে। বাচিমে দিলে। বিজয়কাইৰ পৰাও দুশ টকা ল’লে সি। বালেটটো উলিয়াই সি দুখন এশটকীয়া নোট আৰু পাঁচখন দহটকীয়া নোট মিলাই পূৰাপূৰি খুচুৰাকৈ আঢ়ৈশ টকা আগবঢ়াই দিলে। তাৰ হাতখন আগবঢ়াই দিয়াতেই থাকিল। ৰাতুলে তাৰপিনে নাচালে। নাচালে নে নেদেখিলে? তেতিয়াহে সি কথাটো মন কৰিলে যে তাৰপিনে বাতুলহে নালাগে আন কোনেও চোৱা নাই। তাক যেন কোনেও দেখা নাই। তাৰমানে…
প্রিঞ্চ আৰু প্রিয়াই প্রায়েই তাক নেদেখে। এইটো অবশ্যে আচৰিত হ’বলগীয়া ঘটনা নহয়। ম’বাইলটো হাতত থাকিলে আজিকালি কোনো প্রিঞ্চ আৰু প্রিয়াই সিহঁতৰ দেউতাকহঁতক নেদেখে। আচৰিত হ’বলগীয়া কথা নহ’লেও সি এইবাৰ কথাবোৰ ভালকৈ টং কৰিবলৈ ল’লে। সিহঁত দুয়োটাৰে আগত সি বিভিন্ন অস্বাভারিক কাম কৰিবলৈ ল’লে। এবাৰ সি হঠাতে অদ্ভুত ভংগী এটা কৰি সিহঁতৰ আগতে নাচি দিলে। অবাক হৈ দুয়োটাই তালৈ চালে- “কি হ’ল পাপা?” প্রিয়াই সুধিলে। সি বৰ ক্ষিপ্ৰতাৰে তাৰ লাজ ঢাকি কৈ উঠিল- “জানো গাত কিবা এটাই কামুৰি দিয়া যেন লাগিল।” তাৰ পৰা সি পিন্ধি থকা ছার্টটো খুলি এবাৰ এনেয়ে জোকাৰিলে। গহীন স্বভাৱৰ বাপেকটোৰ কথাকেইটাত ল’ৰা-ছোৱালী দুটা বৰ সোনকালে পতিয়ন যোৱা যেন লাগিল। সি বৰ লাজ পালে। কেইদিনমানলৈ সি তেনে একো নকৰিলে। কেইদিনমানৰ বাবেহে। তাৰ পৰা সি দুৱাৰখন শব্দ কৰি বন্ধ কৰি সিহঁতৰ দৃষ্টি আকর্ষণ কৰিবৰ চেষ্টা কৰিলে। টিভিটো ডাঙৰকৈ লগাই দি. কেতিয়াবা বেসুৰাকৈ গান এটা গাই বা কাৰোবাক উদ্দেশ্যি ডাঙৰকৈ ভেকাহি মাৰি সি সিহঁতে তাক দেখিছে নে নাই পৰীক্ষা কৰিবলৈ লাগি গ’ল। বেছিভাগ সময়তে সি লক্ষ্য কৰিলে যে সিহঁতে তাক দেখা নাপায়। কথাবোৰে তাৰ খেলিমেলিবোৰ দিনে দিনে বঢ়াই দিলে। পত্নীয়ে যে বহুদিনৰ আগৰ পৰাই তাক নেদেখা হৈ গৈছে, সেই কথা ইমানদিনে সি স্বীকাৰ কৰি লোৱা নাছিল। এতিয়া সেইটো কথা মানি ল’বলৈ তাৰ বাবে সহজ হৈছে। এবছৰমানৰ পৰাই সি বিছনাখনৰ এটা অংশ অধিকাৰ কৰি শুই থকা কথাটো মানুহজনীয়ে নেদেখাকৈ আছে। দিনটো তাৰ সৈতে স্বাভাবিকভাবে কথা-বতৰা পাতি সংসাৰৰ সকলো কাম নিয়াৰিকৈ কৰা মানুহজনীয়ে ৰাতি শুবৰ পৰত তাক নেদেখা হয়। গতানুগতিক দুই-এষাৰ কথাৰে সি তাইৰ মনোযোগ আকর্ষণ কৰিবলৈ বহুবাৰ চেষ্টা কৰিছে, কিন্তু মানুহজনীয়ে তাক নেদেখেতো নেদেখেই, নুশুনেও। সি আহত হয়। বহুৰাতি সি বেডকম সংলগ্ন বেলকনীখনৰ আৰামী চকীখনত বহি কটাই দিছে। বহুবাৰ সি ভাবিছে পুৱা উঠি দৃষ্টিৰ সৈতে কথা পাতিব লাগিব। পুৱা পাছে সকলো সাধাৰণ, ৰাতিৰ ৰাতিটো দৃষ্টিয়ে তাক নেদেখা কথাটোৰ অকণো চিন-চাব দৃষ্টিৰ কথা-বার্তাত চকুত নপৰে। কুকুৰীকণা?
