বিপুল ভোটেৰে অসমত পুনৰ এবাৰ বিজেপি চৰকাৰ৷ ঐতিহাসিক বিজয়ক্ষণত সংবাদমাধ্যমৰ আগত প্ৰথমবাৰৰ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই৷ হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমক উদ্দেশ্যি কৈছে-
আমি অত্যন্ত বিনম্ৰতাৰে ক’ব খোজো যে আমি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব৷ দ্বিতীয়বাৰৰ বাবে আমাৰ চৰকাৰ গঠন হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঐতিহাসিক বিজয়ক্ষণত কৃতজ্ঞতা জনাইছো৷ জুবিন গাৰ্গক লৈ আমি নিৰ্বাচনত ৰাজনীতি কৰা নাই৷ কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা৷ তিনি গগৈ শব্দটোৱে আমাৰ জাতিটোক ভাগ কৰাৰ ষড়যন্ত্ৰ আছিল৷ আমাৰ ইয়াত জাতি, বৰ্ণৰ ৰাজনীতি নহয়৷ উপাধীৰ সৈতে ইয়াত ৰাজনীতি কৰাটো আমাৰ বাবে নজনা, নুশুনা ৰাজনীতি৷ ইতিহাসত উপাধীৰে ৰাজনীতি কৰাৰ নজিৰ নাই৷ এইবাৰ প্ৰথম উপাধি লৈ ৰাজনীতি কৰিব খুজিছিল সেয়া ৰাইজে প্ৰত্যাখান কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















