দুৰ্গাপূজাৰ প্ৰথমাৰ পৰাই আৰম্ভ হয় নৱৰাত্ৰি উৎসৱ, দশেৰা অৰ্থাৎ দশমী পৰ্যন্ত৷ নৱৰাত্ৰীৰ এই ৯ দিনত দেৱী দুৰ্গাৰ ৯ ৰূপৰ মাহাত্ম্য সম্পৰ্কে জানি থওক সবিশেষ৷
শৈলপুত্ৰী
নৱৰাত্ৰিৰ প্ৰথম দিন অৰ্থাৎ প্ৰতিপদ তিথিত শৈলপুত্ৰীৰূপে পূজা কৰা হয় মা দুৰ্গাৰ৷ মা সতীৰ পুনৰ্জন্মৰ ৰূপ হিচাপে ধৰা হয় এই ৰূপক৷ এই দেৱীৰ সোঁ হাতত থাকে ত্ৰিশূল আৰু বাওঁ হাতত থাকে পদুম৷ দেৱাদিদেৱ মহাদেৱৰ দৰে মূৰত থাকে অৰ্ধচন্দ্ৰ৷ শৈলপুত্ৰীক সংগ দিয়ে স্বয়ং নন্দীয়ে৷
ব্ৰহ্মচাৰীণী
নৱৰাত্ৰিৰ দ্বিতীয় দিনত মা দুৰ্গা পূজিত হয় দেৱী দুৰ্গা ৰূপে৷ এই দেৱীক শান্তি, সিদ্ধি আৰু মোক্ষৰ দেৱী বুলি ধাৰণা কৰা হয়৷ এই দেৱীৰ এহাতত থাকে কমণ্ডলু আৰু আনখন হাতত থাকে জপ মালা৷
চন্দ্ৰঘণ্টা
নৱৰাত্ৰিৰ তৃতীয় দিনত চন্দ্ৰ ঘণ্টাৰ ৰূপত দেৱীৰ পূজা কৰা হয়৷ এই দেৱী সাহসৰ প্ৰতীক বুলি ধাৰণা কৰা হয়৷
কুষ্মাণ্ডা
চতুৰ্থ দিনত মা দুৰ্গাক পূজা কৰা হয় কুষ্মাণ্ডা ৰূপে৷ এই দেৱীৰ ৮খন হাত থাকে বাবে এই দেৱীক কোৱা হয় অষ্টসিদ্ধিধাত্ৰী৷ সিংহৰ ওপৰত বহে এই দেৱী৷
স্কন্দমাতা
পঞ্চমী তিথিত স্কন্দমাতাৰূপে পূজিত হয় এই দেৱী৷ বহুতেই নাজানে এই দেৱীক কাৰ্তিকৰ জননী বুলিও জনাজাত৷ এই চতুৰ্ভূজা দেৱীও সিংহৰ ওপৰত বহি থাকে৷
কাত্যায়নী
ষষ্ঠীৰ দিনত দেৱীক পুজা কৰা হয় কাত্যায়ণী ৰূপে৷ এই ৰূপেৰেই দেৱী দুৰ্গাই অসুৰক বধ কৰিছিল৷
কালৰাত্ৰি
সপ্তমী তিথিত কালৰাত্ৰি ৰূপে মা দুৰ্গাক পূজা কৰা হয়৷ এই ৰূপে যেনেকৈ একাধাৰে হিংস্ৰ অন্যহাতে ই ভীষণ ভয়ংকৰ৷ এই ৰূপেই মহিষাসুৰৰ দুই সহচৰ শম্ভূ-নিশম্ভূক হত্যা কৰিছিল দেৱী দুৰ্গাই৷
মহাগৌৰী
মহাষ্টমীৰ দিনা মা দুৰ্গাৰ পূজা কৰা হয় মহাগৌৰী ৰূপত৷ এই দেৱীক বুদ্ধিমত্তা আৰু শান্তিৰ ৰূপ বুলি ধাৰণা কৰা হয়৷
সিদ্ধিদাত্ৰী
নৱমী তিথিত মা দুৰ্গাক সিদ্ধিধাত্ৰী ৰূপে পূজা কৰা হয়৷ সিংহবাহিনী এই দেৱী হৈছে চতুৰ্ভূজা৷ দেৱীক সিদ্ধি, সফলতা আৰু পৰিপূৰ্ণতাৰ ৰূপ বুলি ধাৰণা কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