সোমবাৰে সি এটা দুঃসাহসিক কাণ্ড কৰি পেলালে। চহৰখনৰ আটাইতকৈ ব্যস্ত চাৰিআলিটোত সি ট্রেফিক ছিগনেল ভাঙি গাড়ীখন চলাই লৈ গ’ল। উহা চকুৰ ট্রেফিক পুলিচজনে অপদস্থ কৰিব বুলি এক ভয়ে তাক কোঙা কৰি আনিছিল। ষ্টীয়েৰিং ধৰি থকা হাতৰ তলুৱা দুখন ঘামিছিল। তথাপি তাৰ সৈতে একমাত্র সি বহি থকা গাড়ীখনো অদৃশ্য হয় নেকি পৰীক্ষা কৰি চাবলৈ তাৰ বৰ মন গৈছিল আৰু সেইটোৱেই হ’ল। ট্রেফিকৰ ৰঙা লাইটক বুঢ়া আঙুলি দেখুৱাই তাৰ নীলা ছুইফ্টখন পাৰ হৈ অহা চাৰিআলিটোরে নেদেখিলে। উত্তেজনাৰ ক্ষণটো পাৰ হৈ অহাৰ পাছতে তাৰ বৰ হাঁহি উঠিল। সি বৰ আমোদ পালে, বাঃ তাৰমানে সি এইচ জি বেছৰ ইনভিজিবল মেনৰ দৰে হৈ গৈছে বা চিনেমাৰ হ’ল’ মেন। সি বোমাঞ্চিত হ’ল। অলপ পাছতে অবশ্যে এক আতংকই তাক বেৰি ধৰিলে। চাৰিআলিটোত কোনেও নেদেখাৰ দৰে যদি আন গাড়ীবোৰেও তাক নেদেখে, তেনেহ’লে দুর্ঘটনা এটা ঘটিবলৈ কিমাননো পৰ? সম্মুখেৰে আহি থকা ট্রাক এখনে যদি তাক নেদেখে আৰু মহটিয়াই লৈ যায়? সি কথাটো কল্পনা নকৰিবলৈ চেষ্টা কৰিলে। তাৰ গাড়ীৰ স্পীড কমি আহিল। ৰাস্তাৰ মাজৰ পৰা আঁতবি সি খুব লাহে লাহে বাঁও কাষেৰে চলাই আহি পোষ্ট অফিচৰ ওচৰৰ কৃষষ্ণচূড়াজোপাৰ ওচৰত গাড়ীখন পার্ক কৰি ৰবীনলৈ ফোন কৰিলে। “ঘৰতে আছ যদি বাইক চলাব পৰা কোনোবা এটাক লগত লৈ আহচোন মই পোষ্ট অফিচৰ সন্মুখতেই আছোঁ, গাড়ী চলাব পৰা নাই গাটো খুব বেয়া লাগিছে।”
ববীনে লাটুক বাইকত লৈ পোন্ধব মিনিটমান পাছতেই পালেহি। তেতিয়ালৈকে সি সহজ হৈছিল। গাড়ীৰ পৰা নামি গছজোপাৰ তলৰ বাঁহৰ বেঞ্চখনত বহি আছিল। তথাপি ৰবীন আৰু লাটুৰ আগত সি গা বেয়া লগাৰ অভিনয় কৰিলে। লেবেজান হৈ দেখুৱালে। মনে মনে সি এক স্বস্তিৰ নিশ্বাস এৰিলে যে ৰক্ষা, এতিয়া অন্ততঃ সি দৃশ্যমান হৈছে। ববীনে জোৰ কৰি তাক ডাক্তৰ হুছেইনব চেম্বাৰলৈ লৈ গ’ল। গাড়ীখন ববীনেই চলাই নিলে। সি এই ভাবি আশ্বস্ত হ’ল যে তাৰ বাহিবে আন কোনোবা এটাও যিহেতু গাড়ীত আছে এতিয়া গাড়ীখন অদৃশ্য হৈ যোৱাৰ ভয় নাই। ডাক্তৰ হুছেইনে তাক পৰীক্ষা কৰি ভয়ৰ কোনো কাৰণ নাই বুলি ক’লে আৰু ভিটামিনৰ টনিক এটা আৰু দহটা বি কমপ্লেক্স টেবলেট প্রেছক্রাইব কৰিলে। লগতে ক’লে- “বেছিকৈ স্ট্রেছ নল’ব আৰু খুব পানী খাব।” সি বাধ্য ছাত্রব দবে মূৰ দুপিয়াই শলাগিলে। ঘৰতো ববীনে অলপ হুৱাদুৱাই লগাইছিল, সি যেনে-তেনে চম্ভালিলে। সেইদিনা ৰাতিলৈ তাক তাৰ মানুহজনীয়েও দেখিলে। এবাৰ মূৰত হাত ফুৰাই দিলে, মুৰটো অকণমান পিটিকিও দিলে। বহুদিনৰ মূৰত তাৰ টোপনি আহিল। ভৰপূৰ টোপনি।
পুৱা উঠি পেপাৰখন লৈ সি কথাবোৰ ভাবিবলৈ ধৰিলে। সি দেখোন অভিনয় ভালেই কৰিছে। এক তৃপ্তিৰ হাঁহি খেলাই গ’ল তাৰ মুখত।
মানুহজনীয়ে অফিচৰ পৰা দুদিনমান ছুটী ল’বলৈ কৈছিল। সি নল’লে, অবশ্যে মানুহজনীয়ে বাসবক অটোখন লৈ তাক অফিচলৈ লৈ যোৱা আৰু ওভতাই অনাৰ বন্দৱক্ত কৰি দিওঁতে সি একো হকা-বাধা নকৰিলে।
