• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

3 weeks ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

41 minutes ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

1 hour ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

2 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

2 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

3 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

6 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

7 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

7 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

7 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

জানক ঘটনাৰ শিহৰণকাৰী বিৱৰণ

editor by editor
September 26, 2026
in অপৰাধ, অসম, লেখা
0
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ গঢ়লত সংঘটিত নিমিষা ঠাকুৰীয়া নামৰ ২২ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে। ঘটনাটোৰ তদন্ত আগবঢ়াৰ সমান্তৰালভাৱে দণ্ডাধীশৰ ৰিপোৰ্টত পোহৰলৈ অহা বুলি উল্লেখ কৰা কেতবোৰ তথ্যই আৰু অধিক ভয়ংকৰ আৰু শিহৰণকাৰী। তথ্য অনুসৰি, যুৱতীগৰাকীৰ ওঁঠ, গল, বুকু আৰু গোপন অংগত আঘাতৰ চিন পোৱা গৈছে বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ। নিশা গুৰুতৰভাৱে আহত অৱস্থাত যুৱতীগৰাকীক গঢ়ল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ (PHC) লৈ যোৱা হৈছিল। পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে GMCHলৈ স্থানান্তৰ কৰা হয় যদিও চিকিৎসকে মৃ*ত ঘোষণা কৰে।

পোহৰলৈ আহিছে নতুন তথ্য

ঘটনাৰ তদন্তত সংশ্লিষ্ট হোমষ্টেৰ ১০ নম্বৰ কোঠাটোক লৈও তথ্য পোহৰলৈ আহিছে। দিয়া তথ্য অনুসৰি, নিমিষা-আছিকে হোমষ্টেৰ ১০ নম্বৰ কোঠাটো বুক কৰিছিল। নিশা দুয়োজনে এক প্লেট Egg curry থালী অৰ্ডাৰ কৰিছিল বুলিও হোমষ্টেৰ কৰ্মচাৰীয়ে মন্তব্য কৰে। আনহাতে, নিশা প্ৰায় ৩ বজাত আছিকে হোমষ্টেৰ কৰ্মচাৰীক কান্দি কান্দি মাতিছিল বুলিও কৰ্মচাৰীজনেয়ে মন্তব্য কৰা বুলি জানিব পৰা গৈছে। নিমিষা আৰু আছিক মাজে-সময়ে এই হোমষ্টেলৈ আহিছিল বুলিও কৰ্মচাৰীজনে উল্লেখ কৰে। এই তথ্যসমূহে ঘটনাৰ সময়ৰ গতিবিধি আৰু হোমষ্টেত নিমিষা আৰু আছিকৰ উপস্থিতিৰ বিষয়ে তদন্তকাৰী আৰক্ষীক কিছু গুৰুত্বপূৰ্ণ সূত্ৰ দিব পাৰে।

ইপিনে, ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নিশা প্ৰায় ৪ বজাত গঢ়লত এই ঘটনাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। সংকটজনক অৱস্থাত নিমিষা ঠাকুৰীয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত GMCHৰ চিকিৎসকে তেওঁক মৃ*ত ঘোষণা কৰে। ঘটনাটোৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱা যুৱকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে আৰু আৰক্ষীয়ে জেৰা চলাই আছে। সমগ্ৰ ঘটনাটোৰ পুংখানুপুংখ তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

পিতৃৰ ভাষ্যত ঘটনাৰ বিৱৰণ

নিমিষাৰ পিতৃয়ে জানিবলৈ দিয়া মতে, সন্ধিয়া প্ৰায় ৫ বজাত বান্ধৱীৰ ঘৰলৈ যাম বুলি কৈ নিমিষা ঘৰৰ পৰা ওলাই গৈছিল। স্কুটাৰত তেল ভৰোৱা আৰু আনুসংগিক খৰচৰ বাবে পিতৃৰ পৰা নিমিষাই ২,০০০ টকা লৈছিল। নিশা দেৰি হ’লে বান্ধৱীৰ হোষ্টেলতে থাকিব বুলি নিমিষাই পৰিয়ালক জনাইছিল। নিশা প্ৰায় ১০ বজাতো নিমিষাই হোষ্টেলতে থাকিব বুলি ঘৰত জনোৱা বুলি পিতৃয়ে কয়। কিন্তু নিশা প্ৰায় ২ বজাত নিমিষাই মাতৃলৈ ফোন কৰে। সেই ফোনকলত নিমিষাই, ‘মা, মোক বুকুত গুৰিয়াইছে’ আৰু ‘মই উশাহ লোৱাত কষ্ট পাইছো’ বুলি কোৱা বুলি পিতৃয়ে জানিবলৈ দিয়ে। পৰিয়ালৰ মতে, সেইটোৱেই আছিল নিমিষাৰ সৈতে হোৱা শেষ কথোপকথন।

আজাৰা, মালিগাঁৱত তীব্ৰ প্ৰতিবাদ

ঘটনাটোৰ পিছতে মালিগাঁৱতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়। প্ৰতিবাদকাৰীসকলে ঘটনাটোৰ ন্যায়সংগত তদন্ত আৰু দোষীৰ কঠোৰ শাস্তিৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে ‘লাভ জেহাদ বন্ধ কৰক’ আৰু ‘নিমিষা কাণ্ডৰ ঘাতক আছিক আলীক চৰম শাস্তি দিয়ক’ আদি শ্লোগান দিয়ে। ইফালে, আৰক্ষীৰ তদন্ত অব্যাহত আছে। নিমিষাৰ মৃত্যুৰ প্ৰকৃত কাৰণ, তেওঁৰ শৰীৰত আঘাত কেনেকৈ আৰু কেতিয়া হৈছিল, ঘটনাস্থলত উপস্থিত আন লোকসকলৰ ভূমিকা আছিল নেকি—এই সকলো দিশ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24ghy murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি
বিনোদন

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

October 18, 2026
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?
প্ৰযুক্তি

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

October 18, 2026
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!
বাণিজ্য

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

October 18, 2026
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?
প্ৰযুক্তি

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

October 18, 2026
Next Post
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ'ব এই ৫ ৰাশিৰ ভাগ্য!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.