• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

3 weeks ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

1 hour ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

2 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

15 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

15 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

16 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

16 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

17 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

18 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

18 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

18 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

20 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

শতবৰ্ষৰ দুৱাৰডলিত প্ৰথমটো দেশী এণ্টিছেপ্টিক ক্ৰীমৰ কাহিনী

editor by editor
September 26, 2026
in বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব’ৰ’লিন—নামটো শুনিলেই বহু ভাৰতীয়ৰ মনলৈ আহে এটা চিনাকি সেউজীয়া টিউব। প্ৰায় এশ বছৰ ধৰি এই সেউজীয়া টিউবটোৱে প্ৰায় প্ৰতিটো ভাৰতীয় পৰিয়ালত নিজৰ এক বিশেষ স্থান দখল কৰি আহিছে। সৰু-সুৰা কটা-ছিঙা, পোৰা লগা, ছালৰ বিভিন্ন সমস্যাৰ পৰা আৰম্ভ কৰি দৈনন্দিন ছালৰ যত্নলৈকে ব’ৰ’লিন বহু পৰিয়ালৰ এতিয়াও নিৰ্ভৰযোগ্য ঘৰুৱা সামগ্ৰী।

‘ব’ৰ’লিন-এছপলিন এৰিলি’ শীৰ্ষক জুবিন দাৰ সেই বিখ্যাত বিহুটো নিশ্চয়কৈ সকলোৰে মনত আছে। গানটোৰ কথাখিনিৰ সম্পূৰ্ণ বিপৰীত ছবি এখন প্ৰায় প্ৰতিটো ভাৰতীয় পৰিয়ালত এতিয়াও দেখা পোৱা যায়। বিভিন্ন আধুনিক এণ্টিছেপ্টিক ক্ৰীম বা তেনে সমযোগ্য অন্যান্য সামগ্ৰী থাকিলেও ভৰসাৰ প্ৰতীক হিচাপে ব’ৰ’লিনৰ এটা টিউব ৰখাটো প্ৰতিটো পৰিয়ালৰেই নিয়মত পৰিণত হৈ আহিছে। ভাৰতীয় পৰিয়ালসমূহৰ এই অঘোষিত নিয়মটো আৰম্ভ হৈছিল স্বাধীনতাৰো প্ৰায় ২০ বছৰ পূৰ্বৰ পৰাই। আত্মনিৰ্ভৰ ভাৰতৰ চিন্তা-চেতনাৰ বীজ তেতিয়াই ৰোপণ হৈছিল, যেতিয়া ভাৰতে ইংৰাজৰ শোষণ আৰু শাসনৰ তলত বাস কৰিছিল।

১৯২৯ চনত আৰম্ভ হৈছিল ব’ৰ’লিনৰ যাত্ৰা

১৯২৯ চনত কলকাতাৰ ব্যৱসায়ী গৌৰমোহন দত্তই প্ৰতিষ্ঠা কৰা জি ডি ফাৰ্মাচিউটিকেলছৰ জৰিয়তে ব’ৰ’লিনৰ যাত্ৰা আৰম্ভ হৈছিল। সেই সময়ত দেশত স্বদেশী ভাবধাৰা আৰু আত্মনিৰ্ভৰশীলতাৰ চিন্তা যথেষ্ট শক্তিশালী আছিল। এই পৰিৱেশতে ভাৰতীয়সকলৰ বাবে সুলভ মূল্যত থলুৱা সামগ্ৰী প্ৰস্তুত কৰাৰ লক্ষ্যৰে ব’ৰ’লিনৰ জন্ম হৈছিল। ব’ৰ’লিন নামটো ‘Boric Acid’ৰ ‘Bor’ আৰু লেটিন শব্দ ‘Oleum’ অৰ্থাৎ তেলৰ পৰা ‘Olin’ অংশ লৈ গঠন কৰা বুলি কোৱা হয়। বৰিক এচিড, জিংক অক্সাইড, লেনলিন আদি উপাদান ব্যৱহাৰ কৰি এই এণ্টিচেপ্টিক ক্ৰীম প্ৰস্তুত কৰা হৈছিল। সেই সময়ত ভাৰতীয় বজাৰত বিদেশী সামগ্ৰীৰ প্ৰভাৱ আছিল যথেষ্ট। এনে পৰিস্থিতিত দেশতে প্ৰস্তুত কৰা ব’ৰ’লিন কেৱল এটা ক্ৰীম হৈ নাথাকি স্বদেশী সামগ্ৰীৰ এক প্ৰতীক হিচাপেও পৰিচিত হৈ পৰিছিল। ব’ৰ’লিনৰ পেকেটত থকা হাতীৰ প্ৰতীকটোৱেও ইয়াক সহজে চিনাক্ত কৰাত সহায় কৰিছিল। বিশেষকৈ সেই সময়ৰ গ্ৰাম্য আৰু কম শিক্ষিত লোকসকলৰ মাজতো এই প্ৰতীকটো সহজে মনত ৰৈ গৈছিল।