অফিচত তাৰ নির্দিষ্ট টেবুলখনত বহি তলমূৰকৈ কাম কৰি থাকোঁতে সি কেইবাবাৰো অন্যমনস্ক হৈ গৈছে। পেটার্নটো কি? এনেকৈ যেতিয়াই তেতিয়াই সি অদৃশ্য হৈ যায়নে, নে কিবা এটা বিশেষ কাৰণ থাকিলেহে সি অদৃশ্য হৈ যায়? সি মনত পেলাবলৈ চেষ্টা কৰিলে, অদৃশ্য হৈ যোৱা দিনকেইটাত এনে কি বিশেষ কাৰবাৰ হৈছিল, যিটো আনকেইটা দিনত হোৱা নাছিল। এই গোটেইকেইটা দিনত বাৰু এনে কি ‘কমন’ ঘটনা ঘটিছিল সি ভাবিবলৈ আৰম্ভ কৰে, পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে ঘটনাবোৰ গোটেইবোৰ দেখোন গতানুগতিক। পুরা শুই উঠিয়েই চকুত পানী মাৰি সি ব্রাছডাল হাতত লয়, ব্রাছ কৰি উঠি মুখ কুলকুলি কৰি সি ফিকা চাহ একাপ খায়। চাহকাপ খোৱাৰ পাছতেই সি শৌচাগাৰত সোমায়, তাব পৰা গা-পা ধুই ওলাই আহি সি মাউথ ৱাশ্বটোৰে আকৌ কুলকুলি কৰে। পঢ়া টেবুলৰ ওচৰতে থকা গৰখীয়া কৃষ্ণৰ বাঁহী বজাই থকা ফটোখনৰ ওচৰত মূৰ দোঁৱায়। তাৰ পৰা বাতৰি কাকতখন গেটৰ পৰা আনিবলৈ যায়। ওপৰে ওপৰে হেডলাইনকেইটা পঢ়ি সি বাৰীখনত পাক এটা মাবে। তাৰ পৰা প্রিঞ্চ আৰু প্রিয়া উঠিল নে নাই এবাৰ চায়গৈ। অফিচলৈ যোৱা কাপোৰযোৰ ইস্ত্রি কৰি জোতাযোৰ পলিচ কৰি লয় মানে দৃষ্টিয়ে ব্রেকফাষ্টৰ বাবে মাতে। ব্রেকফাষ্ট কৰি উঠি দৌৰাদৌৰিকৈ অফিচলৈ ওলাই যায়। প্রিঞ্চ আৰু প্রিয়া স্কুললৈ ভানত যায়। নাই, সকলোবোৰতো একেই আছে। অফিচ ছুটীৰ পাছত সি পোনে পোনে ঘৰলৈ ওভতে। আহোঁতে কেতিয়াবা কিবা আনিব লগা হ’লে চাৰিআলিত গাড়ীখন বখাই ল’ব লগাখিনি লয় আৰু ঘৰলৈ আহে। ঘৰত সি হাত-মুখ ধুই উঠে মানে দৃষ্টিয়ে তাৰ কফিমগটোৰে একেবাৰে ওপচকৈ গাখীৰ চাহ একাপ কৰি আনে। কাপটো তাৰ হাতত দি দৃষ্টি তাৰ ওচৰতে বহে। দিনটোত তাক ক’বলৈ বুলি গোটাই থোৱা কথাবোৰ এটা এটাকৈ নিয়াৰিকৈ কয়। সি শুনি যায়। মাজে মাজে কিবা এটা কয়। নক’লে দৃষ্টি বৈ যাব বুলি তাৰ ভয়। এই সময়খিনিৰ প্রতি তাৰ বৰ লোভ। এটা সময়ত আপোনপাহৰা হৈ কলকলকৈ কথা কৈ থকা মানুহজনীৰ এই শান্ত-পৰিপাটি ৰূপটোৱে তাক এটা অজান বেজাৰেৰে চুই যায় যদিও এই সময়কণত সি সেই কলেজীয়া প্রগলভা বেফিকিৰ দৃষ্টিজনীক যেন অকণমান চকামকাকৈ হ’লেও দেখা পায়। তাৰ পৰা তাই পাকঘৰলৈ বুলি উঠি যায়। যাওঁতে “তহঁতি পঢ়িছ নে পকপকাই আছ?” বুলি ল’ৰা-ছোৱালীহালৰ পঢ়া কোঠাটোত এবাৰ ভুমুকিয়াই যায়। সি টিভিটোৰ সন্মুখত অলপপৰ বহে, আধাঘণ্টামানৰ পাছত সি তাৰ পঢ়া কোঠালৈ যায়, আলমাৰিটোৰ ওপৰৰ ছেলফৰ পৰা আধা পড়া কিতাপ এখন টানি উলিয়াই টেবুলত থয় আৰু তলৰ ছেলৰ পৰা হুইস্কীৰ বটলটোৰ সৈতে গ্লাছটো উলিয়াই টেবুলত থয়। কমটোৰ একোণত থকা সৰু বেছিনটোত সি গিলাচটো এবাৰ আওখালি লয়। কমটোত থকা সৰু ফ্রিজটোৰ পৰা পানীৰ বটল এটা উলিয়াই সি টেবুলত বহে। কিতাপখন পঢ়ি পঢ়ি সি ভাত নোহোৱাপর্যন্ত তাৰ পেগটো শেষ কৰে। এটাই পেগ। সি চাকনা নলয়। পঢ়ি থকা কিতাপখনৰ শব্দবোৰেই তাৰ চাকনা। তাৰ পৰা ডাইনিং টেবুলত সি প্রিঞ্চ আৰু প্ৰিয়াৰ সৈতে টুকুৰা-টুকুৰ কথা পাতে। দৃষ্টিয়ে কাঁহী-বাটি ধুই শেষ হোৱালৈকে সি বাৰাণ্ডাত বহেহি আৰু কৰিবলগীয়া ফোনকেইটা কৰে। অৱশেষত সি সিহঁতৰ দুজনীয়া বিছনাখনৰ এটা অংশ অধিকাৰ কৰি শুই থাকে।
নাই। তেনেকুৱা একো আনকমন, স্ট্রেঞ্জ ঘটনা হোৱাতো নাই এইকেইটা দিনত। তেনেহ’লে হৈছে কি?
