ব’ৰ’লিন—নামটো শুনিলেই বহু ভাৰতীয়ৰ মনলৈ আহে এটা চিনাকি সেউজীয়া টিউব। প্ৰায় এশ বছৰ ধৰি এই সেউজীয়া টিউবটোৱে প্ৰায় প্ৰতিটো ভাৰতীয় পৰিয়ালত নিজৰ এক বিশেষ স্থান দখল কৰি আহিছে। সৰু-সুৰা কটা-ছিঙা, পোৰা লগা, ছালৰ বিভিন্ন সমস্যাৰ পৰা আৰম্ভ কৰি দৈনন্দিন ছালৰ যত্নলৈকে ব’ৰ’লিন বহু পৰিয়ালৰ এতিয়াও নিৰ্ভৰযোগ্য ঘৰুৱা সামগ্ৰী।
‘ব’ৰ’লিন-এছপলিন এৰিলি’ শীৰ্ষক জুবিন দাৰ সেই বিখ্যাত বিহুটো নিশ্চয়কৈ সকলোৰে মনত আছে। গানটোৰ কথাখিনিৰ সম্পূৰ্ণ বিপৰীত ছবি এখন প্ৰায় প্ৰতিটো ভাৰতীয় পৰিয়ালত এতিয়াও দেখা পোৱা যায়। বিভিন্ন আধুনিক এণ্টিছেপ্টিক ক্ৰীম বা তেনে সমযোগ্য অন্যান্য সামগ্ৰী থাকিলেও ভৰসাৰ প্ৰতীক হিচাপে ব’ৰ’লিনৰ এটা টিউব ৰখাটো প্ৰতিটো পৰিয়ালৰেই নিয়মত পৰিণত হৈ আহিছে। ভাৰতীয় পৰিয়ালসমূহৰ এই অঘোষিত নিয়মটো আৰম্ভ হৈছিল স্বাধীনতাৰো প্ৰায় ২০ বছৰ পূৰ্বৰ পৰাই। আত্মনিৰ্ভৰ ভাৰতৰ চিন্তা-চেতনাৰ বীজ তেতিয়াই ৰোপণ হৈছিল, যেতিয়া ভাৰতে ইংৰাজৰ শোষণ আৰু শাসনৰ তলত বাস কৰিছিল।
১৯২৯ চনত আৰম্ভ হৈছিল ব’ৰ’লিনৰ যাত্ৰা
১৯২৯ চনত কলকাতাৰ ব্যৱসায়ী গৌৰমোহন দত্তই প্ৰতিষ্ঠা কৰা জি ডি ফাৰ্মাচিউটিকেলছৰ জৰিয়তে ব’ৰ’লিনৰ যাত্ৰা আৰম্ভ হৈছিল। সেই সময়ত দেশত স্বদেশী ভাবধাৰা আৰু আত্মনিৰ্ভৰশীলতাৰ চিন্তা যথেষ্ট শক্তিশালী আছিল। এই পৰিৱেশতে ভাৰতীয়সকলৰ বাবে সুলভ মূল্যত থলুৱা সামগ্ৰী প্ৰস্তুত কৰাৰ লক্ষ্যৰে ব’ৰ’লিনৰ জন্ম হৈছিল। ব’ৰ’লিন নামটো ‘Boric Acid’ৰ ‘Bor’ আৰু লেটিন শব্দ ‘Oleum’ অৰ্থাৎ তেলৰ পৰা ‘Olin’ অংশ লৈ গঠন কৰা বুলি কোৱা হয়। বৰিক এচিড, জিংক অক্সাইড, লেনলিন আদি উপাদান ব্যৱহাৰ কৰি এই এণ্টিচেপ্টিক ক্ৰীম প্ৰস্তুত কৰা হৈছিল। সেই সময়ত ভাৰতীয় বজাৰত বিদেশী সামগ্ৰীৰ প্ৰভাৱ আছিল যথেষ্ট। এনে পৰিস্থিতিত দেশতে প্ৰস্তুত কৰা ব’ৰ’লিন কেৱল এটা ক্ৰীম হৈ নাথাকি স্বদেশী সামগ্ৰীৰ এক প্ৰতীক হিচাপেও পৰিচিত হৈ পৰিছিল। ব’ৰ’লিনৰ পেকেটত থকা হাতীৰ প্ৰতীকটোৱেও ইয়াক সহজে চিনাক্ত কৰাত সহায় কৰিছিল। বিশেষকৈ সেই সময়ৰ গ্ৰাম্য আৰু কম শিক্ষিত লোকসকলৰ মাজতো এই প্ৰতীকটো সহজে মনত ৰৈ গৈছিল।
বিজ্ঞাপনৰ সলনি মানুহৰ বিশ্বাসেই আছিল শক্তি