বিজ্ঞাপনৰ সলনি মানুহৰ বিশ্বাসেই আছিল শক্তি

ব’ৰ’লিনে আৰম্ভণিৰে পৰা আজিৰ দৰে বৃহৎ বিজ্ঞাপন অভিযানৰ ওপৰত নিৰ্ভৰ কৰা নাছিল। ব্যৱহাৰকাৰীৰ অভিজ্ঞতা আৰু বিশ্বাসৰ জৰিয়তেই সামগ্ৰীটোৱে ধীৰে ধীৰে জনপ্ৰিয়তা লাভ কৰিছিল।স্বাধীনতাৰ সময়ছোৱাতো ব’ৰ’লিনৰ সৈতে এক বিশেষ ঘটনা জড়িত হৈ আছে। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশৰ প্ৰথম স্বাধীনতা দিৱস উদযাপনৰ সময়ত কোম্পানীটোৱে প্ৰায় এক লাখ ব’ৰ’লিনৰ টিউব বিনামূলীয়াকৈ বিতৰণ কৰিছিল বুলি উল্লেখ পোৱা যায়। এই পদক্ষেপে ব’ৰ’লিনক সাধাৰণ মানুহৰ সৈতে আৰু অধিক ওচৰলৈ লৈ গৈছিল।

৯০ৰ দশকত আহিছিল বৃহৎ প্ৰত্যাহ্বান

১৯৯০ৰ দশকত ভাৰতীয় বজাৰত বহু বিদেশী ব্ৰেণ্ডৰ প্ৰৱেশ ঘটিছিল। নিভিয়া, ভেচলিন আদি আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে প্ৰতিযোগিতা বাঢ়ি গৈছিল। ছালৰ যত্নৰ ক্ষেত্ৰখনতো নতুন নতুন সামগ্ৰী বজাৰত আহিবলৈ ধৰিলে। ইয়াৰ মাজতে ব’ৰ’লিনে আন এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল। নব্বৈৰ দশকৰ আৰম্ভণিতে মূল্য নিয়ন্ত্ৰণ সম্পৰ্কীয় চৰকাৰী ব্যৱস্থাৰ ফলত ইয়াৰ উৎপাদন প্ৰায় দুবছৰৰ বাবে বন্ধ হৈ পৰিছিল। ফলত বজাৰৰ পৰা ব’ৰ’লিন প্ৰায় নোহোৱা হৈ গৈছিল। কিন্তু পুনৰ উৎপাদন আৰম্ভ হোৱাৰ পিছত গ্ৰাহকে ইয়াক আগৰ দৰেই আদৰি লয়। ইয়াৰ পিছত ব’ৰ’লিনৰ বিক্ৰী দ্ৰুতগতিত বৃদ্ধি পোৱাটোৱে সামগ্ৰীটোৰ সৈতে গ্ৰাহকৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথাই প্ৰকাশ কৰে।

প্ৰায় এশ বছৰৰ পৰিক্ৰমা

১৯২৯ চনৰ পৰা আৰম্ভ হোৱা ব’ৰ’লিনৰ যাত্ৰা এতিয়া প্ৰায় এশ বছৰৰ কাষ চাপিছে। স্বদেশী সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিদেশী ব্ৰেণ্ডৰ সৈতে প্ৰতিযোগিতা, উৎপাদন বন্ধ হোৱা আৰু পুনৰ বজাৰলৈ ঘূৰি অহা—এই সকলোবোৰ পৰ্যায় পাৰ হৈও ব’ৰ’লিনে নিজৰ চিনাকি অটুট ৰাখিছে। ব’ৰ’লিন এতিয়াও বহু ভাৰতীয়ৰ বাবে কেৱল এটা ক্ৰীম নহয়; ই শৈশৱ, পৰিয়াল আৰু পুৰণি দিনৰ স্মৃতিৰ সৈতেও জড়িত। সময় সলনি হৈছে, ছালৰ যত্নৰ বজাৰ সলনি হৈছে, নতুন নতুন ব্ৰেণ্ড আহিছে। তথাপি ব’ৰ’লিনে প্ৰমাণ কৰি আহিছে যে দীৰ্ঘদিনীয়া গ্ৰাহকৰ বিশ্বাস আৰু এটা চিনাকি পৰিচয় কোনো ব্ৰেণ্ডৰ বাবে কিমান মূল্যৱান হ’ব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bussiness
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?
বাণিজ্য

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

October 19, 2026
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক
বিনোদন

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

October 19, 2026
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে
বাণিজ্য

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

October 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
Next Post
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ'ব এই ৫ ৰাশিৰ ভাগ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.