এদিন অফিচত তাৰ ভীষণ ভাগৰ অনুভৱ হ’ল। গাটো এইবাৰ সঁচাকৈয়ে বেয়া লাগিবলৈ ধৰিলে। অফিচৰ টেবুলখনৰ পৰা উঠি সি তাব ‘বছ’ৰ ৰূমলৈ গ’ল। “ছাৰ আজিৰ আবেলিটো অফ পাম নেকি, গাটো বৰ ভাল লগা নাই।” বিস্ফাৰিত নেত্রে তালৈ চাই থকা তাৰ বছে কিবা এটা
ক’বলৈ পোৱাৰ আগতেই সি তেওঁৰ সন্মুখতে মজিয়াত ঢলি পৰিল। জ্ঞান অহাৰ পাছত সি হাস্পতালৰ বিছনাত। ওচৰত দৃষ্টি বহি আছে।
হাতত ছেলাইন লগোৱা আছে। তাই তাৰ ওচৰ চাপি আহিল। সি কিবা ক’ব বিচাৰিছিল। তাই মনে মনে থাকিবলৈ কৈ মুৰত হাত বুলাই দিলে। “একো নক’ব। ডাক্তৰে পূৰা ৰেষ্ট ল’বলৈ দিছে। অফিচত মূৰ ঘুৰাই পৰি গৈছিল আপুনি, মনত আছে নহয়? হ’ব হ’ব নুঠিবচোন, মই ডাক্তৰক মাতি দিছোঁ ৰ’ব। আপুনি জ্ঞান পালেই তেওঁক খবৰ দিবলৈ কৈ গৈছে।” তিনি দিন সি হাস্পতালত থাকিল। দুনিয়াৰ টেষ্টবোৰ কৰিলে, ব্রেইনৰ
এক্স-বে’ও কৰা হ’ল। ৰিপ’ৰ্টবোৰ দেখোন নর্মেল বুলিয়েই ক’লে ডাক্তৰে। “এবাৰ বাহিৰলৈকে লৈ যাব লাগিব আপোনাক, অকণমান ভাল হৈ লওকচোন। আমাৰ এই অসমৰ ডাক্তৰবোৰে একো নাজানে, মাত্র এগাল এগাল টকাৰ বিলবোৰহে বনাব জানে। ইদুবেঞ্চটো আছেই নহয়। ববীনকে লগত লৈ গৈ আহিম এবাব বাহিবলৈ।” দৃষ্টিয়ে তাক কেইবাবাৰো এইজাতীয় কথা কেইটামান ক’লে। সি একো নক’লে; মনতে ভাবিলে বাহিৰলৈ এবাৰ যাব পাৰিলে বেয়া নাছিল। মেট্রিক পাছ কৰাৰ পাছতেই এবাৰ মুম্বাইলৈ যোৱাৰ বাহিৰে সি দেখোন অসমৰ বাহিৰলৈ গৈয়েই পোৱা নাই। আকৌ তাব মনত পৰিল, যদি বাহিৰৰ ক’ৰবাত সি আকৌ অদৃশ্য হৈ যায় কি হ’ব? সি বৰ কাতৰ দৃষ্টিবে দৃষ্টিলৈ চালে। “মোৰ বৰ ভয় লাগিছে।” ভাগি যোৱা এটা অদ্ভুত মাতেৰে সি ক’লে আৰু দৃষ্টিৰ হাতখন খামুচি ধৰিলে। দৃষ্টিয়ে একো এটা মুখ ফুটাই ক’ব নোৱাৰিলে, মাত্র সেই কাতৰ শূন্য চাৱনিৰ আঘাতত তাইৰ চকুৰ পৰা বৰ দীঘলকৈ চকুপানী দুধাৰ বৈ গ’ল। গিৰীয়েকৰ হাতখনৰ ওপৰত হাতখন দি তাই নীবরে কান্দি থাকিল কেইটামান ক্ষণ। চকুপানীৰ সেই কুহুমীয়া উত্তাপত সি বৰ সোনকালে টোপনি গ’ল।
হাস্পতালৰ পৰা অহাৰ পাছৰটো সপ্তাহত সিহঁত মৰিয়নিৰ দৃষ্টিৰ বায়েকৰ ঘৰলৈ আহিল। ৰবীন বা লাটু কোনোবা এটা লগত অহাৰ কথা আছিল। কিবা কাৰণত আহিব নোৱাৰিলে। সিহঁতে দৃষ্টি আৰু তাক জনশতাব্দী এক্সপ্রেছত উঠাই থৈ গ’লহি। মৰিয়নিত এবাতি থাকি পিছদিনা পুরা সিহঁত দুলীয়াজানলৈ বুলি আকৌ ট্রেইনত বহিল। দৃষ্টিৰ বাইদেরেকে সিহঁতক বহুবাৰ নামফাকেৰ বৌদ্ধ মন্দিৰটোৰ কথা কৈছে। কৈছে গুণী-জ্ঞানী, শান্ত-সৌম্য বৌদ্ধ ভিক্ষু মঠাধ্যক্ষ ভান্টে মহাথেৰ জ্ঞানপাল ভিক্ষুৰ কথা। আৰু সি হাস্পতালত থকাৰ দ্বিতীয় দিনা পুৱাই সপোনত উজ্জ্বল সোণালী বিৰাটকায় বৌদ্ধ মূর্তি এটা দেখাৰ পাছতেই দৃষ্টিয়ে ঠিক কৰিছিল যে তাই গিৰীয়েকক লৈ নামফাকে গাঁৱৰ এই বৌদ্ধ মঠটোলৈ যাব। বায়েকলৈ ফোন কৰি তাই সকলো ঠিক কৰি আঁটাইছিল। দুলীয়াজানত ভিনিহিয়েকৰ ভাগিনিয়েক এটা থাকে। বেংকত চাকৰি কৰে, গুৱাহাটীলৈ আহিলে সি সিহঁতৰ ঘৰতে থাকি যায়হি। বৰ ভল্ভলীয়া ল’ৰা। সি দৃষ্টিহঁত যাব বুলি জানি একদম খদম্দমেই লগালে, বোলে “কালিলৈয়ে আহক মামী, দুলীয়াজানত নমাৰ পাছত সকলো দায়িত্ব মোৰ।”
সেয়েহে পুৱাই যোৰহাট-তিনিচুকীয়া পেছেঞ্জাৰখনৰ দীঘলীয়া ছাঁটটোত দৃষ্টি আৰু সি বহি আছেহি। বহু বছৰৰ মূৰত সি ট্রেইনত উঠিছে। আচলতে বহু বছৰ সি গুৱাহাটী এৰি ক’লৈকো যোৱাই নাছিল। দিনতীয়াকৈ এবাৰ পাঠশালালৈ সাহিত্য সভা হওঁতে বা নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ এবাৰ অহাৰ বাহিৰে। খিৰিকীৰ কাষত দৃষ্টি বহিল। যিমানেই ট্রেইনখন উজনিলৈ গৈ আছে সেউজীয়াবোৰ যেন আৰু ডাঠ হৈ গৈ আছে। তাক ওচৰতে আথে-বেথে বহুৱাই লৈ দৃষ্টিয়ে বাহিৰলৈ চাই গৈছে। চিন্তাই তাইক হেঁচা মাৰি ধৰিছে। তাই এইকেইদিনতে আৱিষ্কাৰ কৰি উঠিছে যে হয় কিবা এটা হৈছে। সিহঁতৰ ঘৰখনত সঁচাকৈয়েই কিবা এটা হৈছে। বাহিৰৰ পৰা সকলো ঠিক যেন লাগি থাকিলেও যেন সঁচাকৈয়ে একো ঠিক নাই। এক অস্থিবতা, এক শূন্যতা। গহীন হ’লেও সপ্রতিভ তাইৰ মানুহটো লাহে লাহে যেন মৰহি গৈ আছে। সিহঁতৰ মাজতো যেন আগৰ সেই দুৰ্বাৰ আকর্ষণবোৰ নাই। দৈহিক কামনা-বাসনাবোৰে যেন শুকাই ককৰীয়া মাৰিলে। তাই তাৰপিনে এবাৰ চালে। মানুহটো মনে মনে বহি আছে। একধৰণৰ মৰম আৰু দায়িত্বৰে তাই তাৰ ছাৰ্টৰ সোমাই থকা কলাৰটো উলিয়াই ঠিক কৰি দিলে।
