• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মত বিষ্ণুৰ ভূমিকা কি?

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মত বিষ্ণুৰ ভূমিকা কি?

2 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

6 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

6 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

6 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

7 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

7 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

7 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

8 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

8 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

8 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

9 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

11 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মত বিষ্ণুৰ ভূমিকা কি?

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মত বিষ্ণুৰ ভূমিকা কি?

editor by editor
February 3, 2025
in জীৱনশৈলী
0
ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মত বিষ্ণুৰ ভূমিকা কি?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি সৰস্বতী পুজা। হিন্দু ধৰ্মত দেৱী সৰস্বতীক বিদ্যা, শিল্প, সংগীত আৰু সাহিত্যৰ দেৱী বুলি কোৱা হয়। তেওঁৰ আৰাধনাত ব্ৰতী হ’লে বিদ্যা-বুদ্ধি লাভ কৰা যায় বুলি লোকবিশ্বাস। ভগৱতী, সাৰদা, বীণাপাণি, বাগেশ্বৰী নামেৰে পৰিচিত দেৱী সৰস্বতী। ঋগ্বেদত সৰস্বতীক মানুহৰ বুদ্ধি, জ্ঞান আৰু মনোবৃত্তিৰ সংৰক্ষক বুলিও কোৱা হয়। শাস্ত্ৰত সৰস্বতীৰ মহিমা বৰ্ণনা কৰা আছে।

হিন্দু ধৰ্ম অনুসৰি বসন্ত পঞ্চমী তিথিত সৰস্বতীৰ জন্ম। প্ৰতি বছৰে এই তিথিত সৰস্বতী পুজা কৰা হয়। কিন্তু কেনেকৈ সৰস্বতীৰ উৎপত্তি? পুৰাণত সৰস্বতীৰ উৎপত্তিৰ কাহিনী সম্পৰ্কে বিশদভাৱে উল্লেখ আছে। পুৰাণত বৰ্ণিত কাহিনী অনুসৰি ব্ৰহ্মাই যেতিয়া জগৎ সংসাৰ ৰচনা কৰি আছিল তেতিয়া তেওঁ বিষ্ণুৰ আদেশত মানুহৰ যোনি আৰু অন্যান্য জীৱৰ সৃষ্টি কৰিছিল। সকলোবোৰ সৃষ্টি কৰাৰ পাছতো চাৰিওফালে আছিল কেৱল নিস্তব্ধ এক পৰিবেশ। বিশ্বৰ এই অৱস্থা দেখি একপ্ৰকাৰ হতাশ হৈ পৰিছিল ব্ৰহ্মা।

ব্ৰহ্মাই তেতিয়া চিন্তা কৰিবলৈ ধৰে যে কেনেকৈ বিশ্বৰ এই নিস্তব্ধতা দূৰ কৰা যায়। তেওঁ তেতিয়াই স্বৰ, বাণীৰ প্ৰয়োজন আছে বুলি ভাৱি বিষ্ণুৰ সৈতে বিষয়টো আলোচনা কৰে। বিষ্ণুৰ সৈতে আলোচনা কৰাৰ পাছত ব্ৰহ্মাই নিজৰ কমণ্ডলৰ পৰা পানী পৃথিৱীত ছটিয়াই দিয়ে। এই পানীৰ কণাই মৰ্ত্যৰ ভূমি স্পৰ্শ কৰাৰ লগে লগেই এক কম্পনৰ সৃষ্টি হয়। এই কম্পনৰ পৰাই চাওঁতে চাওঁতে এক নাৰীৰূপী অদ্ভুত শক্তিৰ সৃষ্টি হয়।

সেই নাৰী শক্তিৰ চাৰিখন হাত। তেওঁৰ এখন হাতত বীণা, এখন হাতত বেদ, এখন হাতত জপ কৰা মালা আৰু এখন হাতত কমণ্ডলু। তেওঁৰ বাহন হৈছে ৰাজহংস। পদ্ম আসনত তেওঁ বহি থাকে। ইয়াৰপাছতেই ব্ৰহ্মাই সেই বিশেষ শক্তিশালী নাৰীক বীণা বজাবলৈ অনুৰোধ কৰে। বীণাৰ মধুৰ স্বৰত সংসাৰৰ সমস্ত জীৱজন্তুৰ মাজত বাণীৰ সঞ্চাৰ হয়। স্তব্ধ জলধাৰাৰ কোলাহল আৰম্ভ হয়। বতাহতো শুনিবলৈ পোৱা যায় বিশেষ স্বৰ। অৰ্থাৎ বতাহ বলাৰো শব্দ শুনিবলৈ পোৱা যায়। এই শক্তিৰ উৎপত্তিৰ পাছতেই জগৎ সংসাৰত বাণীৰ সঞ্চাৰ হয়। সেই বিশেষ নাৰীশক্তিৰ নাম ব্ৰহ্মাই সৰস্বতী ৰাখে। বিশ্বক বিদ্যা আৰু বুদ্ধি তেওঁ প্ৰদান কৰিব বুলিও জনাই। শাস্ত্ৰমতে সৰস্বতীৰ পৰাই সংগীতৰো উৎপত্তি। সেয়ে তেওঁক সংগীত দেৱী বুলিও কোৱা হয়।

শাস্ত্ৰ অনুসৰি বসন্ত পঞ্চমী তিথিত সৰস্বতীৰ উৎপত্তি। সেয়ে প্ৰতি বছৰে এই তিথিত সৰস্বতী দেৱীক আৰাধনা কৰা হয়। ইয়াৰোপৰি সৰস্বতী পুজাৰ কাৰণ সম্পৰ্কে পুৰাণত আন এক কাহিনীও উল্লেখ আছে। পুৰাণ অনুসৰি কৃষ্ণ দেৱী সৰস্বতীৰ প্ৰতি মুগ্ধ হৈছিল। তাৰপাছতেই তেওঁ আশীৰ্বাদ দিয়ে যে যিসকলে বসন্ত পঞ্চমী তিথিত সৰস্বতীক আৰাধনা কৰিব তেওঁলোকে বিদ্যা আৰু শিল্পত নিপুণ হৈ উঠিব। তাৰপিছৰে পৰাই প্ৰতি বসন্ত পঞ্চমী তিথিত ব্ৰহ্মবিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পুজা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
Next Post
মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?

মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?

১২লাখ পৰ্যন্ত আয়ত টেক্স শূন্য, ৮ৰ পৰা ১২ লাখত ১০শতাংশ টেক্স তেন্তে কি?

১২লাখ পৰ্যন্ত আয়ত টেক্স শূন্য, ৮ৰ পৰা ১২ লাখত ১০শতাংশ টেক্স তেন্তে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.