ব’ৰ’লিনে আৰম্ভণিৰে পৰা আজিৰ দৰে বৃহৎ বিজ্ঞাপন অভিযানৰ ওপৰত নিৰ্ভৰ কৰা নাছিল। ব্যৱহাৰকাৰীৰ অভিজ্ঞতা আৰু বিশ্বাসৰ জৰিয়তেই সামগ্ৰীটোৱে ধীৰে ধীৰে জনপ্ৰিয়তা লাভ কৰিছিল।স্বাধীনতাৰ সময়ছোৱাতো ব’ৰ’লিনৰ সৈতে এক বিশেষ ঘটনা জড়িত হৈ আছে। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশৰ প্ৰথম স্বাধীনতা দিৱস উদযাপনৰ সময়ত কোম্পানীটোৱে প্ৰায় এক লাখ ব’ৰ’লিনৰ টিউব বিনামূলীয়াকৈ বিতৰণ কৰিছিল বুলি উল্লেখ পোৱা যায়। এই পদক্ষেপে ব’ৰ’লিনক সাধাৰণ মানুহৰ সৈতে আৰু অধিক ওচৰলৈ লৈ গৈছিল।
৯০ৰ দশকত আহিছিল বৃহৎ প্ৰত্যাহ্বান
১৯৯০ৰ দশকত ভাৰতীয় বজাৰত বহু বিদেশী ব্ৰেণ্ডৰ প্ৰৱেশ ঘটিছিল। নিভিয়া, ভেচলিন আদি আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে প্ৰতিযোগিতা বাঢ়ি গৈছিল। ছালৰ যত্নৰ ক্ষেত্ৰখনতো নতুন নতুন সামগ্ৰী বজাৰত আহিবলৈ ধৰিলে। ইয়াৰ মাজতে ব’ৰ’লিনে আন এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল। নব্বৈৰ দশকৰ আৰম্ভণিতে মূল্য নিয়ন্ত্ৰণ সম্পৰ্কীয় চৰকাৰী ব্যৱস্থাৰ ফলত ইয়াৰ উৎপাদন প্ৰায় দুবছৰৰ বাবে বন্ধ হৈ পৰিছিল। ফলত বজাৰৰ পৰা ব’ৰ’লিন প্ৰায় নোহোৱা হৈ গৈছিল। কিন্তু পুনৰ উৎপাদন আৰম্ভ হোৱাৰ পিছত গ্ৰাহকে ইয়াক আগৰ দৰেই আদৰি লয়। ইয়াৰ পিছত ব’ৰ’লিনৰ বিক্ৰী দ্ৰুতগতিত বৃদ্ধি পোৱাটোৱে সামগ্ৰীটোৰ সৈতে গ্ৰাহকৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথাই প্ৰকাশ কৰে।
প্ৰায় এশ বছৰৰ পৰিক্ৰমা
১৯২৯ চনৰ পৰা আৰম্ভ হোৱা ব’ৰ’লিনৰ যাত্ৰা এতিয়া প্ৰায় এশ বছৰৰ কাষ চাপিছে। স্বদেশী সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিদেশী ব্ৰেণ্ডৰ সৈতে প্ৰতিযোগিতা, উৎপাদন বন্ধ হোৱা আৰু পুনৰ বজাৰলৈ ঘূৰি অহা—এই সকলোবোৰ পৰ্যায় পাৰ হৈও ব’ৰ’লিনে নিজৰ চিনাকি অটুট ৰাখিছে। ব’ৰ’লিন এতিয়াও বহু ভাৰতীয়ৰ বাবে কেৱল এটা ক্ৰীম নহয়; ই শৈশৱ, পৰিয়াল আৰু পুৰণি দিনৰ স্মৃতিৰ সৈতেও জড়িত। সময় সলনি হৈছে, ছালৰ যত্নৰ বজাৰ সলনি হৈছে, নতুন নতুন ব্ৰেণ্ড আহিছে। তথাপি ব’ৰ’লিনে প্ৰমাণ কৰি আহিছে যে দীৰ্ঘদিনীয়া গ্ৰাহকৰ বিশ্বাস আৰু এটা চিনাকি পৰিচয় কোনো ব্ৰেণ্ডৰ বাবে কিমান মূল্যৱান হ’ব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