সিহঁতৰ সম্মুখৰ ছাঁটটোৰ খিৰিকী কাষত মৰম লগা ছোৱালী এজনী বহি আছে, তাইৰ কাণত হেডফোন। তাইৰ কাষতে বহিছে দুজনী বাই-ভনী। ছাঁটটোৰ একেবাৰে মুখতে বহিছে শকত তিৰোতা এগৰাকী, তেওঁৰ সম্মুখতে দুটা ডাঙৰ বেগ। খিৰিকী কাষৰ ছোৱালীজনীৰ বাহিৰে বাকীকেইটা মৰিয়নিত উঠিছেহি। শকত তিৰোতাজনীয়েই প্রথম কথা আৰম্ভ কৰিলে। দৃষ্টিলৈ চাই তাই সুধিলে- “বাইদেউ তিনিচুকীয়ালৈ যাব যেন লাগিছে?” প্রশ্নবোধক চিনটো নিদিলে বাক্যটো এটা উক্তি যেনহে লাগে, পাছে নহয় মানুহজনীৰ কথাৰ সুৰটোতে ওলমি আছে এটা প্রশ্নবোধক। তেওঁ এটা উত্তৰ আশা কৰিছে।
“নহয়। আমি দুলীয়াজানত নামিম।”
“অ’ দুলীয়াজানতে ঘৰ নেকি?” তেওঁ সহজে এৰাত নাই।
“নহয়।”
“অ’ তাৰমানে ফুৰিবলৈ যায়? মিতিৰ আছে চাগৈ?”
“হয়।”
“ঠিক ধৰিছোঁ, দেখিছেনে? এনেয়ে, বেয়া নাপাব আক’ দেই, কথা এটা সোধোঁ? ঘৰ ক’ত বাৰু আপোনালোকৰ?” সিহঁত দুটা যে একেলগে আহিছে তেওঁৰ সহজাত বুদ্ধিৰে সেইটো অনুমান কৰি ল’বলৈ তেওঁক বেছিপৰ নালাগিল।
” গুৱাহাটী।”
“অ’ গুৱাহাটীৰ পৰা আহিছে? এই ৰে’লখন যোৰহাটৰ পৰাহে চলে
হ’ব পায়?”
“অ’ আমি মৰিয়নিত থাকিলোঁহি।”
“অ’ ভাল ভাল। তাতো মিতিৰ আছে চাগৈ?”
“বাইদেউৰ ঘৰ।”
“সৰুজনী ছোৱালী সৰুপথাৰলৈ দিছোঁ, বুজিছেনে। এ ডাঙৰজনী আক’ ভজোত। এতিয়া বুঢ়ীজনীৰ দুয়োজনীৰ ঘৰৰ মাজত তাঁত-বাটি কৰি থাকোঁতেই যায়। সৰুপথাৰত নাতিনী এজনী আছে, মই গ’লে একেবাৰে নেৰেই বুজিছেনে মোক। আকৌ ভজোৰ নাতি দুটা হ’বলা কম? এতিয়া কালৈ চাওঁ, কি কৰোঁ অৱস্থা আৰু।” আত্মতৃপ্তিত মানুহজনীয়ে এমোকোৰা হাঁহি ল’লে। পৰিৱেশটোৰ গোমোঠা গোমোঠা ভাবটো নাইকিয়া হৈ গ’ল। সম্মুখৰ ছীটটোত বহি থকা ছোৱালী দুজনীৰ ডাঙৰজনীয়ে হঠাতে আৱিষ্কাৰ কৰি পেলালে যে খিৰিকীৰ কাষত বহি অহা ছোৱালীজনীক তাই ক’ৰবাত দেখিছে। তাৰ পৰা ধুনীয়া নৃত্য এটিৰে ভাইৰেল হৈ পৰা ছোৱালীজনীক ওচৰতে পাই তাইৰ ফুর্তি চায় কোনে।
“আপুনি ইমান ধুনীয়াকৈ কেনেকৈ নাচে?”
“ক’তনো ধুনীয়া। মানুহে ভাল পাইছে, সেয়াই বহুত।” বিনয়েৰে আৰু আত্মবিশ্বাসী কণ্ঠ এটাৰে ইজনীয়ে ক’লে। শকত তিৰোতাগৰাকীয়েও তৎক্ষণাৎ তাইক ঘৰ ক’ত কি কথা সুধি সুধি নাতিনীয়েকৰ ভিডিঅ’ এটাও দেখুৱালে। দৃষ্টিৰ ভাল লাগি আহিল। অচিনাকি হ’লেও ইমান আপোন ভাবত কথাবোৰ কৈছে মানুহজনীয়ে। কপালত লৈ থকা প্রকাণ্ড সেন্দূৰৰ ফোঁটটোৰে গোটেই মানুহজনী সেন্দুৰীয়াকৈ পোহৰ হৈ আছে। এনে মানুহৰ বাবে গোটেই পৃথিৱীখনেই আপোন। এনে মানুহ চাগৈ কেতিয়াও ডিপ্লেচনত নাযায়েই। পৃথিবীখনক যেনে আছে তেনেকৈয়ে আদৰি লোৱা এনে মানুহবোৰলৈ দৃষ্টিৰ কিঞ্চিৎ ঈর্ষা হ’ল।
ট্রেইনখন নকছাৰী পাৰ হওঁতেই এগৰাকী বিবাহিত মহিলা আৰু এজনী জীয়ৰী ছোৱালী আহি তাৰ সোঁপিনে বহিলহি। তেওঁলোকৰ লগতে আন এগৰাকী মানুহে বেগ এটা আৰু ফাইভ-ছিক্সমানত পঢ়ি থকা ছোৱালী এজনীৰ সৈতে খৰ্ধৰকৈ সোমাই আহিল। মানুহ পাৰ হৈ যাব পৰা বাটটোৰ সিটো পাৰে থকা এজনীয়া ছাঁটটোত ছোৱালীজনীক তেওঁ বহুৱালে। তাৰ সোঁপিনে বহা মহিলাগৰাকীলৈ চাই “এইক অলপ চাবি দেই” বুলি তেওঁ আকৌ খৰ্ধৰকৈ গ’লগৈ। তেওঁৰ মুখৰ উদ্বেগ, ভয়, খং মিহলি কিবা এটা আৰু তেওঁৰ খৰ্ধৰবোৰে সকলোকে কৌতূহল দি গ’ল।
“ক’লৈ গৈছেহে ইমান খৰধৰকৈ?” হাঁহি মাতি থকা শকত মানুহজনী যেন পাগ উঠি অহা কথা-বতৰাৰ এই সাময়িক ছন্দ পতনত কিঞ্চিৎ অসন্তুষ্ট হ’ল।
“এ তাইৰ ল’ৰাটো পলাইছে। বিচাৰি গৈছে।”
“পলাইছে।”
“কিমান বয়স?”
