অসম লাইভ২৪ঃ কাৰ জীৱনলৈ কেতিয়া কি পৰিবৰ্তন আহে কোনেও নাজানে! ব্ৰিটেইনৰ এই যুৱকজনৰ কথাই এক উদাহৰণ। ফুটবলাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল যুৱকজনে। সপোন দেখিছিল প্ৰিমিয়াৰ লীগত খেলাৰ। কিন্তু আমি দেখা সকলো সপোনেই জানো পূৰণ হয়? যুৱকজনৰো স্বপ্নভংগ হৈছিল। সপোন ভাঙিলেও আন এখন পৃথিৱীয়ে তেওঁলৈ যেন হাতবাউল দিলে। নভৱাকৈয়ে সেইখন পৃথিৱীত তেওঁ হৈ উঠিল অজস্ৰ সম্পদৰ গৰাকী। হ’ব খুজিছিল ফুটবলাৰ অৱশেষত হৈছিলগৈ পৰ্ণষ্টাৰ। এয়া আন কোনো নহয় তেওঁ হৈছে নীলা ছবিৰ তাৰকা অভিনেতা ডেনি মাউণ্টেইন। জীৱনৰ বহু উত্থান-পতন হাঁহিমুখে আদৰি লোৱা এইগৰাকী অভিনেতাৰ জীৱন জানো মসৃণ? নহয়, মুঠেও নহয়। প্ৰতি পদতেই যুদ্ধ। বৰ্তমান কিছু জনপ্ৰিয়তা লাভ কৰা অভিনেতাগৰাকীয়ে নিজেই প্ৰকাশ কৰিলে দুৰ্বিসহ সময়ৰ কথা।

ডেনী বৰ্তমান ব্ৰিটেইনৰ সকলোতকৈ ধনী এগৰাকী পৰ্ণ তাৰকা। একোখন নীলা ছবিত অভিনয় কৰাৰ বাবেই ডেনীয়ে লয় বহু পৰিমানৰ পাৰিশ্ৰমিকো। কিন্তু কেনেকৈ ফুটবলাৰ হ’ব খোজা ডেনী হৈছিল পৰ্ণতাৰকা? সৰুৰে পৰাই ফুটবলৰ চখ আছিল ডেনীৰ। আগন্তুক সময়ৰ প্ৰতিশ্ৰুতিসম্পন্ন ফুটবলাৰ বুলি সকলোৱেই তেওঁৰ খেল দেখামাত্ৰকেই কৈছিল। নিজকে প্ৰতিষ্ঠাও কৰিছিল ডেনীয়ে। চেলছি, হেম ইউনাইটেড, টটেনহাম হটস্পাৰৰ দৰে ক্লাবেও নিমন্ত্ৰণ জনাইছিল ডেনীক। কিন্তু সকলোবোৰ নামী-দামী ক্লাৱৰ প্ৰস্তাৱ নাকচ কৰে ডেনীয়ে। প্ৰস্তাৱ নাকচ কৰাৰ প্ৰধান কাৰণ আছিল ১৬ বছৰীয়া প্ৰতিভাৱান খেলুৱৈ ডেনীয়ে খেলৰ সময়তে আঁঠুত গুৰুতৰ আঘাত পাইছিল। আঁঠুৰ আঘাতৰ বাবেই ফুটবলৰ পৰা অনিচ্ছাকৃতভাৱে আঁতৰি আহিছিল ডেনী।

ইয়াৰ পাছতে পৰাই নীলা ছবিৰ পৃথিৱীৰ সৈতে পৰিচয় ঘটে ডেনীৰ। ডেনীয়ে এক সাক্ষাৎকাৰত নীলা ছবিৰ পৃথিৱীত কেনেকৈ প্ৰৱেশ কৰিলে সেই বাখ্যা দাঙি ধৰি কয়, ‘এগৰাকী খুব সুন্দৰী যুৱতীৰ সৈতে মোৰ প্ৰেম হৈছিল। সেই যুৱতীগৰাকীক কেইজনমান এজেণ্টে কাম কৰিবলৈ নিয়াৰ চলেৰে পৰ্ণ ইণ্ডাষ্ট্ৰীত কাম কৰিবলৈ লৈ গৈছিল। তাই নীলা ছবিত কাম কৰিবলৈ মুঠেও ইচ্ছা কৰা নাছিল। ময়ো তাইৰ সৈতে গৈছিলো। অনিচ্ছাস্বত্বেও পৰ্ণ ছবিত কাম কৰাৰ বাবে তাই অডিশ্বন দিলে। সেই সময়তো মই লগতেই আছিলো। এনেই আত্মবিশ্বাসী হ’লেও কেমেৰাৰ সন্মুখত আত্মবিশ্বাস নিজে নিজেই নোহোৱা হৈ গৈছিল। কিন্তু ছবিৰ বাবে তাই যোগ্য বুলি বিবেচিত হ’ল। কামো লাভ কৰিলে।’

প্ৰেয়সীয়ে সেই ছবিত কাম কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতেই ডেনীয়েও সেই ইণ্ডাষ্ট্ৰিত প্ৰৱেশ কৰে। আৰম্ভণিতেই সফলতা লাভ কৰে ডেনীয়ে। ডেনীয়ে এই ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰাৰ লগে লগেই পৰিয়ালৰ লোকে ডেনীক বেয়া ব্যৱহাৰো কৰা হ’ল। সেই সম্পৰ্কেও ডেনীয়ে সাক্ষাতকাৰটোত কয়, ‘মই এই ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰাৰ সময়ত মোৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। মাক মই মোক সিদ্ধান্ত জনাইছিলো। মায়ে সিদ্ধান্ত শুনিয়েই আচৰিত হৈ গৈছিল। ইমান অশ্লীল কাৰ্যকলাপ কিয় কৰিবলৈ গৈছো মায়ে সুধিছিল। মায়ে পাছলৈ স্বাভাৱিকভাৱে কথাবোৰ ল’লেও তেওঁৰ সন্তানে এনে কাম কৰাক লৈ মানসিক সন্তুষ্টি কিন্তু মুঠেও পোৱা নাছিল।’

উল্লেখ্য যে এইসকলোবোৰৰ মাজতেই ডেনী জনপ্ৰিয় হৈ উঠিলেও ডেনীৰ তেজত সিঁপাই আছিল ফুটবলেই। পৰ্ণ ছবিত কাম কৰিলেও ফুটবলপ্ৰেম জীয়াই আছিল ডেনীৰ মনত। সেয়ে সুযোগ পালেই ডেনীয়ে ফুটবল খেলে। কেৱল নিজৰ সুখৰ বাবেই ফুটবল খেলে তেনে নহয়। ডেনী এতিয়া ‘হলীউড অলষ্টাৰ’ ক্লাবৰ লেখত ল’বলগীয়া খেলুৱৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