“পোন্ধৰ বছৰমান হ’ব।”
“হে ভগবান, কিয় পলাইছে সি?”
“সি তেনেকুৱাই। মাকে ধৰ ধৰ বুলি কওঁতে তাক ধৰিছিলেই দুটামানে। ট্রেইনৰ তলত সোমাব যেন দেখি এৰি দিলে। সি ট্রেইনতে আছে চাগৈ। মাকে বিচাৰি আছে।”
“কিয় পলাইছে, কি কৰিলেনো সি?”
“সি চোৰ। কাৰোবাৰ ম’বাইল-চ’বাইল কিবা সৰকাই গায়েব হৈ দিয়ে। আমাৰ ওচৰৰে যে গম পাওঁ। পোন্ধৰ বছৰতে।” নিজৰ ম’বাইলটো টানকৈ ধৰি মানুহজনীয়ে ক’লে।
“অলপদিন সি নাছিল। মুম্বাইত আছিলগৈ হেনো। এমাহমান আগতে ঘৰলৈ আহিল। ঘৰত বৰমাকে ভাত দি থাকোঁতে বৰমাকৰ ম’বাইলটো লৈ পলালে।”
“কি, বৰ গভাইত দেখোন।”
“গভাইত মানে! ইয়াৰ পৰা উপায় নাইকিয়া হৈছে। কাৰোবাৰ কুকুৰা, কাৰোবাৰ ছাগলী, কি চুৰ কৰা নাই ই! দূৰত আছিল, মাকজনী শান্তিত আছিল। এতিয়া বৰমাকৰ ম’বাইলটো কিনি দিব লাগিব। মাকে হাজিবাহে কৰে, দহ-বাৰ হাজাৰ টকা পটকে ক’ত পায়!”
“পুলিচত দিব লাগে।”
“পুলিচে কেইবাবাৰো নিছে তাক। কিবা মাইনৰ ল’ৰাৰ জে’লতো গৈছিল, তাৰ পৰাও পলালে বোলে। গোটেই বস্তিটো পৰিচান।”
“ঘৰ ক’ত তোমালোকৰ?”
চফ্রাইত।
সি অলপ কুঁচি-মুচি বহিল। “চফ্রাই মানে চফ্রাই বাগানত?”
“হয়।”
“মাকলৈহে বেয়া লাগে। মানুহজনীয়ে তাক মৰমত ধৰিবলৈ যোৱা নাই। ম’বাইলটো পাই যাব পাৰে বুলিহে গৈছে। ই মৰিলেও মৰক বুলি বকি বকি গৈছে। বৰ জুলাইছে ই।”
“আও ৰাম, বৰ বেলেগ বস্তু দেই ই।”
“আমিও আগে দেখা নাই দেই এনেকুৱা। আমাৰ বাবাহঁতে কয়, বীৰেন বোলা এটা আছিল বোলে ত্রিশ-পঁইত্রিশ বছৰ আগেয়ে। একদম একেই। কিবা যাদুরেই জানিছিল নেকি, কিবা এটা চুৰ কৰি তাৰ পৰা গায়েব হৈ গৈছিল বোলে। গোটেই অঞ্চলটোৱেই ভয় কৰিছিল হেনো। এবাৰ আমাৰ মাৰোবাৰী গোলাত বোলে বহুত ডাঙৰ চুৰ হৈছিল। মহাজনৰ টকা-পইচাৰ লগতে তেওঁ বন্ধকত লোৱা সোণ, ৰূপৰ অলংকাৰ সৱ লৈ গৈছিল। পুলিচে তাক ধৰিলেহি। পথা লগাই বজাৰৰ মাজেৰে লৈ যাওঁতেই বোলে গোটেই মানুহবোৰৰ চকুৰ আগতে বীৰেন চোৰ গায়েব। গায়েব মানে গায়েবেই। তাৰ পৰা আৰু তাক কোনেও দেখা নাই।
কি কোৱা! হয় দেই! মৰিলেগৈ চাগৈ ক’ৰবাত বুজিছা। ক’ৰবাত আকৌ এইবোৰ কুকর্ম কৰোঁতে ৰাইজে টঙনিয়াই মাৰিলে চাগৈ তাক। নহ’লে আকৌ নোলালহিহেঁতেননে? ঘৰ বুলিতো মোহ এটা থাকে।”
দবাটোত কথাবোৰ এইবাৰ চুৰক লৈ আৰম্ভ হৈ গৈছিল। ল’ৰাক বিচাৰি যোৱা মাকজনী উভতি অহা নাছিল। তাৰ ফাইভ নে ছিক্সত পঢ়া ভনীয়েকজনীয়ে ভাবলেশহীনভাবে আনপিনৰ খিৰিকীখনেৰে বাহিৰলৈ চাই গৈছিল।
ট্রেইনখন এইবাৰ নামতি আলি ষ্টেচনত ৰ’ল। কিবা ক্রছিং আছে বোলে। ভদ্ভলীয়া মানুহজনীয়ে আন এটা চুৰৰ কাহিনী আৰম্ভ কৰিছে।
“এবাৰ বুজিছেনে, এই আমাৰ শিমলুগুৰিত ট্ৰেইনৰ পৰা নামিছোঁ। বিয়া এখনলৈ আহিছিলোঁ। ভাগিন ল’ৰা এটাৰ বিয়া। লগত দুই টেকেলি দৈ লৈ আহিছিলোঁ আৰু ভি আই পি এটা। আই অ’ নিবলৈ ইমান অসুবিধা হৈছিল মই অকলশৰীয়া মানুহজনীয়ে বুজিছেনে। তাৰ পৰা পটকৈ মানুহ এটাই জোকাৰ মাৰি মোৰ হাতৰ পৰা ভি আই পিটো কাঢ়ি লৈ দৌৰ মাৰিলে নহয়। মই খকে কলহকেইটা মাটিতে থৈ চিঞৰো লগাইছোঁ, মেখেলা কোঁচাই দৌৰিছোঁও, মোৰ চিঞৰ শুনি আগপিনৰ পৰাও দুটামানে তাক ভেটা দি ধৰিলে নহয়। মই গৈ তাক একদম ডিঙিটোতেই ধৰিলোঁগৈ। বোলোঁ চিনি পোৱা নাই বুঢ়ীমাৰক? তাৰ পৰা তাক ধৰি যিহে গৰু পিটন দিলে মানুহবোৰে। মোৰ আকৌ বেয়াও লাগি গৈছিল পায়। পাছত ময়েই আৰু নামাৰিব নামাৰিব বুলি হাতযোৰ কৰি তাক পুলিচক গতাই দি আহিছোঁ। হাজাৰ হওক নৰমনিচহে হেব’। অ’ চিয়ে আকৌ মোক বৰ শলাগিছিল দেই। মূলাগাভৰু বুলিয়েই কৈ দিছিল বুজিছেনে!”
দৃষ্টিয়ে মন দি মানুহজনীৰ কাহিনী শুনিছে। কিমান কি যে কাহিনী থাকে মানুহৰ। তাই তালৈ চালে। সি তাত নাছিল। কোন টলকত মানুহটো উঠি গ’ল তাই নেদেখিলে। পেচাব কৰিবলৈ গৈছে চাগৈ। তাই ভাবিলে। ট্রেইনখনে নামতি ষ্টেচন এৰিলে, মেজেংগা পাওঁ পাওঁ, দৃষ্টিয়ে উস্পিচাবলৈ ধৰিলে। ফোন এটা কৰিলে। “আউট অব ৰিচ্ছ।”
কি হ’ল আপোনাৰ?
“আমাৰ এখেতক উঠি যোৱা দেখিছিল নেকি বাৰু? ক’লৈ বা গ’ল?” “আৰে হয়তো, উঠি যোৱাটো দেখা নাই। ইয়াতে বহি আছিল। ক’লৈ গ’ল পটকে? এ পেচাব কৰিবলৈ গ’ল চাগৈ, নহ’লে চিগাৰেট খাবলৈ। গোটেই মাইকী মানুহবোৰৰ মাজত মানুহটো বহি বহি আমনি পাইছিল চাগৈ হেৰ’। আহিব ৰ’ব। ফোন কৰকচোন।”
লগা নাই।
দৃষ্টি এইবাৰ উঠি গৈ পাইখানাকেইটা চালেগৈ। নাই দেখোন। বাকী ছাঁটবোৰতো নাই। ক’লৈ গ’ল? নামতি আলিতে নামি গ’ল নেকি? হে ভগবান, অসুখীয়া মানুহটো ক’লৈ বা গ’ল?
ট্রেইনখন নাজিৰা পাৰ হ’ল। গোটেই দবাটোত উচুপিচ লাগিল।
“আপুনি শিমলুগুৰিত নামি দিয়ক বুজিছে। ষ্টেচন মাষ্টৰক কওক, পুলিচ কমপ্লেইন এটা কৰি দিয়ক তৎক্ষণাৎ পাই যাব। পাই যাব বুজিছে। নামটো কি তেখেতৰ?”
বীৰেন্দ্ৰ কুমাৰ বৰা।
“বেলেগ দবাত উঠি দিলে চাগৈ ফোন কৰকচোন আকৌ। মোক নম্বৰটো দিয়কচোন মই ফোন কৰি চাওঁ। মোৰটো এয়াৰটেল পাওঁরেই কিজানি।”
“নাই। আউট অব ৰিচ্ছ।”
“আচৰিত কথা! চকুৰ আগতে মানুহটো নাইকিয়া হৈ গ’ল। পুলিচত লিখাব ভালকৈ। ফটো আছে নহয়?”
“আছে।”
“নাম, বয়স, মুখত কিবা জন্মগত চিন, এইবোৰ লিখাই দিব দেই।”
“আছেনে কিবা চিন?”
“আছে আছে, তেওঁৰ সোঁ কাণৰ তলতে পইচা এটাৰ সমান ক’লা ঘূৰণীয়া দাগ এটা আছে। মঙহ বহি যোৱা যেন লাগে।”
“কি কয়!” চক্রাইব মানুহজনীয়ে চিঞৰি উঠিল।
কিয়? কি হ’ল।
নাই মানে মঙহ বহি যোৱা বুলি ক’লে যে… সেয়ে।”
দৃষ্টি শিমলুগুৰিত নামি চিধাই ষ্টেচন মাষ্টৰৰ ওচৰলৈ গৈ ঘটনাটো ক’লে। ৰে’লবে পুলিচে ট্রেইনখনত বিচাৰিবলৈ ধৰিলে। বাৰে বাৰে নামটো
ঘোষণা হ’বলৈ ধৰিলে।
“শেষৰবাৰ ক’ত দেখিছিল?”
“নামতি আলি ষ্টেচনত।”
নামতি আলি, মেজেংগা, নাজিৰা, গোটেইকেইটা ষ্টেচনলৈ খবৰ পঠোৱা হ’ল। ট্রেইনখন ৰোৱাৰ সময়ৰ চি চি টিভি কেমেৰাৰ ফুটেজ চোৱা হ’ল। ফুটেজবোৰ ম’বাইলতে শিমলুগুৰিৰ ষ্টেচন মাষ্টৰলৈ পঠিওৱা হ’ল। দৃষ্টিয়ে বৰ ব্যগ্ৰভাৱে ফুটেজবোৰ চালে। ক’তো তাক দেখা নাপালে।
দৃষ্টি নামি যোৱাৰ পাছত ৰৈ থকা ৰে’লখনৰ ভিতৰত চফ্ৰাইৰ মহিলাগৰাকীয়ে ভজোত জীয়েকৰ ঘৰ থকা শকত মহিলাগৰাকীক ক’লে- “বাইদেউ আমাৰ যে বুঢ়াবোৰে বীৰেন চুৰৰ কাহিনীটো কয়, তাত আৰু এটা কথা কয়। চুৰটোক পুলিচে পথা লগাই লৈ যাওঁতে নকুল সোণাৰিয়ে বোলে এটকীয়া পইচা এটা জুইত বঙাকৈ গৰম কৰি চেপেনাৰে বীৰেন চুৰৰ কাণৰ তলত হেঁচি ধৰিছিল। গোটেই বজাৰত বোলে মঙহ পোৰাৰ গোন্ধ বিয়পি গৈছিল।”
“কি কর!” তেওঁৰ মুখখন মেল খাই গ’ল।
“তাৰমানে…। মানুহজনীক নক’বি হেৰ’ বৰ আজলী তিৰোতা যেন লাগে।”
দৃষ্টিয়ে ৰবীনলৈ ফোন কৰিলে, মৰিয়নিৰ বায়েকলৈ ফোন কৰিলে। দুলীয়াজানৰ ৰিতুকো গোটেই কথাবোৰ ক’লে। দুখ, ভাগৰ আৰু ভয়ে কোঙা কৰি অনা মানুহজনী শিমলুগুৰি ৰে’লৱে পুলিচ থানাৰ বেঞ্চত কোঁচ-মোচ খাই বহি পৰিল, কান্দিবলৈ তাইৰ মনে তাইক সংকেত দিবলৈ পাহৰি গৈছিল। তাই বাৰে বাৰে ভাবিবলৈ ধৰিলে, কোন সময়ত, কোন সময়ত বাৰু মানুহটো বহি থকাৰ পৰা উঠি গৈছিল? তাই কথা শুনাত ইমানেই মচগুল হৈ আছিলনে যে গাতে গা লগাই বহি থকা মানুহটো উঠি যোৱাও নেদেখিলে? ডাঙৰকৈ ফোঁট লৈ থকা মানুহজনীয়ে বাৰু কিবা যাদু-মন্ত্র কৰিলে নেকি?
শিমলুগুৰিৰ পৰা ট্রেইনখন ইতিমধ্যেই এৰি দিছে।
নামতি আলি ষ্টেচনৰ দক্ষিণ দিশত ৰে’লৰ আলিৰেই কেইখোজমান গ’লেই এটা সৰু ডুবি পোৱা যায়। মিটাৰগজ ৰে’ল থাকোঁতে তাতে এটা পুল আছিল, অলপ দূৰৈত ইয়াতকৈ সৰু আন এটা পুল থকাৰ বাবে এই পুলটোক ৰাইজে নাম দিছিল বৰপুল। এই বৰপুলৰ পাৰতে সি পানীলৈ জুমি চাইছে। স্বচ্ছ আকাশ। সৰুপুলৰ পাৰতো পোন্ধৰ বছৰীয়া ল’ৰা এটাই পানীলৈ জুমি চাইছে, সিহঁত এটায়ো নিজৰ প্রতিবিম্বটো দেখা নাই। সি বৰপুলৰ পানী এছাটি মুখলৈ মাৰিলে। লাহে লাহে সকলোবোৰ তাৰ বাবে ফটফটীয়া হৈ পৰিল। সি পেটার্নটো বুজি পালে। অদৃশ্য হোৱাৰ পেটার্নটো। নিজৰ অজানিতেই সি সোঁ কাণৰ তলৰ দাগটো চুই চালে। মঙহ পোৰা গোন্ধ এটা তাৰ নাকত লাগিলহি।
সৰুপুলৰ পৰা ল’ৰাটো উঠিল আৰু আমগুৰিৰ দিশে খোজ ল’লে। সিও উঠিল আৰু উভতি খোজ ল’লে নামতি আলিলৈ। তাক এতিয়া দৃশ্যমান হোৱাৰ কিটিপটো লাগে। সি দৃষ্টিৰ ওচৰলৈ যাব বিচাৰে। প্রিয়া আৰু প্রিঞ্চৰ ওচৰলৈ যাব বিচাৰে। দৃষ্টিয়ে চাগৈ তাক বিচাৰি ফুৰিছে। ষ্টেচনটো তেতিয়া খালী। সি উত্তৰলৈ খোজ ল’লে। বৰপুখুৰীটোৰ পাৰত এটা কুঁৱা থাকিব লাগে দেখোন। আছে কুঁৱাটো। দেবালবোৰ খহি-জহি গৈছে। দেৱালত গজি উঠা আঁহতৰ পুলিটোত খামুচি সি তলৰ লেতেৰা ক’লা পানীখিনিলৈ জুমি চালে। জাবৰ-জোঁথৰবোৰ দ’ম হৈ আছে-একাষে খালী ক’ল্ড ড্রীংকছৰ বটল, মদৰ বটল কেইটামান জিলিকি আছে। আছেনে, আছেনে এই কুঁৱাটোৰ তলিত সোঁপিনে পুখুৰীৰ দিশে সেই গাঁতটো, য’ত সি পুতি থৈছিল তাৰ অতীত? ব্ৰহ্মাণ্ডৰ সমস্ত শক্তিৰে সি চিঞৰি উঠিল। কোনেও নুশুনা সেই চিএলটোৰে সি চিঞৰি থাকিল। চিঞৰি থাকিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















